Close

কোৰোনাৰ সময়ৰ কথা

বর্তমান সময়ত বহুতৰে কিজানি চিন্তা হৈছে কি হ’ব, কোৰোনাৰ সময়ত আৰু পিছত আমাৰ অৱস্থা কি হ’ব৷ চাকৰিয়াল সকলৰ লগতে যিসকলৰ নিজৰ সৰু ব্যবসায় আছে তেওঁলোকৰ এই বিষয়ে নিশ্চয় দুঃচিন্তা হৈছে৷ তাতে আকৌ ভাৰতৰ অর্থনীতিৰ যি অৱস্থা, আমি বাচি থাকিম নে নাথাকিম?

কিন্তু মন কৰকচোন-

  • আগতেও এনে দুর্যোগ আহিছে আকৌ তাৰ পিছত ভাল দিন আহিছে৷ চীনৰ আক্ৰমণ হওক, বৰ ভূইকপ হওক, বানপানী হওক, বা আন তেনে প্ৰাকৃতিক আৰু কৃত্ৰিম দুর্যোগৰ দিন আহিছিল, পাৰ হৈ গৈছে, কিন্তু অসম শেষ হৈ যোৱা নাই৷
  • কোনোবা এটা পলিটিকেল পার্টিয়ে দেশখন ধ্বংস কৰিবলৈ চেষ্টা কৰিলেও তাৰ মাজৰ পৰাই দেশখন আৰু মানুহবোৰ আকৌ ওলাই আহিব৷ হয়তো সময় লাগিব, কষ্ট হ’ব৷ এটা সময়ত হিটলাৰৰ কিমান শক্তি আছিল, বিভিন্ন দেশ জয় কৰিছিল, লাখ লাখ মানুহ মাৰিছিল৷ তেতিয়াও কিন্তু পৃথিৱী বা ঈহুদী কাকো শেষ কৰিব নোৱাৰিলে৷
  • এনে বেয়া দিনবোৰৰ পিছতো ভাল হ’বই৷ সেয়া কোনেও ধৰি ৰাখিব নোৱাৰে৷

ব্যবসায় কৰা সকলে নিজৰ ব্যবসায়ৰ খৰছ কমাব লাগিব৷ হয়তো কর্মচাৰীৰ সংখ্যা কমাব লাগিব৷ বা আন খৰচ কিছুমান কমাব লাগিব৷ ব্যবসায়ৰ মার্কেটিঙৰ বাবে কিছুমান নতুন নতুন কাম কৰিব লাগিব, হয়তো অনলাইন ব্যৱস্থাটোত বেছি গুৰুত্ব দিব লাগিব৷ এই সময়ত লোকচান হ’ব৷ এতিয়া লাভৰ কথা নাভাবি বাচি থাকিব পৰা কথাটো ভাবিলে সহজ হ’ব৷ বাচি থাকিলে আমি আকৌ উঠিব পাৰিম৷  

মনটো বেয়া লাগিলে কি কৰিব?

জীৱনত দুই ধৰণৰ কথা থাকে৷ আমাৰ হাতত কিছুমান থাকে কিছুমান আমাৰ হাতৰ বাহিৰৰ৷ আমাৰ সাধ্যৰ ভিতৰত যি আছে তাতে ফ’কাছ কৰো আহক৷ যি সাধ্যৰ বাহিৰৰ, হাতৰ বাহিৰৰ তাৰ কথা আপুনি যিমানে চিন্তা নকৰক কিয় সেয়া সলনি কৰিব নোৱাৰি৷ গতিকে সাৱধানে থাকো, হাত ধোও, পাৰিলে ঘৰতে থাকো, আনৰ পৰা সামাজিক দূৰত্ব মানি চলোঁ আৰু সেয়া কৰাৰ পিছত নিজৰ নিজৰ কৰিবলগীয়া কামবোৰ কৰি থাকো৷

আৰু নিজকে এই পৰিস্থিতিৰ লগত আমি খাপ খুৱাব লাগিব৷ টান কাম, কিন্তু সেয়া আমি বিভিন্ন সময়ত, ইয়াৰ আগতে কৰিছোঁ, কৰিয়ে আছে৷ প্ৰথমতে টান হয়, পিছত সহজ হৈ পৰে৷ এতিয়াও আমি সেয়া কৰিব পাৰিম৷


सुखमापतितं सेव्यं दु:खमापतितं तथा |
चक्रवत् परिवर्तन्ते दु:खानि च सुखानि च //

জীৱনলৈ অহা সুখৰ আনন্দ লওক, দুখবোৰকো স্বীকাৰ কৰক

এটা চক্ৰৰ নিচিনাকৈ সুখৰ পিছত দুখ আহে, দুখৰ পিছত আকৌ সুখ আহিব

এতিয়া যদি আমাৰ বাবে বেয়া দিন চলি আছে, ইয়াৰ পিছত ভাল দিন আহিব৷ অকণমান ধৈর্য লাগিব, অকণমান এডজাষ্ট কৰিব লাগিব, অকণমান সাহস লাগিব আৰু বিশ্বাস লাগিব যে বেয়াৰ পিছত আকৌ এদিন ভাল দিন আহিবই৷ সেই ভাল সময়ৰ অপেক্ষা কৰো, কিন্তু এনেয়ে বহি নাথাকি নিজৰ কামবোৰ প্ৰতিদিনে কৰি গৈ থাকো আহক৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top