Close

প্ৰডাক্টিভিটি ৰিচুৱেল যিয়ে আপোনাৰ বেছি প্ৰডাক্টিভ কৰিব

কেইটামান এনে প্ৰডাক্টিভিটি ৰিচুৱেল আছে যিবোৰে আপোনাক আৰু বেছিপ্ৰডাক্টিভ কৰি তুলিব পাৰে৷ আপুনি কৰিব বিচৰা আৰু কৰিব লগীয়া কামবোৰ কৰাত এনে ধৰণৰ ৰিচুৱেল বিলাকে আপোনাক সদায় সহায় কৰিব পাৰে৷ এই ৰিচুৱেলবোৰ আমাৰ বাবে প্ৰয়োজনীয় কাৰণ এইবোৰে ষ্ট্ৰেছ নোহোৱাকৈ আমাক কামবোৰ কৰি শেষ কৰিবলৈ সহায় কৰে৷ প্ৰয়োজন অনুসৰি এটা বা তাতোকৈ বেছি এনে ৰিচুৱেল ঠিক কৰি লব পাৰিলে আপুনি আনন্দমনেৰে নিজৰ কামবোৰ কৰি যাব পাৰিব৷

দা ৰুল অব থ্ৰি

প্ৰতিদিনে ৰাতিপুৱা কাম আৰম্ভ কৰাৰ আগতে নিজকে এটা প্ৰশ্ন সোধক৷ প্ৰশ্নটো হ–“আজিৰ দিনটোত এনে কি ৩ টা কাম আছে যি কেইটা মই কৰি শেষ কৰিব বিচাৰোঁ?”

আৰু এই প্ৰশ্নটোৰ উত্তৰ হিচাপে যি তিনিটা কাম পায় সেইকেইটা লিখি লওক৷ এতিয়া তাৰ প্ৰথম কামটো আৰম্ভ কৰক আৰু শেষ নকৰালৈকে নৰব৷ সেইটো শেষ হলেহে দ্বিতীয় কামটো কৰা আৰম্ভ কৰক৷ এনেদৰে দিনটোৰ ভিতৰত কৰিব বিচৰা সেই ৩ টা কাম কৰি শেষ কৰক৷

সপ্তাহৰ ৰিভিউ

ই এটা খুব কামত অহা উপায়৷ প্ৰতিটো সপ্তাহৰ শেষত পাৰ হৈ যোৱা সপ্তাহটোৰ কথা ভাবক আৰু সপ্তাহটোত কি কি কৰিলে সেয়া চাওক৷ আপুনি কৰিব বিচৰা কামবোৰ কৰিব পাৰিলে নে? আপুনি যিমান কাম কৰিলে সিমান কামেৰে আপুনি সন্তুষ্ট নে? আৰু কাম কৰিবলৈ মন আছে নেকি বা আৰু বেছি কৰিব পাৰি নেকি? নে যিমান কৰিছে সিমানখিনিয়ই এতিয়া যথেষ্ট? এইবোৰ চালে পৰৱর্তী সপ্তাহৰ বাবে আপুনি সাজু হব পাৰিব৷   

প্ৰতিটো সপ্তাহৰ আৰম্ভণিতে আহিবলগীয়া সপ্তাহটোৰ কথা ভাবক আৰু সপ্তাহটোত কি কি কৰিব বিচাৰে সেয়া ঠিক কৰি লওক৷ কামবিলাক লিখি লওক যাতে আপুনি পাহৰি নাযায় আৰু মনত ৰাখিব নালাগে৷ যদি কিবা ডাঙৰ প্ৰজেক্ট এটা আছে তাক সৰু সৰুকৈ ভাঙি লওক আৰু সৰু সৰু কাম কিছুমান ঠিক কৰি লওক৷ নিজকে তাৰবাবে সাজু কৰক৷ প্ৰয়োজন হলে মনত পেলাই দিবলৈ ৰিমাইণ্ডাৰ দিয়ক৷ সপ্তাহটো আৰম্ভ হলে সেইমতে কামবোৰ কৰা আৰম্ভ কৰক৷

প্ৰতিদিনৰ ৰিভিউ

প্ৰতিটো দিন আৰম্ভ হোৱাৰ আগতে কাম আৰম্ভ কৰাৰ আগতে দিনটো কি কি কাম কৰি শেষ কৰিব বিচাৰে সেয়া মন কৰক আৰু নিজৰ কেলেণ্ডাৰখন চাওক৷ ঠিক কৰি লওক আৰু সেইমতে কামবোৰ কৰা আৰম্ভ কৰক৷ মাত্ৰ আটাইতকৈ গুৰুত্বপূর্ণ কামটো একেবাৰে প্ৰথমতে কৰিব৷ তাৰ পিছত তাতোকৈ অলপ কম গুৰুত্বপূর্ণ কামটো কৰক৷ এনেদৰে কৰি যাওক৷

দিনটোশেষ হোৱাৰ পিছত, সন্ধিয়া অলপ সময় লৈ দিনটো এবাৰ ৰিভিউ কৰক৷ দিনটোত আপুনি কি কৰিম বুলি ভাবিছিল আৰু তাৰ কি কি কৰিলে? যিমানখিনি কাম কৰিলে তাৰে আপুনি সন্তুষ্ট নে? নিজৰ কামবোৰ এবাৰ ৰিভিউ কৰক৷ যদি প্ৰয়োজন হয়, তেন্তে পিছিদনাৰ বাবে কামবোৰ সেইমতে সলালসনি কৰক৷

সম্পাদন কৰা কামৰ তালিকা

আপুনি কি কি কাম কৰি শেষ কৰিলে সেয়া এখন নোটবুকত বা এপ এটাত লিখি যাওক৷ বা আপোনাৰ কৰিবলগীয়া কামৰ তালিকাখনত কাম এটা কৰি শেষ হলে টিক কৰি যাওক৷ এইখন এখন লিষ্ট যত আপুনি কৰি শেষ কৰা সকলো কামৰ উল্লেখ থাকে৷ এনে এখন লিষ্ট আপুনি তৈয়াৰ কৰি লব পাৰে যত আপুনি কৰি শেষ কৰা কামবোৰৰ তালিকা থাকিব৷ সপ্তাহটোত কাম কৰি গৈ থাকোতে এই লিষ্টখনত কৰি শেষ কৰা কামবোৰ লিখক৷ এই লিষ্টখন চাওক আৰু নিজকে পুৰস্কাৰ দিয়ক৷ এনেদৰে লিষ্টখন চালে ই আপোনাক দেখুৱাব সপ্তাহটোত আপুনি কিমান কাম কৰিলে৷ সেয়া দেখিলে এই কথাটোৱে আপোনাক মটিভেট কৰি থাকিব৷ আৰু কৰিবলগীয়া কাম কৰিবলৈ, বেছি প্ৰডাক্টিভ হবলৈ আপুনি মনত উৎসাহ পাব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top