Close

পজিটিভ এটিটিউড

আমাৰ চাৰিওফালে নিগেটিভ কথা, নিগেটিভ চিন্তাৰ পয়োভৰ৷ বাতৰি কাকত, চচিয়েল মিডিয়া, ওচৰ-পাজৰৰ মানুহ সকলো ফালৰ পৰাই বিভিন্ন ধৰণৰ নিগেটিভ ভাৱ আৰু চিন্তাই আহি আপোনাৰ মগজুৰ, মনৰ ঠাই দখল কৰিবলৈ হেতাওপৰা লগাই আছে৷ এনেদৰে আন মানুহৰ পৰা আমি নিগেটিভিটি লাভ কৰাৰ লগতে নিগেটিভিটিৰ আন এটা উৎস হৈছো আমি নিজে৷ 

আমি প্ৰতিদিনে সন্মুখীন হোৱা নিগেটিভিটি বোৰৰ প্ৰধান উৎস হ’ল এইবোৰ-

আন মানুহৰ লগত হোৱা যুক্তিতর্ক, ভবিষ্যতৰ বিষয়ে বেয়া চিন্তা (দুঃচিন্তা), ভয়, দোষ দিয়া, অভিযোগ কৰা কাম, সমালোচনা কৰা, অবিশ্বাস, ঈর্ষা, পৰচর্চা আদি৷

এই উৎসবোৰৰ পৰা বিভিন্ন ধৰণৰ নিগেটিভিটি, নানা ধৰণে আহি আমাৰ মনত সোমাই পৰিব পাৰে৷ এইবোৰত আমাৰ হাত সাধাৰণতে নাথাকে আৰু এইবোৰ আমি নিয়ন্ত্ৰণ কৰিবও নোৱাৰোঁ৷ যদি এয়া আমাৰ নিজৰ পৰা হোৱা সৃষ্টি তেতিয়া অৱশ্যে আমি ইয়াক নিজৰ মতে নিয়ন্ত্ৰণ কৰিব পাৰোঁ৷

পজিটিভ এটিটিউড এটাৰ আপোনাক কি প্ৰয়োজন?

পজিটিভ এটিটিউড এটাই আপোনাৰ মন আৰু স্বাস্থ্য দুয়োটাই ভালে ৰাখিব পাৰে৷ ই আপোনাৰ সম্পর্কবোৰ ভাল কৰিব পাৰে, স্বাস্থ্য ভাল কৰিব পাৰে আৰু জীৱনত বেছি সফলতা লাভ কৰিবলৈ সহায় কৰিব পাৰে৷ পজিটিভ এটিটউড এটা থাকিলে ই আপোনাৰ শৰীৰৰ শক্তি বঢ়ায়, অন্তঃশক্তি বঢ়ায়, আনক উৎসাহিত কৰে আৰু নানা দুখ-কষ্ট-যন্ত্ৰণা আৰু সমস্যাৰ মুখামুখি সাহসেৰে হ’বলৈ সহায় কৰে৷ পজিটিভ চিন্তা আৰু এটিটিউডে ডিপ্ৰেচন কমায় আৰু নোহোৱা কৰে, মানসিক স্বাস্থ্য ঠিকে ৰাখে৷

পজিটিভ এটিটিউড এটাৰ সৃষ্টি আপুনি কিদৰে কৰিব পাৰে?

পজিটিভ মানুহৰ লগত থাকক

আপুনি যদি পজিটিভ মানুহৰ লগত থাকে তেন্তে তেওঁলোকৰ পৰা আপুনি পজিটিভ কথা শুনিব, পজিটিভ চিন্তাহে পাব আৰু অকল পজিটিভ চিন্তা, ভাৱ, কথা শুনাৰ বাবে, লাভ কৰাৰ বাবে আপোনাৰ মনতো বেছিকৈ পজিটিভ কথাহে উৎপন্ন হ’ব৷ তেওঁলোকৰ পৰা আপুনি শক্তি পাব, পজিটিভ শক্তি৷

আপোনাৰ জীৱনৰ ভাল কথাবোৰ মন কৰক

আপোনাৰ জীৱনত যিবোৰ ভাল কথা আছে সেইবোৰ মন কৰিলে আৰু লিখি ল’লে এইবোৰে আপোনাৰ মনটো ভাল লগাব আৰু পজিটিভ কৰিব৷ আপুনি দেখিব যে আপোনাৰ জীৱনতো কিছুমান হলেও ভাল কথা আছে৷ এনেদৰে ভাল কথাবোৰ মন কৰিলে, মনটো ভাল লাগিলে আপোনাৰ ভবিষ্যতৰ বিষয়েও ভাল ভাব হ’ব, ভাল চিন্তা হ’ব, পজিটিভ চিন্তা হ’ব৷ ই লাহে লাহে জীৱনৰ প্ৰতি আপোনাৰ এটিটিউডক পজিটিভ কি গৈ থাকিব৷

সৰু সৰু লক্ষ্য ঠিক কৰি সেইবোৰ লাভ কৰক

এই কামটো কৰাটো এইবাবেই জৰুৰী কাৰণ আপুনি যেতিয়া সৰু সৰু লক্ষ্য ঠিক কৰি ল’ব আৰু এইবোৰ লাভ কৰিব তেতিয়া আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ আত্মবিশ্বাস বৃদ্ধি পালে আপোনাৰ ভবিষ্যত আৰু বর্তমানৰ বিষয়ে চিন্তাবোৰ পজিটিভ হ’ব৷ কিবা সমস্যা হলেও আপুনি বুজি পাব যে নিজৰ আত্মবিশ্বাসৰ সহায়ত আপুনি কাম কৰি সেই সমস্যাক অতিক্ৰম কৰিব পাৰিব৷ সৰু সৰু লক্ষ্য ঠিক কৰি ল’লে এইবোৰ লাভ কৰিবলৈ সহজ হ’ব আৰু তেতিয়া আপোনাৰ আত্মবিশ্বাস সহজে বাঢ়িব৷

নিগেটিভ চিন্তাৰ লগত সদায় যুজক

আপোনাৰ মনলৈ নিগেটিভ চিন্তা আহিবই৷ আপুনি নিগেটিভ চিন্তা একেবাৰে নহা কৰিব নোৱাৰে৷ গতিকে ইমানখিনি সচেতন হ’ব লাগিব যে তেনে চিন্তা অহাৰ লগে লগে আপুনি সেই বিষয়ে গম পাব লাগিব আৰু চিন্তাটোক ইগন’ৰ বা আওকাণ কৰিব লাগিব৷ তাক বাধা দিব নালাগে, মাত্ৰ আওকাণ কৰিলে অলপ সময় পিছত সি নিজে নিজে নোহোৱা হৈ যাব৷

নিজৰ মনটোক উন্নীত কৰক

পজিটিভ এটিটিউড এটা আপুনি সৃষ্টি কৰিব পাৰে আৰু তাৰবাবে আপোনাৰ মনটোক বা নিজকে আপুনি ক্ৰমান্বয়ে উন্নীত কৰি গৈ থাকিব লাগিব৷ আপোনাক লাগিব পার্চনেল ডেভেলপমেন্ট৷ তেনে হ’লে আপুনি বুজি পাব যে সকলো মানুহৰে ফ্ৰি ৱিল এটা থাকে আৰু মানুহ এজন নিজে বিচাৰিলে তেওঁ সদায় নিজকে উন্নিত কৰিব পাৰে, জীৱনটো আৰু ভাল কৰি তুলিব পাৰে৷ আপুনি যদি যি অৱস্থাতে নাথাকক এই কথাটো সঁচাকৈয়ে বিশ্বাস কৰিব পাৰে যে মানুহে নিজে বিচাৰিলে নিজেক আৰু ভাল কৰি তুলিব পাৰে আৰু নিজকে ভাল কৰাৰ বাবে আপুনি কাম আৰম্ভ কৰে তেতিয়া আপোনাৰ এটিটিউডটো বহুখিনি পজিটিভ হৈ পৰিব৷

এই কেইটা সৰু সৰু কাম কৰক আৰু চাওকচোন আপুনি এটা পজিটিভ এটিটিউডৰ কম সময়তে কেনেদৰে সৃষ্টি কৰিব পাৰে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top