Close

আপুনি নিজে নিজৰ হানি কৰি আছে নেকি?

আপুনি যদি নিজে বিচৰা সফলতা পোৱা নাই, ফলাফল পোৱা নাই, জীৱনটো আপুনি বিচৰা ধৰণৰ হোৱা নাই, বিচৰা কামবোৰ কৰিব পৰা নাই, তাৰ কাৰণ কিন্তু কেতিয়াবা আপুনিও হ’ব পাৰে৷ আপুনি যদি নিজে নিজৰ হানি কৰি আছে, নিজৰ জীৱনটো নষ্ট কৰিবলৈ নিজে কূটাঘাট কার্য চলাই আছে, নিজকে নিজকে চেবোটেজ কৰি আছে৷

আপুনি নিজেই নিজৰ অনিষ্ট কৰি আছে যদিহে আপুনি তলৰ কামকেইটা কৰি আছে বা এই কেইটা স্বভাৱ আছে

ইমপষ্টাৰ চিনড্ৰম

আপোনাৰ ভাব হয় নেকি যে আপোনাৰ যি সাফল্য, এতিয়ালৈকে আপুনি যি কাম কৰিছে, সেয়া সকলো কেৱল ভাগ্যৰ বলতহে হৈছে আৰু আপুনি এইবোৰৰ যোগ্য নহয়, আৰু কেতিয়াবা আন মানুহে গম পাব যে আপুনি এজন ফ্ৰড বা ঠগ৷ যদি তেনে হয়, আপোনাৰ সম্ভৱত ইমপ’ষ্টাৰ চিনড্ৰম আছে৷ এনে হ’লে আপুনি যিমানে ভাল নকৰক সদায় নিজকে সন্দেহ কৰি থাকিব আৰু ফলত যিমান ভাল কৰিব পাৰিলেহেঁতেন সিমান ভাল কেতিয়াও কৰিব নোৱাৰিব৷ আপোনাৰ সামর্থ, শক্তি, সম্ভাৱনা বহুখিনি ব্যৱহাৰ নোহোৱাকৈ ৰৈ যাব আৰু তেনে হ’ব আপোনাৰ নিজৰ বাবেই৷

Negative Bias

আমাৰ মগজুটো সদায় পজিটিভ কথাতকৈ নিগেটিভ কথাৰ প্ৰতিহে বেছি সংবেদনশীল৷ সেয়ে আমি নিগেটিভ কথা বেছি ভাল পাও৷ আমাৰ লগত নিগেটিভ কিবা এটা হ’লে সেয়া আমাৰ বেছি ভালদৰে মনত থাকে, ভুল কিবা এটা কৰিলে সি মনত পৰি থাকে, নিগেটিভ বাতৰি সেয়ে আমাৰ বেছি প্ৰিয়৷ ই হয় নিগেটিভ বায়াছৰ বাবে৷ ইয়াক আপুনি আতৰ নকৰিলে ই আপোনাৰ ব্যৱহাৰ, চিন্তা, সিদ্ধান্ত আৰু সম্পর্ক সকলোবোৰকে প্ৰভাৱিত কৰিব আৰু জীৱনটো নষ্ট কৰিব৷

কাম সদায় পিছলৈ পেলাই থয়

আপুনি যদি কৰিবলগীয়া কামবোৰ সদায় পিছলৈ পেলাই থয় তেতিয়া ই জানো নিজৰ জীৱনটো নিজে নষ্ট কৰাৰ নিচিনা কথা নহয়৷ কাম নকৰিলে তাৰপৰা কেনেদৰে আপুনি বিচৰা ফলাফল পাব৷ আৰু অকল কাম কৰিলেই নহ’ব, ঠিক সময়ত কামটো কৰিব লগিব৷ পিছলৈ কাম পেলাই থোৱাটো অভ্যাস হ’লে আপুনি সদায় তেনেই কৰিব৷ আৰু তেনেদৰে সময় আৰু সুবিধাবোৰে জানো আপোনালৈ ৰৈ থাকিব?

নিজক আনৰ লগত তুলনা কৰে

আনৰ লগত তুলনা কৰাৰ লগে লগে আপুনি দেখিব যে আপোনাৰ বহু বস্তু নাই, একো গুণ নাই, মুঠতে আপোনাৰ কোনো কাম নাই৷ আৰু এনে ভাব মনলৈ অহাৰ পিছত আপুনি জনো কিবা কাম কৰিব পাৰিব? গতিকে যিমান পাৰি সিমান এনেদৰে আনৰ লগত তুলনা কৰা কামটো এৰিবলৈ চেষ্টা কৰিব, যিমান পাৰে সিমান কমাব৷ কামটো সহজ নহয়, সেয়ে মই চেষ্টা কৰিবলৈ কৈছোঁ৷ একেবাৰে নোহোৱা কৰিব পাৰিলেতো খুব ভাল কথা৷ আনৰ লগত তুলনা কৰাৰ লগে লগে আপোনাৰ মনলৈ নিগেটিভ চিন্তা অহা আৰম্ভ হয় আৰু ই দিনটো নষ্ট কৰি পেলাব পাৰে৷ তেনেদৰে যদি গুৰুত্বপূর্ণ সময়বোৰৰ বেছিভাগেই নষ্ট হয়, সেইবোৰৰ ফলত আপোনাৰ জীৱনটো সামূহিক মূল্য কিমান বাকী থাকিব?

সমস্যাৰ সমাধানতকৈ সমস্যাটোত আপুনি বেছি গুৰুত্ব দিয়ে

সমস্যা এটাই দেখা দিলে সমস্যাটোৰ সমাধানতকৈ আপুনি যদি সমস্যাটোতহে বেছিকৈ ফ’কাছ কৰে, তাৰবাবে কোন দায়ী সেয়া বিচাৰ কৰা আৰম্ভ কৰে, তেনেহ’লে আপোনাৰ জীৱনত নানা ধৰণৰ সমস্যা হ’বই৷ জীৱনটো নিগেটিভ হ’ব৷ আন মানুহবোৰৰ লগত আপোনাৰ সম্পর্ক সদায় বেয়াই হৈ থাকিব৷  কিন্তু তাতকৈ ডাঙৰ কথা আপুনি নিজেই নিজৰ অনিষ্ট কৰি থাকিব৷ যেতিয়ালৈকে এই অভ্যাসটো সলনি নকৰে তেতিয়ালৈকে আপুনি নিজেই সম্ভৱত নিজৰ আটাইতকৈ ডাঙৰ শত্ৰু হ’ব৷

অমিতাচাৰী বা বেছিকৈ উপভোগ কৰে

আপুনি যদি উপভোগ কৰাত বেছিকৈ গুৰূত্ব দিয়ে তেতিয়া আপুনি নিজে নিজৰ অনিষ্ট কৰি আছে৷ কথাটো বুজিবলৈ সহজ৷ আপুনি যদি খাই ভাল পায় আৰু সেয়ে যিমান খাব লাগে তাতোকৈ বেছি খায়, জাংক ফুড বা আন যি মান যায় সকলো খায় তেতিয়া কি হ’ব? আপুনি প্ৰয়োজনতকৈ বেছি শকত-আৱত হ’ব, আপোনাৰ ডায়েবিটইজ, হার্টৰ সমস্যা, হাড়ৰ সমস্যা, থাইৰয়ড আদি নানা ধৰণৰ বেমাৰ-আজাৰ হ’ব৷ তেতিয়া আপুনি সুখ-শান্তিৰে জীৱনটো কটাব পাৰিবনে? আপুনি যদি বেছিকৈ মবাইল ফোনটো ব্যৱহাৰ কৰে, তাত গেম খেলে, ভিডিঅ চাই বেছি সময় কটায়, তেতিয়া আপুনি ছাত্ৰ-বা ছাত্ৰী হ’লে ভালদৰে পঢ়িব পাৰিবনে, কর্মচাৰী হ’লে ভালদৰে নিজৰ অফিচৰ কামবোৰ কৰিব পাৰিবনে? কৰিবলগীয়া কামবোৰ নকৰিলে নিজৰ চাকৰিত উন্নতি কৰাটো পিছৰ কথা চাকৰিটো ৰাখিব পাৰিবনে? বেছিকৈ উপভোগ কৰা মানে আপুনি নিজৰ অনিষ্ট নিজে কৰি থকা৷

যদি আপোনাৰ এনে কিছুমান স্বভাৱ আছে, এনে কিছুমান কাম আপুনি কৰি আছে, তেনেহ’লে এতিয়াৰ পৰাই এইবোৰ আতৰ কৰিবলৈ চেষ্টা কৰক, নহ’লে এইবোৰে সদায় আপোনাৰ অনিষ্ট কৰিয়েই থাকিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top