আপোনাৰ ক্ষেত্ৰতো চেলফ টকে একেদৰেই কাম কৰে৷ আপুনি যদি সুখী বা দুখী তাৰ কাৰণ যিমানখিনি বাহিৰত আছে তাতোকৈ বহু বেছি হয়তো আপোনাৰ ভিতৰত আছে৷ চেলফ টকে আপোনাক সুখী কৰিছে নে দুখী কৰিছে? এবাৰ চাওকচোন আপুনি নিজৰ লগত কি কথা পাতি আছে৷ আপুনি যদি নিজৰ লগত কথা পাতোতে কৈ আছে “আন মানুহবোৰ মোতকৈ ধুনীয়া, আন মানুহবোৰ মোতকৈ ভাল, সেই মানুহবোৰ মোতকৈ ধনী,” ইত্যাদি কথা তেনেহ’লে আপোনাৰ মনটো ভাল লাগিবনে? আপুনি সুখী হ’ব পাৰিবনে৷
আপুনি যদি নিজকে কয়, “মই ধনী হ’লেহে সুখী হ’ব পাৰিম”, তেতিয়াহ’লে আপুনি সদায় সুখী হ’বলৈ এক চর্ত পূৰণ হোৱালৈকে ৰৈ থাকিব লাগিব৷ সেই চর্তটো পূৰণ হোৱালৈকে যিখিনি সময় আপুনি পাইছিল সেয়া সুখী নোহোৱাকৈ নষ্ট নহ’বনে? আপুনি যদি নিজকে মনতে কয়, “মোৰ কাম নাই, মই একো নোৱাৰোঁ,” তেনহ’লে আপুনি সঁচাকৈ কিবা কৰিব পাৰিবনে? আপোনাৰ আত্মবিশ্বাস থাকিবনে? আপুনি স্মার্ট হ’ব পাৰিবনে? আপুনি বিচৰা বস্তুবোৰ লাভ কৰিবলৈ কাম কৰিব পাৰিবনে?
এনেদৰে নিগেটিভ কথাবোৰ নিজৰ লগত পাতোতে পাতোতে আপোনাৰ চাবকনচিয়াছ মনটো তেনেদৰে প্ৰগ্ৰেম হৈ গৈছে৷
চাবকনছিয়াছ মনটোৱে নিজে একো নকৰে৷ ইয়াক যি খুৱায় সেইমতেই ই কাম কৰে৷ ই নিৰপেক্ষ৷ আপুনি যদি ইয়াক নিগেটিভলি প্ৰগ্ৰেমিঙ কৰিছে ই নিগেটিভ কথাই উলিয়াই দিব আৰু যদি পজিটিভ ভাৱে প্ৰগ্ৰেমিঙ কৰিছে তেনেহ’লে ই সকলো কথাতে আপোলোক পজিটিভ ভাব, চিন্তা, বিশ্বাসেই দিব৷
আপুনি যদি সদায় জাংক ফুড খায় তেতিয়া আপোনাৰ স্বাস্থ্য কেনে হ’ব? আপুনি যদি সদায় কেৱল নিগেটিভ ভিডিঅ চায়, বাতিৰ পঢ়ে, নিগেটিভ কথা আলোচনা কৰে তেতিয়া আপোনাৰ চাবকনচিয়াছ মনটো নিগেটিভেই হ’ব৷
নিজৰ চাবকনছিয়াছ মনটো যদি ৰিপ্ৰগ্ৰেমিঙ কৰাটো আপোনাৰ বাবে জৰুৰী বুলি ভাবে আৰু কৰিব বিচাৰে তেন্তে আপুনিনিজৰ চেলফ টক সলনি কৰিব লাগিব৷
ছেলফ টক সলনি কৰক
আপোনাৰ চেলফ টক সদায় পজিটিভ হ’ব লাগিব৷ আনকি কেতিয়াবা পৰাজিত হলেও, নোৱাৰিলেও, বেয়া সময়তো আপোনাৰ চেলফ টক পজিটিভ হ’ব লাগিব৷ আমাৰ চেলফ টক নবৰতে চলি থাকে৷ এতিয়া মই এই কথাখিনি কৈ থাকোতেও আপুনি নিজৰ লগত কথা পাতি আছে. কোনবাই ভাবিছে কি ফাল্টু কথা কৈ আছে, কেনে বৰিং ভিডিঅ, এই চোৱাতকৈ সেই হাঁহি উঠা ভিডিওটো চোৱাই ভাল৷ আন কোনোবাই ভাবিছে “অ এই কথাটো হয়তো, মই দেখোন এইটো কামত লগাব পাৰোঁ৷ কৰিম আজিৰ পৰাই৷” আপুনি যদি সঁচাকৈয়ে এই কামটো কৰে আপুনি নিজে নিজে গম পাব যে কিছুসময়ৰ পিছত আপোনাৰ চাবকনচিয়াছ মনটো পজিটিভ হ’বলৈ আৰম্ভ কৰিছে৷ কেনেদৰে গম পাব৷ কিবা এটা কথা শুনিলে, পঢ়িলে, গম পালে, কাম এটা কৰিবলৈ ওলালে আপোনাৰ মনৰ পৰা ওলাই অহা প্ৰথম কথাটো পজিটিভ হ’ব, নিগেটিভ নহয়৷
আমি বাস্তৱতকৈ কল্পনাতহে বেছি যন্ত্ৰণা ভোগ কৰোঁ
আমি বাস্তৱত যিমান যন্ত্ৰণা ভোগ কৰো তাতোকৈ বহু বেছি যন্ত্ৰণা আমি ভোগ কৰো কল্পনাত৷
দৰাচলতে তেনে হ’ব নালাগিছিল৷ বাস্তৱৰ যন্ত্ৰণাতকৈ আমাৰ কল্পনাৰ যন্ত্ৰণা কেতিয়াও বেছি হ’ব নালাগিছিল৷ কিন্তু বহুতৰে বাবে সেয়াই হয়৷
এনেকুৱা হ’ব, তেনেকুৱা হ’ব বুলি আমি ভয় খাই থাকো৷ যেতিয়া সেই ভবা কথাবোৰ ঘটাৰ সময় আহে তেতিয়া দেখা যায় যে তেনে ঘটনাবোৰ নঘটে আৰু কিছুমান ঘটিলেও সেইবোৰ আমি ঘটাৰ দৰে নঘটে৷ আৰু যিবোৰ ঘটে সেইবোৰৰ ক্ষেত্ৰত মানুহৰ দৰে আমি তাৰ সন্মুখীন হ’ব পাৰোঁ৷
যেতিয়া সেই বেয়া ঘটনাটো, দুর্ঘটনাটো সংঘটিত হ’ব তেতিয়া দেখা যাব৷ বা আপুনি তাৰবাবে এতিয়াৰ পৰা সাজু হৈ পৰিকল্পনা কৰি থৈ দিব পাৰে৷ কিন্তু সেয়া হ’ব বুলি কল্পনা কৰি প্ৰতিদিনে মৰি থকাৰ কিবা অর্থ আছে জানো?
কেতিয়াবা আমাৰ কল্পনা আমাৰ শত্ৰু হৈ পৰিব পাৰে৷ আমি দৰাচলতে যিমান কথা কল্পনা কৰোঁ তাৰ সকলোবোৰ নঘটে৷ বিশেষকৈ নিগেটিভ কথাবোৰ৷ আমি যিমান ভয় খাব লাগে তাতোকৈ বেছি ভয় খাও৷ আৰু ভয় খাও কথাবোৰ কল্পনা কৰি কৰিহে৷
আমাৰ মনটো যদি নিগেটিভ, মনৰ ভিতৰৰ সেই মাতটো যি সকলোৰে মনত থাকে, সেইটো যদি নিগেটিভ তেতিয়াহ’লে ই আমাক সদায় নিগেটিভ কথাই ক’ব৷ আমি সদায় এক নিগেটিভ ভবিষ্যতহে দেখা পাম৷ তেনেদৰে আত্মবিশ্বাস কম বাবে আনৰ পৰা অহা যিকোনো কথা বা তথ্যকে যদি আপুনি গ্ৰহণ কৰে তেতিয়া এই অভ্যাসটোও আপোনাৰ শত্ৰু হৈ পৰিব পাৰে৷
দুটা উদাহৰণ চাও আহক
আপুনি প্ৰতিদিনে এক্সাচাইজ কৰিম বুলি সিদ্ধান্ত এটা ল’লে৷ লগে লগে অপোনাৰ মনলৈ আহিল আপুনি টিভিত দেখা নানা ধৰণৰ খেলুৱৈসকলৰ আঘাতৰ ছবি আাৰু ভিডিঅ৷ আপোনাৰ মনলৈ আহিল যে এনেদৰে এক্সাচাইজ কৰোতে নানা ধৰণৰ সমস্যা হ’ব পাৰে, আঠুৰ সমস্যা, স্পণ্ডিলাইটিচ, হাড়ৰ সমস্যা, পিঠিৰ বিষ, গাৰ বিষ ইত্যাদি৷ আপুনি এক্সাচাইজৰ পৰা হ’ব পৰা অকল নিগেটিভ কথাবোৰহে দেখিলে৷ ফলত আপুনি এক্সাচাইজ কৰা কামটো আৰম্ভই নকৰিলে, কাৰণ “ইমান ৰিক্স কিয় ল’ব লাগে?” তাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত দীর্ঘদিনত কেনে প্ৰভাৱ পৰিব? পজিটিভ নে নিগেটিভ প্ৰভাৱ পৰিব?
ছাত্ৰী এগৰাকীয়ে পৰীক্ষাৰ দুমাহ আগৰ পৰাই ভাবি আছে যে পৰীক্ষা বেয়া হ’ব৷ ইমানদিনে পঢ়া নাছিল, গতিকে এইবাৰ নিশ্চয় ফেইল কৰিব৷ ফলত সেই দুমাহ ধৰি তেওঁ পঢ়াত কষ্ট পালে কিন্তু লগতে তেওঁ সাংঘাটিক ষ্ট্ৰেছতো ভূগিলে পৰীক্ষাৰ কথা ভাবি৷ পৰীক্ষা দিয়াৰ পিছত, ফলাফল দিয়াৰ পিছত গম পোৱা যাব যে তেওঁ পৰীক্ষাত কেনে কৰিছিল আৰু কিমান নম্বৰ পাইছিল৷ কিন্তু তাৰ আগতেই প্ৰায় দুমাহ ধৰি ছাত্ৰী গৰাকীয়ে যি মানসিক অশান্তিত ভূগিলে সেয়া জানো জৰুৰী আছিল৷
কথা বা কাম এটাৰ ফলাফল ভাল হোৱা আৰু বেয়া হোৱাৰ সম্ভাৱনা থাকিব পাৰে৷ কিন্তু আমি সাধাৰণতে সদায় বেয়া সম্ভাৱনটোৰ কথাহে কল্পনা কৰোঁ৷ আৰু সেয়ে আমি ঘটনা এটা ঘটাৰ আগতেই আমি তাৰ পৰা যন্ত্ৰণা পাবলৈ আৰম্ভ কৰোঁ৷
কিন্তু কিয় এনে হয়?
হয়তো আগতে, অতীতত ঘটা কিবা ঘটনাৰ বাবে আপোনাৰ মনটোৰ চিন্তাবোৰ প্ৰায়ে নিগেটিভ হৈ থাকে৷ তেনে অভিজ্ঞতাৰ পৰা আপোনাৰ বিশ্বাসে গঢ় লৈ উঠিছে যি বিশ্বাস নিগেটিভ আৰু আপুনি ভাবিছে যে বেয়া হোৱাৰ সম্ভাৱনা বেছি৷ আৰু সেয়ে এতিয়া প্ৰায়বোৰ কথাতে আপুনি নিগেটিভ ফলাফলহে দেখা পায়৷ এই বিশ্বাসবোৰৰ সহায় কৰিবলৈ আপুনি ক’ত প্ৰমাণ বিচাৰি পায়? চাইছেনে তেন প্ৰমাণ বিচাৰি৷ বিচাৰিলে আপুনি দেখিব যে তেনে কোনো প্ৰমাণ নাই৷ আৰু আগতে, অতীতত কিবা নিগেটিভ ঘটিছিল বাবে আজিও তেনেই হ’ব বুলি আপুনি কেনেকৈ গম পালে?
ভূতৰ চিনেমা এখন চাই এতিয়া কিবা ভয়ংকৰ ঘটিব ঘটিব বুলি ভয় লাগিব পাৰে, ই উত্তেজনা দিব পাৰে, কিন্তু তেনেদৰে জীয়াই থকাটো কোনোধৰণৰ জীয়াই থকাৰ পদ্ধতি নহয়৷ আজি যদি আপুনি সকলো কথাতে কেৱল নিগেটিভেই হ’ব বুলি, বেয়া হ’ব বুলি ধৰি লৈ জীয়াই আছে, এনেদৰে জীয়াই থকাটো কেনেধৰণৰ জীৱন-ধাৰণৰ পদ্ধতি বাৰু?
তেনে অৱস্থাত আপুনি কেনেদৰে জীৱনটো জীয়াই থাকিব৷ ই কেনেকুৱা জীৱন হ’ব?