ডেভিড গগিনচ৷ পৃথিৱীৰ জীৱিত আটাইতকৈ অদম্য মানুহ বা টাফেষ্ট মেন৷
ডেভিড নেভী চিল ট্ৰেইনিং, ইউ এছ আর্মী ৰেঞ্জাৰ স্কুল আৰু এয়াৰ ফর্চ টেক্টিকেল এয়াৰ কন্ট্ৰ’লাৰ ট্ৰেইনিং সমাপ্ত কৰা আমেৰিকান আর্মীৰ একমাত্ৰ সদস্য৷ বেছিভাগ মানুহৰ বাবে ইয়াৰ মাত্ৰ এটা কৰি শেষ কৰাই বহুত ডাঙৰ কথা৷
তেওঁ বর্তমান ২৪ ঘন্টাত আটাইতকৈ বেছি সংখ্যক পুল আপ কৰাৰ ৰেকর্ড হল্ডাৰ৷ আটাইতকৈ সাংঘাটিক আৰু ভয়ংকৰ আল্ট্ৰামাৰাথনত জয় লাভ কৰাৰ ৰেকর্ডো আছে তেওঁৰে৷
তেওঁ প্ৰায়ে নিজকে শাৰীৰিক আৰু মানসিক লিমিটৰ সীমা পাৰ কৰিবলৈ বাধ্য কৰে৷ এবাৰ তেওঁৰ লগৰবহু কেইজনা নেভী চিলৰ সামৰিক অপাৰেচন এটাত মৃত্যু ঘটাৰ পিছত তেওঁ স্পেচিয়েল অপাৰেচনস ৱাৰিয়ৰ ফাউণ্ডেচনৰ বাবে টকা গোটাবলৈ চেন দিয়েগ’ ৱান দে মাৰাথনত দৌৰিবলৈ ওলাল যত ১০০ মাইল বা ১৬০ কিল’মিটাৰ দৌৰিব লাগে৷ তেতিয়ালৈকে যোৱা এবছৰত কিন্তু ডেভিদে কতো দৌৰাই নাই৷
এই দৌৰত ভৰিৰ নানা ধৰণৰ হাড় ভাঙিছিল, মাচল টিয়াৰিং হৈছিল, ট্ৰেচৰ বাবে ফ্ৰেকচাৰ হৈছিল৷ তেওঁৰ এনে অৱস্থা হৈছিল যে ৭০ মাইল পোৱাৰ পিছত তেওঁৰ মাত্ৰ ২০ ফুট দূৰত থকা টয়লেটলৈ যাবলৈ শক্তি নাছিল আৰু ফলত তেনেদৰে পেচাব কৰিবলগীয়া হৈছিল যিয়ে তেওঁৰ ভৰিৰ ৰপা ওলোৱা তেজবোৰ ধূই নিছিল৷ কিন্তু এনে অৱস্থাৰ পিছতো তাতে ৰেচ নেৰি তেওঁ ১০০ মাইলৰ দৌৰ শেষ কৰিছিল নির্ধাৰিত ২৪ ঘন্টাৰ বহু আগতে৷
ডেভিদে তিনিবাৰ Hell Week শেষ কৰিছিল৷ নেভী চিল হ’বলৈ হ’লে প্ৰতিজন সদস্যই এসপ্তাহৰ এই Hell Week পাৰ কৰিব লাগে৷ ই চিল ট্ৰেইনিঙৰ আটাইতকৈ টান সময়৷ ট্ৰেইনি সকলক ১২৫ ঘন্টা একৰাহে ট্ৰেইনিঙ দিয়া হয় যাৰ ভিতৰত মাত্ৰ দুঘন্টামানহে তেওঁলোকে শুবলৈ সময় পায়৷ তেওঁলোক ঠাণ্ডাত, তিতা কাপোৰৰে সৈতে থাকিব লাগে৷ তেওঁলোকক এনে পৰিস্থিতিত পেলোৱা হয়যত তেওঁলোকৰ শাৰীৰিক আৰু মানসিক শক্তি শেষ হৈ যায়৷ তাত এটা বেল থাকে যিটো বজাই দিলে আপুনি সেই ট্ৰেইনিঙৰ পৰা বাহিৰ ওলাই যাব পাৰে কিন্তু বেলটো বজোৱা মানে আপুনি আৰু নেভী চিল নহয়৷ এনে ধৰণৰ অমানুষিক কষ্টৰ Hell Week ডেভিদে তিনিবাৰ চেষ্টা কৰিছিল কৰিছিল, তাকো এবছৰৰ ভিতৰত৷
The 40% Rule
San Diego ৰ ৰেচত ডেভিদৰ কাম দেখাৰ পিছত জেচি ইটজলাৰে ডেভিডক মাতিলে নিজৰ ঘৰত এমাহৰ বাবে থাকিবলৈ৷ ডেভিদৰ চর্ত আছিল এটাই- জেচি ডেভিদে যি কৰিবলৈ ক’ব তাকে কৰিব৷ প্ৰথম দিনাখনেই ডেভিদে জেচিক ১০০ টা পুল আপ কৰিবলৈ ক’লে৷ প্ৰথমতে জেচিয়ে ৮ টা পুল আপ মাৰিলে, তাৰ পিছৰ চেটত ৬ টা কৰিলে আৰু তাৰ পিছৰ চেটবোৰত পুল আপৰ সংখ্যা অৰু কমি গ’ল৷ কিন্তু ১০০ টা পুল আপ নমৰালৈকে ডেভিদে নেৰিলে৷ উপায় নাপায় শেষত এটা এটাকৈ পুল আপ মাৰি জেচিয়ে ১০০ টা পুল আপ মাৰি শেষ কৰিলে৷ ডেভিদৰ লগত কটোৱা সময়খিনিৰ কথাৰে জেচিয়ে কিতাপ এখন লিখিছিল “Living with a Seal”.
তাত উল্লেখ কৰা আছে এই ৪০% নিয়মটো৷
এই নিয়মমতে– যেতিয়া আপোনাৰ মনটোৱে আপোনাক কৈছে যে হ’ব আৰু, আৰু নোৱাৰে, ভীষণ ভাগৰ লাগিছে, ইয়াতকৈ আৰু কৰিব নোৱাৰে, তেতিয়া দৰাচলতে আপুনি মাত্ৰ ৪০% হে কৰিছে৷
তাৰমানে আপোনাৰৰ মাজত আৰু বহু শক্তি, সামর্থ আৰু উৎসাহ বাকী আছে৷ আপুনি মাত্ৰ ইয়াক বিচাৰি ব্যৱহাৰ কৰিব লাগে৷
কথাটো যে সঁচা সেয়া যিকোনো জিমলৈ যোৱা, মাৰথন দৌৰা মানুহ এজনে ক’ব পাৰিব৷ খেলুৱৈ এজনে ক’ব কথাটো সঁচা৷ আপুনি যেতিয়া মাৰাথন দৌৰে তেতিয়া ১০-১৫ মিনিটমানৰ পিছত আপোনাৰৰ শৰীৰটো বিষাবলৈ লয়, উশাহ-নিশাহ চুটি হৈ আহে, আৰু নোৱাৰো নোৱাৰো লাগি যায়৷ যদি আপুনি সেই কথা মানি ৰৈ দিয়ে অপোনাৰ আৰু দৌৰা নহ’ব৷ কিন্তু যদি আপুনি তাক অতিক্ৰম কৰি “আৰু অলপ, আৰু অলপ” বুলি দৌৰি থাকে তেতিয়াহে আপুনি মাৰাথন এটা শেষ কৰিব পাৰিব৷ জিমত ৱর্কআইট এটা কৰি থকা মানুহ এজনৰ মাজে মাজে লাগি যায় “আৰু নোৱাৰোঁ, হ’ব আৰু” ৷ তেওঁ যদি তাতে ৰৈ দিয়ে তেতিয়া তেওঁৰ আৰু সেই ৱর্কআউটটো শেষ কৰা নহ’ব৷ কিন্তু যিসকলে ৰৈ নিদিয়ে তেওঁলোকে সদায় সেই ৱর্কআউটটো কৰি শেষ কৰিব পাৰে৷ তাৰমানে আমি ভবাতকৈ আমৰ শৰীৰত আৰু মনত সেই শক্তি থাকে যিয়ে আমাক এনেদৰে নোৱাৰো বুলি ভবা কামবোৰ কৰিবলৈ শক্তি দিয়ে, সীমাবোৰ অতিক্ৰম কৰিবলৈ সহায় কৰে৷
ইয়াক আপুনি যিকোনো কথাতে ব্যৱহাৰ কৰিব পাৰে৷ পঢ়া-শুনাত, খেলাত, নিজৰ বিজনেচত সকলো ক্ষেত্ৰতে আপুনি ইয়াক নিজৰ সুবিধামতে ব্যৱহাৰ কৰিব পাৰে৷
মানুহৰ যি স্পিৰিট আছে সেই স্পিৰিটটোৱে আমি ভবাতকৈ আৰু আনকি কল্পনা কৰাতকৈ বহু বেছি কিবা কিবি কৰিব পাৰে৷ আমি সাধাৰণতে দুখ-কষ্টৰ পৰা আতৰি পলাও কিন্তু দুখ-কষ্টৰ অবিহনে আপুনি কি কৰিব পাৰিব৷ এই দুখ =কষ্ট গ্ৰহণ নকৰিলে আমাৰ সামর্থৰ মাত্ৰ ৪০% ব্যৱহাৰ হ’ব নেকি, বাকীখিনি ব্যৱহাৰ নোহোৱাকৈ থাকি যাব নেকি?
যদি আমি অলপ কষ্ট হলেই কাম এটা কৰা এৰি দিও তেতিয়া আমি জীৱনটোৰ মাত্ৰ ৪০% হে জীয়াই নাথাকিম জানো? আপুনি জানো সেয়া বিচাৰে?