Close

ইমপষ্টাৰ চিনড্ৰম

কেতিয়াবা আপোনাৰ এনে লাগে নেকি যে আপুনি ভাগ্যৰ বলতহে এই চাকৰিটো পাইছে, ইমান সুবিধা পাইছে বা ইমান নাম, মান-সন্মান বা শ্ৰদ্ধা লাভ কৰিছে? আপোনাৰ একো নাই আৰু মানুহে কেতিয়াবা সেয়া গম পাব, আপোনাক ফ্ৰড বা ঠগ বুলি ভাবিব?

চিন্তা নকৰিব এনে চিন্তা আৰু অনুভৱ বহু মানুহৰ হয়৷ ইয়াক ইমপষ্টাৰ চিনড্ৰম বুলি কোৱা হয়৷ আপোনাৰ এনে লাগিব পাৰে যেন অকল আপোনাৰহে এনে অনুভৱ হয়, কিন্তু দৰাচলতে বহু মানুহে নিজৰ বিষয়ে এনে অনুভৱ কৰে৷ আৰু অকল খুব ডাঙৰ, ভাল চাকৰি ৰকা বা টেকনিকেল ফিল্ডত ভাল বা মেধাবী সকলৰহে এনে হ’ব পাৰে তেনে নহয়, সকলোৰে এনে হ’ব পাৰে৷ প্ৰায় ৭০% মানুহে এনে ধৰণৰ চিন্তা, অনুভৱ জীৱনৰ কোনোবা নহয় কোনোবা সময়ত অনুভৱ কৰিব পাৰে৷ কিন্তু তেনেহ’লে আমি কিয় এই বিষয়ে গম নাপাও? কাৰণ কোনেও এই বিষয়ে কথা নাপাতে, আনৰ আগত নকয়৷

ইমপষ্টাৰ চিনড্ৰম থাকিলে আপুনি ভাবিব যে আপুনি অকল ভাগ্যৰ বলতহে সফল হৈছে, আপোনাৰ টেলেন্ট বা যোগ্যতাৰ বাবে নহয়৷ ই চিনড্ৰমটো ১৯৭৮ চনত চিনাক্ত কৰিছিল চাইক’ল’জিষ্ট পউলিন ৰোজ ক্লেনছ আৰু চুজান আইমছে৷ তেওঁলোকে নিজৰ পেপাৰত লিখিছিল যে মহিলাসকল এই চিনড্ৰমৰ দ্বাৰা বিশেষকৈ প্ৰভাৱিত হয়৷

ই বেমাৰ নহয়, ই ডিপ্ৰচনৰ ৰূপো নহয়, আৰু ই পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত দেখা যায়৷ ইমপষ্টাৰ চিনড্ৰমৰ ৫ টা ৰূপ দেখা যায়-

The Perfectionist, The Superwoman/man, The Natural Genius, The Soloist, The Expert

এই সমস্যাটোৰ বাবেই বহুতৰে জীৱনত ডাঙৰ ডাঙৰ সমস্যাই দেখা দিব পাৰে৷ তেওঁলোকে সুবিধা পালেও সেয়া গ্ৰহণ কৰিব নোৱাৰিব পাৰে একমাত্ৰ এনে ধৰণৰ চিন্তাৰ বাবে৷ এইবাবেই বহুতে এনে চাকৰিত এপ্লাই নকৰে যত তেওঁলোকে খুব ভাল কৰিলেহেঁতেন৷ বহুতে বিৰাট ডাঙৰ কিবা এটা সুবিধা আহিলেও তাক আওকাণ কৰে আৰু জীৱনৰ একমাত্ৰ সুবিধাবোৰ হেৰুৱাবলগীয়া হয়৷

আপুনি কি কৰিব পাৰে?

ইমপষ্টাৰ চিনড্ৰম অতিক্ৰম কৰাৰ প্ৰথম খোজ হৈছে এনে চিন্তাবোৰ স্বীকৃতি দিয়া কিন্তু লগতে সেই চিন্তাবোৰক সঠিক দৃষ্টিভংগীৰে চোৱা৷ এইবোৰক মাত্ৰ লক্ষ্য কৰিবলৈ চেষ্টা কৰক৷ মেডিটেচনত কৰাৰ দৰে লক্ষ্য কৰক, এইবোৰক চিন্তা কৰা আৰম্ভ নকৰিব৷ তাৰপিছত এনে ধৰণৰ চিন্তাবোৰক নিগেটিভ চিন্তাবোৰক যাবলৈ দিয়াৰ নিচিনাকৈ যাবলৈ দিয়ক৷

এনে চিন্তা মনলৈ আহিলে চিন্তাবোৰক লগে লগে প্ৰশ্ন কৰক৷ এই কথাটো যে সঁচা তাৰ প্ৰমাণ বিচাৰক৷ ভালদৰে প্ৰমাণ বিচাৰিলে আপুনি দেখিব যে এনে কথাবোৰ সঁচা নহয়৷ এনে কিছুমান কাম আপুনি কৰিছে যিবোৰে আপোনাৰ সামর্থ, টেলন্ট, কষ্ট, চেষ্টা আদিৰ কথা ক’ব৷ তেতিয়া তাৰপৰা বাহিৰ ওলাবলৈ সহজ হ’ব৷

যদি আপোনাৰ এনে ধৰণৰ অনুভৱ হয়, ভাৱ মনলৈ আহে, চিন্তা হয়, তেতিয়া ইয়াৰ বিষয়ে কথা পাতক৷ মেন্টৰ বা যাক শ্ৰদ্ধা কৰে তেনে মানুহৰ লগত এই কথা পাতিলে লাভ হ’ব, ভাবটো নোহোৱা হ’ব৷ তেনে মানুহে আপোনাক কেনেদৰে তাৰ লগত মোকাবিলা কৰিব লাগে সেয়া বুজাই দিব পাৰিব৷ তেনে মানুহৰো যদি তেনে অনুভৱ হৈছিল বুলি আপুনি শুনে আৰু তেওঁলোকে তাক অতিক্ৰম কৰিছে বুলি গম পায়, তেতিয়া আপোনাৰ বাবেও ইমপষ্টাৰ চিনড্ৰম অতিক্ৰম কৰা সহজ হৈ পৰিব৷

চিন্তাবোৰক ৰিফ্ৰেম কৰিলে ইমপষ্টাৰ চিনড্ৰমৰ পৰা বাহিৰ ওলাবলৈ সুবিধা হ’ব৷ এজন ইমপষ্টাৰ চিনড্ৰমৰ অভিজ্ক্ষতা লাভ কৰা মানুহ আৰু এজন তেনে অভিজ্ঞতা লাভ নকৰা মানুহৰ মাজত একমাত্ৰ পার্থক্যটো হ’ল তেওঁলোকে যিকোনো প্ৰত্যাহ্বানৰ কেনেদৰে মুখামুখি হয়৷ আপুনি তেনে মানুহে চিন্তা কৰাৰ দৰে চিন্তা কৰিবলৈ শিকিব লাগিব৷ চিন্তাবোৰক বেলেগকৈ সজালে সেইবোৰে আপোনাক নিজৰ সামর্থৰ বিষয়ে সন্দেহ কৰিবলৈ বাধ্য কৰিব নোৱাৰিব৷

শেষত আপুনি পাহৰি নাযাব-

আপোনাৰ টেলেন্ট আছে, আপোনাৰ সামর্থ আছে, আপুনি সকলো কৰিব পাৰে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top