আপুনি যদি সফল হ’ব বিচাৰে আপোনাৰ কমিউনিকেচন স্কিল (যোগাযোগৰ দক্ষতা) খুব ভাল হ’ব লাগিব৷ আপুনি যদি জীৱনত এক উচ্চস্তৰৰ পর্যায় পাব বিচাৰে তেন্তে কমিউনিকেচন দক্ষতাবোৰে আপোনাক তাত উপস্থিত হ’বলৈ সহায় কৰিব৷ ইয়াত আমি ৫ টা এনে কমিউনিকেচন দক্ষতাৰ কথা আলোচনা কৰিম যিয়ে অকল আপোনাক নিজকে বুজি পোৱাতে সহায় নকৰে, লগতে ই আন মানুহকো বুজি পোৱাত সহায় কৰিব আৰু সি আপোনাক যি কৰিব বিচাৰে তাতে সফল হোৱাত সহায় কৰিব৷
আপুনি আনৰ লগত কেনেদৰে বেছি ভালকৈ যোগাযোগ কৰিব পাৰে সেয়া চাও আহক৷
ফ্ৰেমিং
আপুনি আপোনাৰ কথাটো (মেচেজ) কেনেদৰে গঠন কৰে বা ফ্ৰেম কৰে সেই কথাটো সফল যোগাযোগৰ বাবে অতীব প্ৰয়োজনীয়৷ পেকেজিং বৰ গুৰুত্বপূর্ণ৷ আপোনাৰ কথাবোৰ ভালদৰে সজাই লোৱাটো বৰ গুৰুত্বপূর্ণ যদিহে আপুনি বিচৰা উত্তৰ বা প্ৰত্যুত্তৰ পাবলৈ বিচাৰে৷ অকণমান অভ্যাস কৰিব লাগিব, কিন্তু মানুহে এক ধৰণৰ কথা, প্ৰশ্ন, অনুৰোধৰ ক্ষেত্ৰত কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া শিকিব পাৰি৷ তাৰ পিছত সেই কথা, প্ৰশ্ন, অনুৰোধ লাহে লাহে আৰু ভাল কৰি আহিব পাৰি যাতে আপুনি তাৰ জৰিয়তে বিচৰা ফলাফল পায়৷
মিৰৰিং
মানুহে নিজৰ নিচিনা একে ধৰণৰ আন মানুহক ভাল পায়৷ মিৰৰিং এবিধ কমিউনিকেচন কৌশল যত আপুনি আনজন মানুহে যিদৰে যোগাযোগ কৰি আছে তাক অনুকৰণ কৰে৷ আপুনি তেওঁৰ কথা কোৱাৰ ভংগী, বডী লেংগুৱেজ, হাতৰ অংগী-ভংগী, চকুৰ চলন, আৰু আনবোৰ কথা মন কৰিব আৰু নিজে কপী কৰি একেবাৰে তেনেদৰে ব্যৱহাৰ কৰিব৷ তাৰমানে মানুহজনক ঠাট্টা কৰা নহয়, কাৰণ আপুনি সেয়া কৰিব বিচৰা নাই৷ আপুনি মাত্ৰ আনজন মানুহ যি অৱস্থাত আৰু চিন্তাত আছে তাত নিজকে প্ৰক্ষেপ কৰিব বিচাৰিছে৷ ই এনেকুৱা যেন আনজন মানুহে এখন আইনাৰ সন্মুখত থিয় হৈ আছে আৰু নিজকে তাত দেখি আছে৷
সহমর্মিতা
সহমর্মিতা হ’ল নিজকে আনজন মানুহৰ ঠাইত থিয় কৰাই চোৱা বা তেওঁৰ জোতাত নিজৰ ভৰি সুমুৱাই চোৱা৷ আপুনি যদি আন এজন মানুহৰ দৃষ্টিভংগী বা পৰিপ্ৰেক্ষিতৰ পৰা নিজকে চাব পাৰে, আৰু তেওঁ কেনে অনুভৱ কৰি আছে, তেন্তে আপুনি তেওঁৰ লগত সহমর্মিতা অনুভৱ কৰিব পাৰে৷ সহমর্মিতা থাকিলে আন মানুহে যি অনুভৱ কৰে সেয়া অনুভৱ কৰিব পাৰিব, তেওঁলোকে কিয় তেনে অনুভৱ কৰিছে সেয়া বুজিব পাৰে, আৰু আনৰ লগত অভিজ্ঞতা আৰু চিন্তাৰ জৰিয়তে আনৰ লগত একে অনুভৱ কৰিব পাৰে৷ ই আপোনাৰ কমিউনিকেচন দক্ষতা বৃদ্ধি কৰিব কাৰণ আপুনি আনজন মানুহে কৰি অনুভৱ কৰিছে বা কৰিব সেয়া বুজিবলৈ চেষ্টা কৰি কমিউনিকেচন কৰে৷ আপোনাৰ যোগাযোগ বেছি প্ৰাসঙ্গিক হ’ব আৰু মানুহবোৰে বেছিকৈ মনোযোগ দিব আৰু যোগাযোগত জড়িত হ’ব৷
মানুহে বুজি পোৱা ভাষা
আপোনাৰ ভাষা আৰু শব্দবোৰ সাৱধানে বাছি ল’ব লাগে৷ ভাষা মানে কোনটো ভাষাত কথা কয় সেয়া নহয়৷ ভাষা মানে আপোনাৰ শব্দ, টোন, আৰু বডী লেংগুৱেজ আটাইবোৰৰ কথা কোৱা হৈছে৷ আপুনি যদি এনে কথা কৈ আছে যিটো আপোনাৰ শ্ৰোতাজন বা শ্ৰোতাসকলকৰ প্ৰয়োজনতকৈ সম্পূর্ণ বেলেগ, তেন্তে তেওঁলোক লাহে লাহে অন চিন্তাত ডুব যাব৷ আপোনাৰ ভাষা আৰু আপোনাৰ শব্দবোৰে তেওঁলোকৰ আগ্ৰহক প্ৰতিফলিত কৰিব লাগিব৷ আপোনাৰ কথাই আনজনৰ পৰা প্ৰতিক্ৰিয়া আৰু খোলা উত্তৰ দিবলৈ বাধ্য কৰিব লাগিব কাৰণ তেতিয়াহে আপুনি বুজিব পাৰিব আপোনাৰ শ্ৰোতাই আপোনাক বুইজ পাইছে নে নাই আৰু আপোনাৰ কথা অনুভৱ কৰিব পাৰিছে নে নাই৷ আপুনি দেখুৱাব লাগিব যে আপুনি তেওঁলোকৰ বিষয়ে ভাবে আৰু আপোনাৰ তেওঁলোকৰ কথাত আগ্ৰহ আছে আৰু তেতিয়া তেওঁলোকে এক সুন্দৰ কমিউনিকেচনৰ জৰিয়তে তাৰ উত্তৰ দিব৷
কাহিনী কোৱা
কাহিনী কোৱাটো কমিউনিকেচনৰ শক্তিশালী দক্ষতাবোৰৰ এটা৷ মানুহে কাইনী ভাল পায় আৰু এইবোৰে আপোনাক শ্ৰোতাসকলক কমিউনিকেচন মন দিবলৈ সহায় কৰিব৷ কাহিনীবোৰৰ জৰিয়তে আপুনি আন মানুহক গল্প, শিক্ষা আৰু তথ্য সহজতে যোগান ধৰিব পাৰিব আৰু মানুহবোৰে সহজে এইবোৰৰ জৰিয়তে আপোনাৰ লগত নিজকে যুক্ত বুলি অনুভৱ কৰিব পাৰিব৷ ই কমিউনিকেচন সহজ কৰি তুলিব৷ মানুহে কাহিনীবোৰৰ লগত নিজকে সহজে যুক্ত কৰি ল’ব পাৰে আৰু ই এটা বেছি ভাল কমিউনিকেচন প্ৰক্ৰিয়া গঢ়াত আপোনাক সহায় কৰিব৷ ই শ্ৰোতাৰ মনোযোগ আকর্ষণ কৰাত আৰু ধৰি ৰখাত আপোনাক সহায় কৰিব৷