Close

আত্ম সন্দেহ কেনেদৰে অতিক্ৰম কৰিব?

জীৱনৰ কোনোবা নহয় কোনোবা সময়ত আমি আত্ম সন্দেহ বা চেলফ ডাউট অনুভৱ কৰোঁ৷ আপুনি কেনেদৰে ইয়াৰ লগত মোকাবিলা কৰে সি নির্ণয় কৰে আপুনি সদায়ে ইয়াৰ লগত যুঁজি থাকিব লাগিব নে সোনকালে ইয়াক মনৰ পৰা আতৰ কৰিব পাৰিব৷ কিছুমান ক্ষেত্ৰত আত্মসন্দেহ বেয়া নহ’ব পাৰে যদি ই আমাক অভাৰকনফিডেন্ট হোৱাৰ পৰা বচাই ৰাখে, আমাক নম্ৰ হ’বলৈ শিকায় বা আমাক নিজকে ভালদৰে চাবলৈ শিকায়৷ কিন্তু অনবৰতে আত্মসন্দেহ থকা বা সকলো কথাতে ই থকাটো আপোনাৰ বাবে ভাল নহয়৷

এতিয়া চাও আহক কেনেদৰে ইয়াক অতিক্ৰম কৰিব পাৰি৷

নিজৰ বিষয়ে জানক

নিজৰ বিষয়ে জানিলে, নিজৰ লগত কানেক্ট কৰিলে এনে সন্দেহ নোহোৱা হৈ পৰে৷ নিজৰ বিষয়ে জানিবলৈ হ’লে নিজৰ চিন্তাবোৰ এখন জার্নেলত লিখি যাব লাগিব, নিজৰ চিন্তাবোৰ মন কৰিব লাগিব, নিজৰ মুডবোৰ, অনুভৱবোৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব লাগিব৷ এই সকলোবোৰ লিখি ল’লে কথাবোৰ জানিবলৈ আপোনাৰ বাবে সহজ হ’ব৷

চিনাক্ত কৰক

চেলফ ডাউট আতৰাবলৈ হ’লে প্ৰথমে ইয়াক চিনাক্ত কৰিব লাগিব৷ আপোনাৰ ভিতৰৰ সমালোচকজনে আপোনাৰ বিষয়ে নানা ধৰণৰ নিগেটিভ কথা কৈ এনে সন্দেহৰ সৃষ্টি কৰিছে৷ এবাৰ চিনাক্ত কৰাৰ পিছত মনৰ মাজত যিটো মাতে নিজৰ বিষয়ে সন্দেহ প্ৰকাশ কৰিছে, তাক চুপ থাকিবলৈ কওক৷ এনেদৰে সন্দেহ প্ৰকাশ কৰা কামটো তাক বন্ধ কৰিবলৈ কওক৷

তুলনা কৰা এৰিবৰ হ’ল

আত্ম সন্দেহ হোৱাৰ আন এটা কাৰণ হ’ব পাৰে আপুনি নিজকে আনৰ লগত তুলনা কৰি আছে৷ আনে পাৰিছে, আনে ইমান কাম কৰিছে, আন মানুহ ইমান সফল, মোৰ একো নাই, এনেধৰণৰ কথা আৰু চিন্তাই আপোনাৰ মনত সন্দেহৰ সৃষ্টি কৰিব৷ আনৰ লগত তুলনা কৰিলে আপোনাৰ নিজৰ একো কাম নাই যেন লাগিব পাৰে৷ সেয়ে ইয়াক বন্ধ কৰিব লাগিব৷ আৰু আপুনি নিজকে আন এজনৰ লগত তুলনা কৰিব কেনেকৈ? আপোনালোক দুজনৰ জন্ম বেলেগ, ডাঙৰ-দীঘল হোৱাৰ ধৰণ বেলেগ, দেখাত বেলেগ, লাভ কৰা সুবিধা বোৰ বেলেগ, চিন্তাবোৰ বেলেগ, মনবোৰ বেলেগ৷ তেন অৱস্থাত আন এজনৰ লগত আপুনি নিজকে কেনেদৰে তুলনা কৰিব পাৰে?

কাৰোবাৰ লগত কথা পাতক

এনে কোনোবা মানুহ যদি আছে যাৰ লগত আপুনি নিজৰ ওপৰত কৰা সন্দেহৰ বিষয়ে কথা পাতিব পাৰে, তেন্তে তেওঁৰ লগত কথা পাতক৷ কথাবোৰ পাতিলে আন জন মানুহে আপোনাক আপুনি দেখা নোপোৱা এটা পার্চপেক্টিভ দেখুৱাবলৈ সমর্থ হ’ব পাৰে৷ আপোনাৰ কোনোবা মেন্টৰ বা পৰিয়ালৰ কোনোবা, বা অফিচৰ তেনে কোনোবা মানুহ থাকিলে তেওঁৰ লগত খোলাকৈ কথাবোৰ পাতক৷ যদি প্ৰয়োজন হয় এজন ভাল কাউঞ্চেলৰ ওচৰলৈ যাওক, তেওঁ আপোনাক আত্মসন্দেহ দূৰ কৰিবলৈ সহায় কৰিব পাৰিব৷

সৰু জয়বোৰ ডাঙৰ কথা

আপুনি কিছুমান কাম সফলতাৰে কৰিব নিশ্চয় পাৰে বা কৰিছে৷ কামটো সৰু হ’লেও এনে ধৰণৰ জয় আপোনাৰ বাবে ডাঙৰ কথা৷ এই জয়বোৰৰ বিষয়ে ভাবক৷ আপুনি যদি আগতে এটা বা কেইটামান কাম ভালদৰে কৰিব পাৰিছে, তাৰমানে আপোনাৰ ভিতৰত কিছুমান শক্তি, সামর্থ আছে৷ আগতে যদি কিছুমান কাম সফলতাৰে কৰিছে, সেইবোৰত জয় লাভ কৰিছে, এতিয়া কৰিবলগীয়া কামবোৰো আপুনি নিশ্চয় কৰিব পাৰিব৷

মানুহে আপোনাৰ কথা ভাবি থকা নাই

কামটো কৰিব নোৱাৰিলে মানুহে কি ক’ব বা ভাবিব কাৰণে যদি কামটো কৰিব পাৰিবনে নাই সেই লৈ সন্দেহ হৈছে, আপুনি এটা কথা হয়তো আজিও বুজি পোৱা নাই৷ কোনেও আপোনাৰ কথা ভাবি থকা নাই, কোনেও আপোনাক লক্ষ্য কৰি থকা নাই৷ এই পৃথিৱীখনৰ কেন্দ্ৰবিন্দু আপুনি নহয়৷ কাৰো আপোনাৰ কথা ভাবি থাকিবলৈ অলপ সময় নাই৷ গতিকে আনে কি ভাবিব, কি ক’ব সেয়া ভাবি নিজৰ ওপৰত সন্দেহ কৰি সময় আৰু শক্তি নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই৷ তাতকৈ সেই সময়খিনি আন ভাল কামত লগাওক, সম্ভৱত নিজৰ আত্মবিশ্বাস বঢ়োৱা কামত সেই সময়খিনি লগালে আপোনাৰ নিজৰ ওপৰত সন্দেহেই নহ’লহেঁতেন৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top