Close

নিজৰ পেচন কিদৰে বিচাৰি পাব?

বহুতে এই কথাটো জানিব বিচাৰে যে নিজৰ পেচন কিদৰে বিচাৰি পাব পাৰি৷ এবাৰ পেচন বিচাৰি পালে সেই কামটোকে কেৰিয়াৰ হিচাপে ল’ব পাৰি আৰু তেতিয়া তাত খুব ভাল কৰাৰ সম্ভাৱনা থাকে৷ পেচন বিচাৰি পাবলৈ বিভিন্ন উপায় আছে৷ এটা সহজ উপায়ে আপোনাক নিজৰ পেচন বিচাৰি পাবলৈ সহায় কৰিব৷

পেচন বিচাৰি পাবলৈ হ’লে এটা কাম আপুনি কৰিব লাগিব৷ এই কামটো কৰাৰ আগতে আপুনি এটা কথা ভালদৰে বুজি পাব লাগিব৷ যিকোনো কাম এটা ভালপোৱা মানেই পেচন নহয়৷ কোনোবাই টিকটক বা ইউটিউবত ভিডিঅ চাই ভাল পায়, সেই কামত ঘন্টাৰ পিছত ঘন্টা খৰচ কৰি দিব পাৰে, কিন্তু সেয়া আপোনাৰ পেচন নহয়৷ প্ৰথম কথা তাত আপুনি নিজে হাতে কামে একো কৰা নাই আৰু তাৰ পৰা আপোনাৰ শাৰীৰিক বা মানসিক কোনো লাভ হোৱা নাই৷ এই ভিডিঅবোৰ চাই ভাল লাগে কাৰণ এইবোৰে আপোনাৰ মগজুত ডপামিনৰ মাত্ৰ বঢ়ায় আৰু সেয়ে আপুনি বাৰে বাৰে, ঘন্টাৰ পিছত ঘন্টা ধৰি সেয়া কৰি থাকিব পাৰে৷ কিন্তু সেই ডপামিন কাম এটা নিজে হাতে কামে কৰাৰ পৰা অহা নাই, নিস্ক্ৰিয় হৈ বহি থাকি কিবা এটা এন্টাৰটেইনমেন্টৰ পৰা আহিছে৷ এন্টাৰটেইনমেন্ট আৰু পেচন একে নহয়৷ অ, আপুনি যদি বিভিন্ন বিষয়ৰ ওপৰত নিজে ভিডিঅ তৈয়াৰ কৰে তেতিয়া সেয়া আপোনাৰ পেচন হ’ব পাৰে৷

এতিয়া পেচন বিচাৰি পাবলৈ কি কৰিব তালৈ আহো৷

কি কি কাম কৰি ভাল পায় সেইবোৰৰ এখন লিষ্ট বনাই লওক৷ যিবোৰ কাম আপুনি অলপ হলেও ভাল পাব যেন লাগে সেইবোৰকো এই লিষ্টখনৰ অন্তর্ভুক্ত কৰক৷ লগতে ইন্টেৰনেট ব্যৱহাৰ কৰি বিভিন্ন ৱেবচাইট বা চচিয়েল মিডিয়াৰ জৰিয়তে যিবোৰ কামৰ কথা, হবিৰ কথা গম পায় সেইবোৰ চালিজাৰি চাই তাৰ যিবোৰ ভাল লাগে সেইবোৰকো এই লিষ্টখনৰ অন্তর্ভুক্ত কৰিব পাৰে৷ লিষ্টখন সৰু হ’লে আপোনাৰ নিজৰে ভাল হ’ব৷ কিয়? পৰৱর্তী পর্যায়টোৰ কাৰণে৷

এতিয়া এই লিষ্টখন লৈ আপুনি এই কামবোৰ এটা এটাকৈ কৰি চাব লাগিব৷ কি কাৰণে? কাৰণ কৰি চালেহে আপুনি গম পাব যে সঁচাকৈয়ে আপুনি এই কামবোৰ কৰি ভাল পাবনে নাই৷ আগতে লিষ্টখন তৈয়াৰ কৰাৰ সময়ত আপুনি মাত্ৰ ভাবিছিল যে আপুনি এইবোৰ ভাল পাব৷ কিন্তু ভাবিছিলহে৷ প্ৰকৃতেতে এইবোৰ কৰি আপুনি ভাল নাপাবও পাৰে৷ সেইবাবে অতে কামে কৰি চাব লাগিব৷

ধৰি লওক আপুনি ভাবিছিল যে মই লিখি ভাল পাও, মই এজন লিখক হ’ব বিচাৰোঁ, লিখাটো মোৰ পেচন৷ এতিয়া তেনেহ’লে আপুনি লিখাৰ অভ্যাস আৰম্ভ কৰিব লাগিব৷ আপুনি যদি প্ৰফেচনেল লিখক এজন হ’ব বিচাৰে বা ইয়াক নিজৰ পেচন বুলি ভাবে, তেনেহ’লে আপুনি লিখিব বিচৰা ধৰণৰ লিখাবোৰ লিখা আৰম্ভ কৰক৷ কিছুদিন কৰাৰ পিছত আপুনি গম পাব তাৰ ভিতৰৰ কথাবোৰ৷ তেতিয়া চাওক আপুনি সঁচাকৈয়ে সেই কামটো কৰিবলৈ ভাল পায়নে নাপায়৷ যদি আৰু এয়া কৰি ভাল নালাগে তেতিয়া সম্ভৱত পেচনৰ সেই লিষ্টখনৰ পৰা আপুনি এই কামটো কাটি পেলাব পাৰে৷

আপুনি যেতিয়া নিজকে বিভিন্ন ধৰণৰ কামৰ এক্সপ’জাৰ দিব বা অভিজ্ঞতা দিব তেতিয়াহে আপুনি গম পাব যে সঁচাকৈয়ে সেই কামটো আপুনি কৰি ভাল পায় নে নাপায়৷ আৰু যিটো কাম কৰি আপুনি খুব ভাল পায় সেইটো সম্ভৱত আপোনাৰ পেচন৷ যিটো কাম হাতে কামে কৰি থাকিলে আপুনি সময় পাৰ হৈ যোৱা গম নাপায়, সেইটো আপোনাৰ পেচন৷ যিটো কাম যিমান কষ্ট নহওক কিয়, আপুনি নিজে ইচ্ছা কৰি কৰি থাকিব পাৰে সেয়া আপোনাৰ পেচন৷ যিটো কামত আপুনি আনে নকৰা সময়ত, আনে নকৰা পৰিমাণত কাম কৰিব পাৰে সেয়া আপোনাৰ পেচন৷

পেচন বিচাৰি পাবলৈ অকল স্কুল বা কলেজত থাকোতেই চেষ্টা কৰিব পাৰি, পিছলৈ সেয়া কৰি লাভ নাই তেনে কোনো কথা নাই৷ আপুনি সৰুতে কৰিলে ভাল কথা৷ কিন্তু জীৱনৰ যিকোনো বয়সতে আপুনি নিজৰ পেচন বিচাৰিব পাৰে, বিচাৰি পাব পাৰে আৰু সেই কাম কৰাত লাগি যাব পাৰে৷ আৰু পেচন বিচাৰি পালে ই জীৱনটো আকর্ষণীয় আৰু উত্তেজনাপূর্ণ কৰি তুলিব, জীৱনটো জীয়াই থাকি আপুনি ভাল পাব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top