Close

নিজৰ মূল্য বা চেলফ ৱর্থ আপুনি কেনেদৰে জোখে?

আপুনি নিজৰ মূল্য কেনেদৰে জোখে? নিজকে আপুনি কিমান মূল্যৱান বুলি ভাবে?

কেতিয়াবা আপুনি গম নোপোৱাকৈ তেনে কৰিব পাৰে৷
নিজৰ মূল্য কম যেন লগাৰ লগে লগে আপোনাৰ আত্মসন্মান  বা চেলফ এষ্টিম কমি যায় আৰু আত্মবিশ্বাসো কমি যায়৷

আপুনি এনেদৰে জোখে নেকি?-

আনৰ লগত তুলনা কৰি

আপুনি নিজকে আনক লগৰ তুলনা কৰে আৰু যদি আনতকৈ আপুনি বেছি ভাল তেনেহ’লে আপোনাৰ মূল্য আছে আৰু যদি বেয়া তেতিয়াহ’লে আপোনাৰ মূল্য নাই৷ এই ভাল নে বেয়া সেয়া তুলনা কৰাৰ নানা ধৰণৰ য়ার্ডষ্টিক মা মাপকাঠি থাকিব পাৰে৷ ফেচবুক, ইনষ্টাগ্ৰাম বা আন কোনোবা চচিয়েল মিডিয়াত আনে কি কৰি আছে, ক’লৈ ফুৰিবলৈ গৈছে, কেনে কাপোৰ পিন্ধিছে, কি খাইছে, কোন শ্বপিং মলত শ্বপিং কৰিছে সেইবোৰ তুলনা কৰি যদি নিজৰ মূল্য নির্ধাৰণ কৰিছে তেতিয়াহ’লে আপোনাৰ মূল্য বেছিভাগ সময়তে সম্ভৱ একবাৰে নাথাকিবই৷

ফেচবুক বা ইনষ্টাগ্ৰামত আপুনি কিমান লাইক, কমেন্ট পালে, কিমানে ভিডিঅ এটা চালে সেই কথাৰ ওপৰত নির্ভৰ কৰি আপুনি নিজৰ কিমান মূল্য সেয়া নির্ধাৰণ কৰে নেকি? কৰে যদি সাৱধান হ’ব কাৰণ আপোনাৰ ডিপ্ৰেচন হোৱাৰ বা আন সমস্যা হোৱাৰ সম্ভাৱনা বহু বেছি৷

দেখাত কেনে তাৰ ওপৰত নির্ভৰ কৰি

আপুনি দেখাত ভাল নে বেয়া তাৰ ওপৰত যদি আপোনাৰ নিজৰ মূল্য আপোনাৰ মতে নির্ভৰ কৰে, আৰু আপুনি দেখাত ভাল নহয় তেতিয়া আপোনাৰ মনত নিজৰ মূল্য একেবাৰে নাথাকিবই৷ আৰু ই আত্মসন্মান আৰু আত্মবিশ্বাস নোহোৱা কৰিব৷ আনহাতে যদি আপুনি তেনেদৰে নিজৰ মূল্য নির্ধাৰণ কৰে আৰু আপুনি দেখাত ভাল তেনেহ’লে আপুনি সেই এটা কথাৰ ওপৰতে নির্ভৰ কৰি নিজকে বহুত কিবা বুলি ভাবিব পাৰে যি আপুনি সঁচাকৈয়ে নহয়৷ লগতে আন মানুহক নিচাত্মিকাভাৱেৰে চোৱাৰ সম্ভাৱনাও বেছি৷ দেখাত ভাল হ’লে নিশ্চয় তাৰ কিছুমান সুবিধা আছে, কিন্তু সেয়া সদায় নাথাকিব৷ যেতিয়া ছাল শোতৰা-সোতৰ পৰিব, মুখত বলিৰেখা বা ৰিংকল পৰিব তেতিয়া আপোনাৰ নিজৰ মনতে নিজৰ মূল্য “জিৰো” হৈ যাব নেকি?

আপোনাৰ কিমান টকা পইচা আছে

আপুনি যদি নিজৰ মূল্য বা অনা মানুহৰ মূল্য কেৱল কিমান টকা-পইচা আছে তাৰ ওপৰত নির্ভৰ কৰিহে নির্ধাৰণ কৰে তেতিয়া ই জানো সঠিক মূল্য হ’ব? তাৰমানে যাৰ টকা-পইচা বেছি নাই তেওঁৰ কাম নাই, তেওঁৰ একো মূল্যই নাই? অকল টকা-পইছা থকা কিছুমান মানুহেই নহয়, টকা-পইছা নথকা মানুহ কিছুমানেও টকা-পইচাৰেই মানুহৰ মূল্য জোখে৷ যিবোৰ বস্তু বা সেৱা লাভ কৰিবলৈ টকা-পইছা লাগে সেইবোৰৰ নিজৰ মূল্য নিশ্চয় আছে, কিন্তু সেইবোৰে অকলে আপোনাৰ মূল্য বৃদ্ধি কৰিব নোৱাৰে৷

আপুনি কোন কোন মানুহক জানে

আন কিছুমান মানুহে নিজৰ আৰু আনৰ মূল্য নিৰূপণ কৰে তেওঁ কোন কোন মানুহক চিনি পায় তাৰ দ্বাৰা৷ জনপ্ৰিয়, সকলোৱে চিনি পোৱা চিনেমাৰ অভিনেতা, গায়ক আদিক চিনি পোৱা মানে বা তেওঁক জনা মানে তেওঁৰ মূল্য বহুত, নহ’লে নাই৷ বহুতে আনৰ আগত তেনে চিনি পোৱা ডাঙৰ, জনপ্ৰিয় মানুহৰ নাম মাতি আনক ইমপ্ৰেচ কৰিবলৈ চেষ্টাও কৰে৷ তেওঁলোকে যিমানে তেনে মানুহক জানে, লগ পাই থাকে সিমানে তেওঁলোকৰ নিজৰ মূল্য বাঢ়ি গৈ থাকে৷ কিন্তু ইয়াৰ মানে আপোনাৰ মূল্য নির্ভৰ কৰিছে আন কিছুমান মানুহৰ ওপৰত৷ কালি তেওঁলোকে ভালকৈ আপোনাক নামাতিলে আপোনাৰ মূল্য কমি গৈ নোহোৱা হৈ গৈ থাকিব নেকি?

আপুনি কি কৰে

আপুনি কি কাম কৰে, কি পোষ্টত, কি চাকৰি কৰে আছে তাৰ দ্বাৰা নিজৰ মূল্য জোখে নেকি? সাধাৰণতে মানুহে তাকে কৰে৷ কিন্তু নিজৰ চাকৰি বা কামৰ ওপৰত নিজৰ মূল্য নির্ভৰ কৰাটো এটা ডা%ৰ ৰিক্স৷ কাইলৈ যদি এই চাকৰিটোকিবা কাৰণত নাথাকে তেতিয়া আপোনাৰ মূল্য “জিৰো” হৈ যাব নেকি? আপুনি ৰিটায়াৰ কৰিলে বা চাকৰি গ’লে তাৰমানে আপুনি আৰু কোনো কামৰ মানুহেই নহয় নে কি? তেতিয়া আপোনাৰ আইডেনটিটি ক্ৰাইছিছ নহ’বনে?

এবাৰ ভাবি চাওকচোন-

কাৰোবাৰ বহুত টকা-পইচা আছে মানে তেওঁৰ মূল্য বেছি নেকি? কোনোবাই বিদেশ ভ্ৰমণ কৰিবলৈ গৈছে, তেওঁৰ মূল্য বেছি নেকি? কোনোবা দেখাত ধুনীয়া বাবে তেওঁৰ মূল্য বেছি নেকি? কোনোবাই ভাল চাকৰি কৰে বাবে তেওঁৰ মূল্য বেছি নেকি?

এনেদৰে নিজৰ মূল্য নুজুখিব কাৰণ এই কেইটা অস্বাস্থ্যকৰ আৰু বিপদজনক ধৰণ৷ ই আপোনাৰ বাবে সমস্যা আৰু বিপদ মাতি আনিব৷ এনেদৰে যদি আপুনি নিজৰ মূল্য আৰু আনৰ মূল্য নির্ধাৰণ কৰে, তেতিয়া আপুনি সুখী হ’ব কেনেকৈ আৰু জীৱনটো ভালদৰে জীয়াই থাকিব কেনেদৰে?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top