আপুনি হয়তো প্ৰতিদিনে সম্পূর্ণ মটিভেচনৰে নিজৰ কামবোৰ কৰিব বিচাৰে, দিনটো ভালদৰে পাৰ কৰিব বিচাৰে৷ মটিভেচন থাকিলেহে কামবোৰ আপুনি ভালদৰে কৰিব পাৰিব৷ কিন্তু প্ৰতিদিনে নিজকে মটিভেট কৰি ৰখাটো সহজ নহয়৷ কেতিয়াবা মটিভেচন থাকে কেতিয়াবা নাথাকে৷ নিজকে প্ৰতিদিনে মটিভেট কৰি ৰাখিবলৈ আৰু প্ৰতিটো দিনেই ভালদৰে পাৰ কৰিবলৈ আপুনি কিছুমান কাম কৰিব পাৰে৷
নিজৰ মটিভেচন ৰিচর্চ এটা ঠিক কৰক
নিজকে মটিভেট কৰি ৰাখিবলৈ আপোনাক এটা মটিভেচন ৰিচর্চ লাগিব৷ এই মটিভেচন ৰিচর্চটোত কি থাকিব? ইয়াত আপোনাক মটিভেট কৰা ভিডিঅ, ফটো, অডিঅ, কিতাপ, গান আদি সকলো বস্তু থাকিব পাৰে৷ এনে আপোনাক অনুপ্ৰাণিত কৰা কিবা এটা পালে সেয়া আপুনি এঠাইত জমা কৰি থৈ যাব পাৰে৷ নিজৰ মবাইল ফোন বা কম্পিউটাৰতো আপুনি তেনে কৰিব পাৰে৷ মবাইল বা কম্পিউটাৰৰ এটা সুবিধা এই যে আপুনি লগে লগে, যিকোনো সময়তে এয়া খুলি চাব পাৰে৷ যদি মাত্ৰ এখন ভৰি থকা মানুহ এজনে জিমলৈ গৈ সাংঘাটিক ধুনীয়া, এথলেটিক শৰীৰ এটা সৃষ্টি কৰা ফটো এখনে আপোনাক এক্সাচাইজ কৰিবলৈ মটিভেট কৰে, তেনেহ’লে সেই ফটোখন আপোনাৰ মটিভেচন ৰিচর্চটোত থাকিব৷ মোৰ ভিডিঅ এটাই যদি আপোনাক মটিভেট কৰে, সেই ভিডিঅটো আপোনাৰ মটিভেচন ৰিচর্চত থাকিব পাৰে৷
কাম কৰা আৰম্ভ কৰক, মটিভেচন নিজে নিজে আহিব
যদি কিবা কাম কৰিব বিচাৰে তেন্তে মটিভেচনৰ বাবে ৰৈ নাথাকিব৷ কামটো আৰম্ভ কৰক, অলপ পিছত মটিভেচন নিজে নিজে আহিব৷ কাম এটা কৰা আৰম্ভ কৰিলে যি মমেন্টাম আৰম্ভ হয় সেই মমেন্টামে আপোনাক মটিভেট কৰিব৷ লগতে কাম এটা কৰা ফলত আপুনি যি সৰু-ডাঙৰ ফলাফল দেখিবলৈ আৰম্ভ কৰে, সেই ফলাফলে পৰৱর্তী পর্যায়টো বা পৰৱর্তী কামটো কৰিবলৈ আপোনাৰ অনুপ্ৰাণিত কৰিব৷ কেতিয়াবা কাম এটা কৰিবলৈ মন নগ’লে জোৰকৈ সেয়া কৰা আৰম্ভ কৰক আৰু ১০-১৫ মিনিট পিছত আপুনি অলপ হলেও মটিভেচন লাভ কৰিবলৈ আৰম্ভ কৰিব৷
কাম সৰুকৈ আৰম্ভ কৰক
মটিভেচন নোহোৱা হোৱাৰ বা নথকাৰ এটা কাৰণ হ’ল আপুনি কাম এটা কৰি তাৰ পৰা একো ফল দেখা নাপায় আৰু লগতে কামটো কেতিয়াবা আমাৰ বাবে টান হৈ পৰে৷ মটিভেচন নোহোৱা কৰা এই দুয়োটা সমস্যাৰ এটা সমাধান আছে৷ কাম এটা আৰম্ভ কৰোতে সৰুকৈ আৰম্ভ কৰক৷ ডাঙৰ লক্ষ্য এটাক সৰু কিছুমান লক্ষ্যত ভাঙি লওক, আৰু তাৰে এটা সৰু লক্ষ্য লৈ তাক পাবলৈ কাম আৰম্ভ কৰক৷ সৰু লক্ষ্য এটা ঠিক কৰি লৈ কাম আৰম্ভ কৰিলে কি লাভ হ’ব? আপুনি যদি সৰু লক্ষ্য এটা লৈ কাম আৰম্ভ কৰে, তেতিয়া সেই সৰু লক্ষ্যটো লাভ কৰিবলৈ তুলনামূলকভাৱে সহজ হ’ব আৰু সেই লক্ষ্য লাভ কৰিলে আপোনাৰ তাৰ পিছৰ কামটো বা পর্যায়টো কৰিবলৈ মন যাব৷
কিমান দূৰ আহিলে, কিমান কাম কৰিলে চাওক
আপুনি যদি ডাঙৰ কাম এটা কৰি আছে বা বা বহুদিনৰ পৰা কাম এটাত লাগি আছে কিন্তু আজি সেয়া কৰিবলৈ বা কৰি থাকিবলৈ অলপো মটিভেচন নাই যেন পাইছে, তেতিয়া অলপ সময় ৰৈ মন কৰক এতিয়ালৈ আপুনি কিমান কাম কৰিলে আৰু কিমান দূৰ আহিলে৷ নিজৰ অগ্ৰগতি মন কৰিলে আপুনি দেখিব যে ইতিমধ্যে হয়তো আপুনি বহুতখিনি আগবাঢ়িছে, বহুত ফলাফল লাভ কৰিছে৷ সেই কথাটো মন কৰাৰ লগে লগে এই প্ৰগতিয়ে আপোনাক মটিভেট কৰিব কামটো কৰি থাকিবলৈ, এৰি নিদিবলৈ৷
কি কাৰণে কৰি আছে মনত পেলাওক
যদি মটিভেচন নোহোৱা হৈছে তেতিয়া আপুনি যি কাম কৰি আছে সেই কামটো কিয় কৰি আছে মনত পেলাওক৷ কাম এটা কৰাৰ কাৰণটোৱে আমাক সদায় মটিভেট কৰি থাকে৷ কেতিয়াবা আমি সেয়া পাহৰি যাও৷ কামটো কৰাৰ কাৰণটো আকৌ মনত পেলালে আপুনি লগে লগে নিজকে আকৌ অনুপ্ৰাণিত অনুভৱ কৰিব৷ মাত্ৰ সেই কাৰণটো এতিয়াও আপোনাৰ বাবে জৰুৰী, মৰমৰ, আৰু প্ৰয়োজনীয় হ’ব লাগিব৷
এক্সাচাইজ
দেখাত এক্সাচাইজৰ আপোনাৰ মটিভেচনত একো প্ৰভাৱ নাই যেন লাগিব পাৰে, কিন্তু আপোনাৰ শাৰীৰিক আৰু মানসিক স্থিতিৰ ওপৰত ই পোনপটীয়াকৈ প্ৰভাৱ পেলায় আৰু আপোনাক ই মটিভেট কৰি ৰখাত সহায় কৰিব পাৰে৷ নিয়মীয়াকৈ এক্সাচাইজ কৰা মানুহ এজনক সোধক, তেওঁ ক’ব তেওঁ ইয়াৰ পৰা দৈনন্দিন জীৱনত কিমান লাভ পাইছে৷ আপোনাৰ নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ বাঢ়িব, আপুনি বেছি মনোযোগেৰে কাম কৰিব পাৰিব, কামবোৰ কৰি ভাল লাগিব, মনটো ভাল লাগি থাকিব আৰু ফলত আপোনাৰ কাম বেছি কৰা হ’ব আৰু বেছি ভাল ফলাফল আপুনি প্ৰতিদিনে লাভ কৰিব৷ আৰু এই কথাবোৰে আপোনাক মটিভেট কৰি থাকিব৷