Close

মনৰ বিশৃঙ্খলা কেনেদৰে নোহোৱা কৰিব?

আমাৰ চাৰিওফালটো যেতিয়া বিশৃঙ্খল হৈ থাকে তেতিয়া আমি সেয়া ঠিক থাক কৰিব পাৰোঁ, চাফা কৰিব পাৰোঁ, পৰিপাটি কৰিব পাৰোঁ৷ কিন্তু অকল আমাৰ চাৰিওফালৰ বস্তুবোৰেই বিশৃঙ্খল হৈ নাথাকে, কেতিয়াবা আমাৰ মনটোৰ ভিতৰটোও বিশৃংখল অৱস্থাত থাকে৷

খুব ব্যস্ত হৈ থাকোতে আমাৰ মনটোৰ ভিতৰৰ ঠাইবোৰ ভর্তি হ’বলৈ ধৰে৷ আভ্যন্তৰীণ চিন্তাবোৰ জমা হৈ গৈ থাকে৷ ষ্ট্ৰেছ আৰু উদ্বেগ সৃষ্টি হ’বলৈ আৰম্ভ কৰে, আৰু এইবোৰ জমা হৈ গৈ থাকে৷ বিশেষকৈ ব্যক্তিগত সমস্যা মুখামুখি হওতে আৰু জীৱনত সংগ্ৰাম কৰোতে আমাৰ মনৰ ঠাইবোৰ নানাধৰণৰ চিন্তা-ভাৱনাৰে বিশৃংখল হৈ পৰে৷

তেনে যদি আপোনাৰ হয় বা এতিয়া হৈ আছে কেনেদৰে এই বিশৃংখলা ঠিক কৰিব?

অলপ ৰওক

যদি আপুনি খুব ব্যস্ত তেতিয়াহ’লে মাজতে অলপ সময় ৰ’বলৈ শিকক৷ এঠাইত বহি লৈ আপোনাৰ উশাহ-নিশাহৰ ওপৰত গুৰুত্ব দিয়ক৷ বিপাসনা বা আন মেডিটেচনত শিকোৱাৰ দৰে নিজৰ উশাহত মনটো স্থিৰ কৰি কেনেদৰে বতাহ আপোনাৰ নাকেৰে পাৰ হৈ গৈছে, তেতিয়া আপোনাৰ কেনে লাগিছে, নাকৰ বেৰবোৰত কেনে সুৰসুৰণি অনুভৱ হৈছে সেয়া চাবলৈ যত্ন কৰক৷ তেনেদৰে নিশাহত বা উশাহ এৰোতে আপোনাৰ কেনে অনুভৱ হৈছে সেয়া মন কৰিবলৈ চেষ্টা কৰক৷ এই সময়খিনিত অকল উশাহ-নিশাহত কি হৈ আছে তাতহে মনটো একেবাৰে স্থিৰ কৰিবলৈ যত্ন কৰি চাওকচোন৷

অকল প্ৰয়োজনীয়বোৰ বাচি উলিয়াওক

আপোনাৰ মনত নানা কথা চলি আছে৷ পৰিয়াল, ঘৰ, অফিচ, নিজৰ জীৱন আদিৰ বিষয়ে নানা ধৰণৰ কথা মনৰ মাজত চলি থাকে৷ তাৰ লগতে আছে টিভি, মবাইল ফোন, বাতৰি কাকত, আন মানুহ আদিৰ পৰা আপুনি লাভ কৰা নানা ধৰণৰ তথ্য আৰু খবৰ৷ এই সকলোবোৰ কিন্তু আপোনাৰ বাবে জৰুৰী নহয়৷ তাৰ ভিতৰত মাত্ৰ কিছুমান কথাহে আপোনাৰ বাবে, আপোনাৰ জীৱনৰ বাবে জৰুৰী৷ সেই কথাবোৰ বিচাৰি উলিয়াওক৷

নলগাবোৰ বাদ দিয়ক

যিবোৰ আপোনাৰ প্ৰয়োজনীয় কথা সেইবোৰ ৰাখি বাকীবোৰ বাদ দিয়ক৷ মনটো নানা ধৰণৰ কথাৰে ভর্তি কৰি ৰাখি আপোনাৰ বাবে বেয়াহে হ’ব৷ যিবোৰ কথা আপোনাৰ বাবে প্ৰয়োজনীয় নহয় সেইবোৰ কথা বাদ দি দিলে মাত্ৰ অলপ কথাহে আপোনাৰ বাবে থাকি যাব৷ আপোনাৰ বাবে যিবোৰ প্ৰয়োজনীয় সেইবোৰ আনৰ বাবে নহ’ব পাৰে আৰু আনৰ বাবে যিবোৰ প্ৰয়োজনীয় সেইবোৰ আপোনাৰ বাবে প্ৰয়োজনীয় নহ’ব পাৰে৷ তেতিয়া সেই কথাবোৰ পৰিপাটিকৈ সজাই ল’বলৈ আপোনাৰ সুবিধা হ’ব৷ মনটো বহুত পৰিপাটি হৈ পৰিব৷

লিখি লওক

আপোনাৰ মনটো খালী কৰাৰ আন এটা উপায় হ’ল মনত সোমাই থকা কথাবোৰ লিখি লোৱাটো৷ আপোনাৰ মনত যদি বহু কথা আছে তেন্তে সেইবোৰ এখন জার্নেল বা ডায়েৰীত লিখি যাওক৷ তেতিয়া সেইবোৰ হেৰাই নাযায় কিন্তু আপুনি অনবৰতে সেইবোৰ কঢ়িয়াই লৈও ফুৰিব নালাগে৷ আপোনাৰ মনটো যথেষ্ট পৰিমাণে খালী হৈ পৰিব৷ আৰু পিছত যদি ইয়াৰে কিবা কথা প্ৰয়োজনীয় হয় সেইবোৰ আপুনি চাব পাৰিব৷ আৰু এনেদৰে লিখি ল’লে কোনবোৰ প্ৰয়োজনীয় আৰু কোনবোৰ নহয় সেয়া মন কৰিবলৈ আপুনি বেছি ভাল পাব৷

চাৰিওফালটো পৰিপাটি কৰক

আপোনাৰ চাৰিওফালৰ পৰিবেশটোৰ আপোনাৰ মনৰ ওপৰত আৰু আপুনি কি অনুভৱ কৰে তাৰ ওপৰত যথেষ্ট প্ৰভাৱ আছে৷ যদি এই পৰিবেশটো বিশৃংখল তেন্তে আপোনাৰ মনটোও বিশৃংখল যেন লগাৰ সম্ভাৱনাই বেছি৷ এই বাহিৰৰ পৰিবেশটো ঠিক কৰিলে ই আপোনাৰ মনটোৰ বিশৃংখলাও ঠিক কৰিব৷

এটা সময়ত এটা কাম

এটা সময়ত এটা কাম কৰক৷ আপুনি যিমানে মাল্টিটাস্কিং কৰিবলৈ যাব সিমানে ষ্ট্ৰেছ বেছি হ’ব৷ এনে কৰিবলৈ গ’লে কামবোৰ কৰিও আপুনি শান্তি নাপাব৷ গতিকে এটা সময়ত মাত্ৰ এটা কামতে ফ’কাছ কৰক৷ সেই কামটো হৈ গ’লে আপুনি তাৰ পিছৰ কামটোত ফ’কাছ কৰিব পাৰিব৷

মেডিটেচন

যদি আপুনি পাৰে তেনেহ’লে মেডিটেচন কৰা আৰম্ভ কৰক৷ মেডিটেচনৰ শক্তি ইতিমধ্যে বিভিন্ন ধৰণৰ গৱেষণাত প্ৰমাণিত হৈছে৷ আপুনি মেডিটেচন কৰিলে আপোনাৰ মনটো আগতকৈ বহু বেছি শৃংখলিত হ’ব৷ মেডিটেচনে আপোনাৰ দিনটোক ধীৰ-স্থিৰ কৰি তুলিব আৰু সেইবাবে আপুনি বর্তমান মুহূর্তটোত উপস্থিত থাকিব পাৰিব, এই মুহূর্তত কি ঘটি আছে সেয়া মন কৰিব পাৰিব৷ এনে কৰিব পাৰিলে আপুনি মনটোক আগতকৈ বেছি ভালদৰে অনুভৱ কৰিব পাৰিব, বুজিব পাৰিব আৰু আগতকৈ ভালদৰে শৃংখলাবদ্ধ কৰিব পাৰিব৷ 

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top