Close

কৰোনাৰ সময়ত কি কৰিব?

কৰোনাৰ কথা লৈ আমি চিন্তিত, কিন্তু বহু মানুহে ভয় খাই আছে৷ আপুনি ভয় খাই আছে নেকি?

আপুনি ভয় খোৱাৰ আগতে এটা কথা চিন্তা কৰি চাওক- এই অৱস্থাত মোৰ সাধ্যৰ ভিতৰত কি আছে আৰু মোৰ সাধ্যৰ বাহিৰত কি আছে?

জীৱনত কিছুমান কাম মোৰ হাতত থাকে যিবোৰ মই কৰিব পাৰোঁ৷ কিন্তু এনে কিছুমান কাম থাকে যিবোৰ মোৰ হাতত নাথাকে মানে যিবোৰৰ ক্ষেত্ৰত মই একো কৰিব নোৱাৰোঁ৷ সেইবোৰ বিষয়ে চিন্তা কৰি যিমান সময় ইচ্ছা সিমান সময় নষ্ট কৰিব পাৰোঁ কিন্তু তাৰপৰা একো লাভ নহয়৷

মই হস্পিটেল এখন বনাই দিব নোৱাৰোঁ, আই চি ইউ এটা সাজিব নোৱাৰোঁ, বা আন মানুহৰ বেমাৰ ভাল কৰি দিব নোৱাৰোঁ৷ সেয়া মোৰ সাধ্যৰ বাহিৰৰ৷ কিন্তু মই এই ক্ষেত্ৰত কৰিব পৰা কাম দুটামান আছে৷ কি কাম?

প্ৰথমতে যিকেইটা নিয়ম মানি চলাৰ কথা কোইছে সেই কেইটা মই মানি চলিব পাৰোঁ৷ সঘনাই হাত চাবোন বা লিকুইড চ’পেৰে ধুব পাৰো, হাঁচি মাৰোতে বা কাহোতে মুখখন ঢাকি ল’ব পাৰোঁ, এক মিটাৰ দূৰত্ব বজাই ৰাখিব পাৰোঁ, এইকেইদিন ঘৰতে থাকিব পাৰোঁ, আৰু আন যিবোৰ কাম কৰিবলৈ কৈছে সেই সকলোবোৰ মোৰ সাধ্যৰ ভিতৰ, মই কৰিব পৰা কাম, মই সেইবোৰ কৰিব পাৰোঁ৷ যদি পাৰোঁ সেইবোৰ কৰোঁ আহক৷

যদি মোৰ খাবলৈ অন্তঃত চাউল, নিমখ আৰু তেল আছে তেনেহ’লে মই এই কেইদিন বাহিৰলৈ নোলাও৷ কিয়? কাৰণ তেনে কৰিলে এই কোৰোনাৰ চেইন ডাল ব্ৰেক কৰাৰ বা ভঙাৰ সম্ভাৱনা আছে৷ সেয়া মই কৰিব পৰা কাম৷ গতিকে সেয়া মই কৰোঁ৷

এতিয়া আহিল চিন্তাৰ কথা৷ যিবিলাক নিয়ম মানিব লাগে আৰু মোৰ হাতত যিবোৰ কৰিব পৰা কাম আছে সেইবোৰ কৰাৰ পিছত এই বিষয়ে চিন্তা কৰি থাকি বা বাৰে বাৰে কিমান বাঢ়িল সেয়া চাই থাকি কিবা লাভ হ’বনে? কিমান বাঢ়িল সেয়া বাৰে বাৰে দিনটোত কেইবাবাৰো চাই থকা মানে সজাগ হোৱা নে কৰিবলগীয়া কামবোৰ কৰা, নিয়মবোৰ কটকটীয়াকৈ মনাটো সজাগ হোৱা?

বাৰে বাৰে আপুনি যেতিয়া কোৰোনা আক্ৰান্ত মানুহৰ সংখ্যাটো চাই থাকিব, লাহে লাহে ই আপোনাৰ ওপৰত ক্ৰিয়া কৰা আৰম্ভ কৰি আৰু আপোনাৰ মনটো বেয়া লাগিব, ভয় খাবলৈ আৰম্ভ কৰিব৷ কিন্তু ভয় খালে কি হ’ব নো? যিমানে আপুনি কৰোনাৰ বিষয়ে নিউজবোৰ চাব, ডিডিঅবোৰ চাব সিমানে আপোনাৰ ভয় লাগি আহিব৷ কিন্তু এটা কথা মনত ৰাখিব এনে বহু নিউজবোৰ, ভিডিঅবোৰৰ উদ্দেশ্য আপোনাক সজাগ কৰা নে নিজৰ টি আৰ পি বঢ়োৱা আৰু ভিউজ বঢ়োৱা? টি আৰ পি আৰু ভিউজ বঢ়াব পাৰিলে তেওঁলোকে বিজ্ঞাপনৰ পৰা বেছি টকা পাব আৰু সেয়ে তেনেধৰণৰ কিছুমান টিভি চেনেল আৰু ৱেব চেনেলে নিউজবোৰ এনেদৰে বনোৱা নাইতো যিবোৰ বেছি মানুহে চাব, চাই ভয় খাব আৰু বেছিকৈ সেইবোৰ চাবলৈ আৰম্ভ কৰিব?

এইবোৰ দেখি ভয় খাই থকাতকৈ, আপুনি ইমান সময় হাতত পাইছে, সেই সময়বোৰ সদব্যৱহাৰ কৰক৷ তেনে কামবোৰত মন দিলে আপোনাৰ মনটো বেয়া লাগি নাথাকে, বিৰক্তি লাগি নাথাকে আৰু ভয়ো নাখায়৷ এই সিদ্ধান্তটো আপুনি ল’ব পাৰে৷ আপুনি নিজে সিদ্ধান্ত কৰিব পাৰে যে আমাৰ নিজৰ ভালৰ বাবে যিমান যি নিয়ম আছে যেনে চচিয়েল ডিষ্টেনচিং, হাত ধোৱা, ঘৰতে থকা আদি আমি সম্পূর্ণৰূপে পালন কৰিম আৰু তাৰ বাহিৰে এনে ভয় খুওৱা ভিডিঅ, নিউজ চোৱাতকৈ নিজে ভালপোৱা কাম কৰিম যাতে ২১ দিনৰ পিছত কি কৰিলোঁ সেয়া ভাবিলে মই নিজকে আঙুলিয়াই দেখুৱাব পৰা কিবা এটা সৃষ্টি কৰিব পাৰোঁ৷

এই সময়ত আমি সাৱধান হ’ব লাগে পেনিক কৰিব নালাগে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top