Close

শাস্ত্ৰীয় সংগীতৰ সহায়ত কেনেদৰে মন দি শুনিবলৈ শিকিব পাৰি

সংগীতৰ বৰ শক্তি আছে৷ ই আপোনাক নানা সুবিধা প্ৰদান কৰিব পাৰে৷ ই আপোনাক সান্ত্বনা দিয়ে, সুখী কৰে, আপোনাৰ দুখত সংগ দিয়ে, আপোনাক অনুপ্ৰেৰণা দিয়ে আৰু এক উচ্চতৰ পর্যায়লৈ আপোনাক তুলি নিয়ে৷ যিকোনো ঠাইতে, যিকোনো সময়তে ই আপোনাক সহায় কৰিব পাৰে আৰু ই আপোনাক কৰিব পৰা সহায়ৰ কোনো সীমা নাই৷ সংগীতে আপোনাৰ জীৱনৰ আন এক দিশো উন্নীত কৰাত সহায় কৰিব পাৰে৷ সেয়া হ’ল- মন দি শুনা (listening) ৰ ক্ষমতা৷

মন দি শুনা যোগাযোগ বা কমিউনিকেচনৰ গুৰুত্বপূর্ণ অংশবোৰৰ এটা, কিন্তু একে সময়তে আটাইতকৈ অৱহেলিত কৌশল৷ মানুহে প্ৰায়ে আন মানুহৰ কথা শুনে, কিন্তু মন দি নুশুনে৷

আপুনি কেৱল শুনে (hear) নে মন দি শুনে (listen)?

আপুনি যদি সংগীত শুনাৰ সলনি মন দি শুনিবলৈ শিকে, এই অনুশীলনটোৱে এক ভাল অভ্যাসৰ সৃষ্টি কৰিব যিটোৱে নানা ধৰণে আপোনাক সহায় কৰিব৷ শাস্ত্ৰীয় সংগীতে আপোনাক এই ক্ষেত্ৰত সহায় কৰিব পাৰে কাৰণ শাস্ত্ৰীয় সংগীত ভালদৰে বুজিবলৈ আৰু উপভোগ কৰিবলৈ হ’লে আপুনি ইয়াক মন দি শুনিবই লাগিব৷ নহ’লে ৰাগবোৰ, স্বৰৰ উঠা-নমা, গায়ক/গায়িকাৰ মাত, সংগীতৰ ভিতৰৰ ৰস আদি আপুনি একো ধৰিব নোৱাৰিব৷ আপুনি যদি শাস্ত্ৰীয় সংগীত শুনা আৰম্ভ কৰে মন দি শুনাৰ অভ্যাস গঢ়াটো আপোনাৰ বাবে সহজ হ’ব আৰু এই অভ্যাসটো আনৰ লগত কথা পাতোতে আপুনি ব্যৱহাৰ কৰিব পাৰিব৷ অকল এই কথাটোৱে আপোনাৰ যোগাযোগক অসম্ভৱ ধৰণে উন্নীত কৰি তুলিব৷

এয়া কেনেদৰে কৰিব পাৰি?

মন দি শুনিবলৈ ঠিৰাং কৰা

মন দি শুনিবলৈ আৰম্ভ কৰাৰ আগতে আপুনি বাজি থকা শাস্ত্ৰীয় সংগীত শুনিবলৈ এক সিদ্ধান্ত কৰিব লাগিব৷ আপুনি সিদ্ধান্ত কৰিব লাগিব যে আপুনি মন দি এই সংগীত শুনিব নে একে সময়তে আন কিবা কাম কৰাটো ব্যস্ত হৈ থাকিব৷ কাৰণ আপুনি যদি একেসময়তে আন এটা বা ততোধিক কাম কৰিবলৈ চেষ্টা কৰে, তেতিয়া আপুনি কেতিয়াও মন দি এই শাস্ত্ৰীয় সংগীত শুনিব নোৱাৰিব৷

মন দি শুনি থকা সংগীতত ফ’কাছ কৰক

আপুনি যদি শাস্ত্ৰীয় সংগীত বুজিব বিচাৰে আৰু উপভোগ কৰিব বিচাৰে তেন্তে আপুনি যি ঘটি আছে (বাজি থকা শাস্ত্ৰীয় সংগীত) তাৰ ওপৰত ফ’কাছ কৰিব লাগিব৷ আপুনি কনচার্ট এখনত আছে বা ইউটিউবত শাস্ত্ৰীয় সংগীত শুনিছে, যিয়েই নকৰক আপুনি ফ’কাছ কৰিলেহে সেয়া বুজি পাব আৰু উপভোগ কৰিব পাৰিব৷ সেই ফ’কাছ নাথাকিলে আপুনি কেতিয়াও শাস্ত্ৰীয় সংগীত বুজি নাপায় আৰু উপভোগ কৰিব নোৱাৰে৷

ফ’কাছ ধৰি ৰখা

এবাৰ শাস্ত্ৰীয় সংগীতত ফ’কাছ কৰাৰ পিছত হঠাত আপোনাৰ মনটো ইফালে-সিফালে যাব পাৰে, আন চিন্তা মনলৈ আহিব পাৰে৷ শাস্ত্ৰীয় সংগীত শুনাত ফ’কাছ কৰি থাকিলে শেষলৈকে ইয়াক বুজি পোৱাত আৰু উপভোগ কৰাত সহায় কৰিব৷ এই কামটোৱে আটাইতকৈ ভালধৰণে শাস্ত্ৰীয় সংগীত উপভোগ কৰাত আপোনাক সহায় কৰিব৷

গতিকে শাস্ত্ৰীয় সংগীত শুনা আৰম্ভ কৰোঁ আহক আৰু আমাৰ যোগাযোগ ব্যৱস্থাটোক আৰু উন্নত কৰোঁ৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top