ভাল কাম কৰিবলৈ হ’লে, সাংঘাটিক কাম কৰিবলৈ হ’লে, মৃত্যুৰ পিছতো লিগচী হিচাপে থাকি যোৱা কাম কৰিবলৈ হ’লে আমি সম্পূর্ণ ফ’কাছেৰে, তীব্ৰ ফ’কাছেৰে কাম কৰিব পাৰিব লাগিব৷ তেনে কাম নির্ভৰ কৰে আমি কামটোৰ বাবে দিয়া সময় আৰু কিমান তীব্ৰ ফ’কাছেৰে সৈতে আমি কামটো কৰিছোঁ৷
বতর্মান সময়ত আমাৰ ফ’কাছৰ বেছি প্ৰয়োজন কাৰণ আজিকালি ডিচট্ৰেকচন ৰ সংখ্যা ইমান বেছি আৰু সেইবোৰৰ আকর্ষণ ইমান বেছি যে ভালদৰে, ক’কাছ কৰি কাম কৰটো বেছি টান৷ এনে সময়তো যিহেতু খুব ভাল কাম কৰিবলৈ আমাক তীব্ৰ ফ’কাছ লাগিব সেয়া কেনেদৰে লাভ কৰিব পাৰি তাকে চাও আহক৷
এটা মাত্ৰ ফ’কাছ টার্গট বিচাৰি লওক
এটা সময়ত মাত্ৰ এটাহে ফ’কাছ টার্গেট বিচাৰি লওক৷ এক নির্দিষ্ট সময়ত মাত্ৰ এটা কামতহে ফ’কাছ কৰক৷ দুই তিনিটা কাম একেলগে কেতিয়াও কৰিবলৈ চেষ্টা নকৰিব? এটা সময়ত এটাহে কাম ভালদৰে আৰু ষ্ট্ৰেছ নোহোৱাকৈ কৰিব পাৰি৷ তীব্ৰ ফ’কাছ কৰিবলৈ হ’লে যি কামেই আপুনি হাতত লৈছে সম্পুর্ণভাৱে সমগ্ৰ মনটো তাতে দিব লাগিব৷ কাম এটা বাচি লওক আৰু সেই কামটোত কিমান সময় দিব সেয়া ঠিক কৰি লওক আৰু তাৰপিছত একাত্তচিত্তে সেই কামটো কৰিলৈ লাগি যাওক৷ তেনেদৰে মাত্ৰ এটা কাম কৰিবলৈ ল’লে আপুনি আন একো কথাই চিন্তা কৰিবলগীয়া নাথাকে আৰু তেতিয়া সম্পূর্ণভাৱে ফ’কাছ কৰা সম্ভৱ হয়, যাৰ ফলত কামটোৰ কোৱালিটি বহুত ভাল হ’ব৷
যদি আপোনাৰ টু ডু লিষ্ট আছে সেইখন চাই তাৰপৰা একেলগে দুই তিনিটা কাম বাচি নল’ব৷ তাৰে মাত্ৰ এটা কাম বাচি লওক আৰু যিমান সময় আপুনি ঠিক কৰি লৈছে সিমান সময় সেই কামটো কৰক৷ আন কথাত মন নিদিব৷ সেই সময়খিনিৰ ভিতৰত কেতিয়াবা কামটো শেষ হ’বও পাৰে, নহ’বও পাৰে৷
ডিচট্ৰেকচনবোৰ নোহোৱা কৰক
ডিচট্ৰেকচন বোৰো নোহোৱা কৰিলেহে আপুনি কাম এটা কৰোতে খুব ইনটেনচিটিৰে তাত ফ’কাছ কৰিব পাৰিব৷ নহ’লে এই ডিচট্ৰেকচনবোৰে আপোনাৰ মনটো ইফালৰ পৰা সিফালে লৈ গৈ থাকিব৷ আপোনাৰ মনটো যদি এবাৰ ইফালে যায় এবাৰ সিফালে যায় তেতিয়া আপুনি কেনেদৰে কৰি থকা কামটোত সম্পূর্ণভাৱে ফ’কাছ কৰিব পাৰিব বাৰু? সেয়া সম্ভৱ নহ’ব৷ এনে ডিচট্ৰেকচনবোৰ হ’ল মবাইল ফোন, টিভি, কিতাপ এখন, কোনোবাই কথা কৈ থকা বা আন যিকোনো বস্তু যি কৰি থকা কামটোৰ বাবে প্ৰয়োজনীয় নহয়৷ এটা বস্তু যি আন এটা কামৰ বাবে প্ৰয়োজনীয় হ’ব পাৰে সি কৰি থকা কামটোৰ বাবে ডিচট্ৰেকচন হ’ব পাৰে৷ মবাইল ফোনটো আটাইতকৈ ডাঙৰ ডিচট্ৰেকচন৷ মবাইল ফোনটো কেতিয়াও আপুনি কাম কৰি থকা টেবলখন বা ঠাই টুকুৰাত নথব৷ যদি পাৰি ফোনটো মিউট কৰি থব, নটিফিকেচনবোৰ নহা কৰি থব৷
কোনোবাই ক’ব পাৰোঁ যে মই শক্তিশালী আৰু সেয়ে ডিচট্ৰেকচনবোৰৰ লগত মই যুঁজিব পাৰোঁ, সেইবোৰ মোৰ ওচৰত থাকিলেও একো নহয়৷ কথাটো হ’ব পাৰে, আপুনি হয়তো বহুত শক্তিশালী, কিন্তু ডিচট্ৰেকচনবোৰ আতৰাই থলে আপুনি সেইবোৰৰ লগত যুদ্ধ কৰি নিজৰ মনোবল আৰু শক্তিবোৰৰ অলপো সেইবোৰৰ লগত ক্ষয় কৰিব নালাগে৷ ডিচট্ৰেকচন আতৰাই থলে যদি আমাৰ শক্তি আৰু মনোবল কাম এটা কৰাৰ আগতে ১০০% হৈ থাকে তেতিয়াহ’লে তাকেই কৰোঁ আহক৷
এক পৱিত্ৰ ঠাইৰ সৃষ্টি কৰি লওক
আপুনি যি ঠাইত কাম কৰে সেই ঠাই টুকুৰাক এক পৱিত্ৰ ঠাই বুলি গণ্য কৰিব পাৰিলে আপোনাৰ তীব্ৰ ফ’কাছ কৰাটো সম্ভৱ হ’ব৷ কিয়? কাৰণ তেতিয়া আপুনি সেই ঠাইখন চাফাকৈ ৰাখিব, তাত অলাগতিয়াল বস্তু নথয় আৰু তাত সেই সময়ত কামত নলগা বস্তুবোৰো নথয়৷ আনকি ডিচট্ৰেকচনবোৰো সেই ঠাই বা টেবুলত ঠাই নিদিয়ে৷ তেতিয়া আপোনাৰ ফ’কাছ আনফালে যোৱাৰ সম্ভাৱনা বহুত কম৷ এই ঠাইটুকুৰাক মই এইবাবেই পৱিত্ৰ বুলি কৈছোঁ কাৰণ তেতিয়া আমি সেই ঠাইটুকুৰাক শ্ৰদ্ধা কৰা সম্ভৱ আৰু তাত পৰিষ্কাৰ কৰি ৰখা সম্ভৱ৷ এনে হ’লে আপোনাৰ মনটো কাম কৰাৰ সময়ত ভাল লগাৰ লগতে আন একো কথাই আপোনাক আমনি কৰিব নোৱাৰে৷