Close

প্ৰতিদিনে কেনেদৰে মটিভেটেড হৈ থাকিব পাৰি

আপুনি যদি প্ৰতিদিনে মটিভেটেড হৈ থাকিব খোজে, অনুপ্ৰাণিত হৈ থাকিব খোজে ই এটা ডাঙৰ প্ৰত্যাহ্বান৷ মটিভেচনে আমাক কাম এটা আৰম্ভ কৰিবলৈ, কাম এটা কৰি শেষ কৰিবলৈ আৰু কামটো ভালদৰে কৰিবলৈ সহায় কৰে৷ মটিভেচন নাথাকিলে আমাৰ একো কৰিবলৈ মন নাযায়৷ তেনে অৱস্থাত কাম কৰাটোৱে বৰ ডাঙৰ কথা হৈ পৰে৷ কাম যদি কৰিব নোৱাৰোঁ, কামবোৰ কৰি শেষ কৰিব নোৱাৰোঁ, কামবোৰ যদি ভালদৰে কৰিব নোৱাৰোঁ, তেনেহ’লে আমি ভাল ফলাফল কেনেদৰে আশা কৰিব পাৰোঁ?

ভাল দিনতকৈ বেয়া দিন এটাত আমাক বেছিকৈ মটিভেচনৰ প্ৰয়োজন হয়৷

কিন্তু প্ৰতিদিনে মটিভেচন বিচাৰি পোৱাটো, মটিভেটেড হৈ থকাটো টান কাম৷ কিন্তু কেইটামান উপায়ে এয়া কৰিবলৈ আপোনাক সহায় কৰিব৷ কি উপায় চাও আহক৷

এটা মটিভেচন ৰিচর্চ

অলপ সময় আপুনি বেলেগকৈ থব লাগিব যি সময়ত আপুনি মটিভেচন বা অনুপ্ৰেৰণা মূলক নিজৰ ৰিচর্চটো খুলি চাব৷ আপুনি কিবা কিতাপ পঢ়িব পাৰে, ভিডিঅ চাব পাৰে, ফটো এখন চাব পাৰে৷ যদি আপুনি ভাল পায় অনুপ্ৰেৰণা মূলক উক্তি কিছুমান আপুনি সংগ্ৰহ কৰি ৰাখিব পাৰে৷ এনেকুৱা এটা সংগ্ৰহ আপুনি নিজে নিজৰ বাবে কৰি ল’ব পাৰে৷ তাত এনেকুৱা বস্তুবোৰ থাকিব যিবোৰ দেখাৰ লগে লগে, শুনাৰ লগে লগে আপোনাৰ মনটো ভাল লাগি যায়, অনুপ্ৰেৰণা পায়৷ মই প্ৰতিদিনে এটা ভিডিঅ আপলোড কৰোঁ আপোনাক মটিভেট কৰাৰ বাবে, অনুপ্ৰাণিত কৰাৰ বাবে৷ সেই ভিডিঅবোৰো চাব পাৰে৷

ভিজন বর্ড

এই বর্ডখনত থাকে আপুনি লাভ কৰিব খোজা ফলাফলবোৰৰ, সপোনবোৰ মনত পেলাই দিয়া কিছুমান ছবি বা ফটো৷ এইখন আপুনি লগাই থয় এনে এঠাইত যত আপুনি সদায় এইখন দেখে৷ সদায় নিয়মিতভাৱে দেখি থকা বাবে আপোনাৰ প্ৰতিদিনে সপোনবোৰৰ কথা কথা মনত পৰে৷ এইবোৰৰ বাবেই জানো আপুনি কৰিব বিচৰা কামবোৰ আৰম্ভ কৰা নাছিল কৰি থকা নাছিল? সেই কথা মনত পৰিলে আমাৰ মনলৈ কামবোৰ কৰাৰ বাবে, কষ্ট কৰাৰ বাবে, তাত লাগি থকাৰ বাবে, আজিৰ প্ৰয়োজনীয় কষ্ট কৰাৰ বাবে মন যাব৷ মনলৈ উৎসাহ আৰু অনুপ্ৰেৰণা আহিব৷

লক্ষ্যবোৰৰ কথা মনত পেলাওক

এয়া হ’ল প্ৰতিদিনে কৰিবলগীয়া কাম৷ প্ৰতিদিনে আপুনি মনত পেলাব লাগিব আপোনাৰ লক্ষ্যবোৰ কি কি? সেয়া এবছৰীয়া লক্ষ্য হ’ব পাৰে, দুবছৰীয়া লক্ষ্য হ’ব পাৰে,পাঁচ বছৰীয়া লক্ষ্য হ’ব পাৰে বা দীর্ঘদিনৰ লক্ষ্য হ’ব পাৰে৷ এই লক্ষ্যবোৰৰ কথা যেতিয়া আপুনি ভাবিব সেইবোৰে আপোনাক অনুপ্ৰেৰণা যোগাব৷ নিজকে বুজাই দিয়ক যে আজিৰ দিনটোত কৰিবলগীয়া কামবোৰ কৰিলেহে সেই লক্ষ্যবোৰ লাভ কৰিব পৰা যাব আৰু সেই কামবোৰ কৰিবলৈ মটিভেট হৈ থকা কিমান জৰুৰী৷

জীৱনৰ উদ্দেশ্যৰ কথা মনত পেলাওক

যদি আপুনি লক্ষ্যতকৈ অলপ আগবাঢ়িছে আৰু আপোনাৰ জীৱনৰ এটা বা ততোধিক উদ্দেশ্য আছে, তেনেহ’লে এই উদ্দেশ্যবোৰে আপোনাক নিজৰ কাম কৰি যাবলৈ, প্ৰতিদিনে ভালদৰে জীয়াই থাকিবলৈ, সময়বোৰ উপভোগ কৰিবলৈ উৎসাহিত কৰি থাকিব৷ মাত্ৰ উদ্দেশ্যটোৰ কথা আপুনি প্ৰতিদিনে মনত পেলাই থাকিব লাগিব৷ এই উদ্দশ্যটো বা উদ্দেশ্যবোৰ আপোনাতকৈ বহু ডাঙৰ আৰু সেয়ে এইবোৰে আপোনাক ওপৰৰ পৰা টানি থাকিব পাৰে আজিৰ দিনটো ভালদৰে জীয়াই থাকিবলৈ, কাম কৰিবলৈ, আৰু এই টনা বলটোৰ শক্তি বহুত বেছি৷ ই কেতিয়াও আপোনাক সহজে মন বেয়া কৰিবলৈ, ডিমটিভেটেড হ’বলৈ নিদিয়ে৷

সৰু সৰু জয়বোৰ উদযাপন কৰক

আপুনি যেতিয়াই কিবা এটা সৰু কথাত জয়ী হয়, বিচৰা ফলাফল পায় তেতিয়াই সেই জয়বোৰ উদযাপন কৰা আৰম্ভ কৰক৷ নিজক কিবা এটা পুৰস্কাৰ দিয়ক৷ এনে কৰিলে আপোনাৰ মনৰ উৎসাহ বাঢ়িব, কামবোৰ আৰু ভালদৰে কৰিবলৈ, কৰি থাকিবলৈ আপুনি অনুপ্ৰাণিত হ’ব৷

শৰীৰটোক প্ৰাইম কৰি লওক

আপুনি প্ৰতিদিনে মটিভেটেড বা অনুপ্ৰাণিত অনুভৱ কৰিবলৈ হ’লে মনৰ লগতে আপোনাৰ শৰীৰটোৰ কথাও মনত ৰাখিব লাগিব৷ এনে অনুভৱ কৰিবলৈ হ’লে নিজৰ শৰীৰটোক আপুনি প্ৰাইম কৰি ল’ব লাগিব বা ক’ব পাৰে সাজু কৰি ল’ব লাগিব৷ সেয়া সম্ভৱ হ’ব ডৰীৰ সম্পর্কীয় দুটামান কথাৰ জৰিয়তে৷ তাৰবাবে আপুনি নিজৰ শাৰীৰিক শক্তি বঢ়াব লাগিব, শৰীৰটোক আটাইতকৈ ভাল অৱস্থাত ৰাখিব লাগিব৷ নিয়মীয়াকৈ এক্সাচাইজ কৰিলে আপোনাৰ শাৰীৰিক শক্তি বাঢ়িব, শৰীৰটো বেমাৰ-আজাৰৰ পৰা বাচি থাকিব কিন্তু আপুনি তাতোকৈ ডাঙৰ এটা লাভ পাব ইয়াৰ পৰা৷ আপোনাৰ শৰীৰ ভিতৰত হ’ৰমন আৰু আন কেমিকেল দ্ৰব্যবোৰ সঠিকভাৱে নিঃসৰণ হ’ব, এইবোৰে ঠিকমতে কাম কৰি থাকিব৷ আৰু তেতিয়াহে আপুনি নিজৰ সম্পূর্ণ শক্তি থকা যেন অনুভৱ কৰিব৷ এই কেমিকেল দ্ৰব্যবোৰৰ বাবে আপোনাৰ মনটো ভাল লাগি থাকিব, প্ৰফুল্লিত হৈ থাকিব৷

নিয়মীয়া এক্সাচাইজৰ লগতে দিনটোত সঠিক পৰিমাণৰ পানী খোৱাটোও প্ৰয়োজনীয়৷ যদিও বিভিন্ন জনৰ এই ক্ষেত্ৰত বিভিন্ন মত, তথাপি আপুনি ১.৫ ৰ পৰা ২ লিটাৰ পানী দিনটোত খাবলৈ চেষ্টা কৰিব৷ টোপনি আপোনাৰ মটিভেচনৰ আৰু স্বাস্থ্যৰ আন এটা প্ৰধান উপাদান৷ আপুনি কি কি খাদ্য খাইছে, স্বাস্থ্যকৰ খাদ্য খাইছেনে প্ৰচেচড আৰু জাংক ফুড খাইছে সেয়া মন কৰিব৷ স্বাস্থ্যকৰ খাদ্যইহে আপোনাৰ শৰীৰ আৰু লগতে মটিভেচন ঠিকে ৰখাত সহায় কৰিব পাৰে৷

এই সৰু সৰু কথাকেইটা প্ৰতিদিনে মন কৰিলে এইবোৰে আপোনাক প্ৰতিদিনে মটিভেট কৰি থাকিব আৰু আপুনি কৰিব বিচৰা যিকোনো কাম আৰু কথাৰ বাবে অনুপ্ৰেৰণাৰ অভাৱ নহ’ব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top