Close

আত্মনিয়ন্ত্ৰণ বা নিয়মানুবর্তিতা বঢ়াওক

আমি জন্মতে কোনেও আত্মনিয়ন্ত্ৰণ বা নিয়মানুবর্তিতা লগত লৈ নাহো৷ কিন্তু আমি দেখো যে কিছুমান মানুহৰ সাংঘাটিক নিয়মানুবর্তিতা আছে৷ তেওঁলোকে যি সময়ত যি কাম কৰিব লাগে সেয়া ঠিক সময়তে কৰে, কাম যিমান ভালদৰে কৰিব লাগে সিমান ভালদৰে কৰে, এলাহক প্ৰশ্ৰয় নিদিয়ে, কৰিব মন নগলেও কামবোৰ কৰিব পাৰে৷ এনে শক্তিশালী নিয়মানুবর্তিতা সৃষ্টি কৰিব পাৰিলে আপোনাৰ জীৱনটোত আপুনি যি বিচাৰে তাকে পাবলৈ সক্ষম হ’ব৷

যি কৰিব নোখোজে সেই কামটো কৰক

আপুনি যদি কৰিব নোখোজা কিবা কাম আছে সেয়া কৰক৷ আপুনি যদি কিবা এটা কাম কৰি ভাল নাপায়, তেতিয়াহ’লে সেই কামটো কৰক৷ এনে কাম কৰিব লাগিলে আপুনি নিজৰ মনটোক বহুত নিয়ন্ত্ৰণ কৰিব লাগিব৷ আৰু আত্মনিয়ন্ত্ৰণ বা চেলফ ডিচিপ্লিন অবিহনে সেয়া কৰা সম্ভৱ নহয়৷ আনকি আপুনি যদি গোটেই কামটো কৰিব নোৱাৰেও তেতিয়াও কোনো কথা নাই, যিমান পাৰে সিমান কৰক৷ বাকী ৰোৱাখিনি কৰিবলৈ আকৌ পিছত এবাৰ চেষ্টা কৰক৷ অকণমান বিচাৰিলে এনে নানা কাম বিচাৰি পাব যিবোৰ কৰিবলৈ আপোনাৰ মন নাই৷ মন নোযোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে, কিন্তু কাৰণ যিয়েই নহওক, জীৱনৰ বিভিন্ন ক্ষেত্ৰত তেনে ধৰণৰ কামবোৰ কৰক৷ এনে কৰাটো আপোনাৰ বাবে বৰ জৰুৰী৷

তাৎক্ষণিক পৰিতৃপ্তি বা ইনষ্টেন্ট গ্ৰেটিফিকেচন পিচলৈ থওক

পৰিতৃপ্তি বা গ্ৰেটিফিকেচন পিছলৈ থলে আপোনাৰ চেলফ ডিচিপ্লিন নিশ্চয় বাঢ়িব৷ অকল সেয়াই নহয়, ইয়াক পিছলৈ থব পাৰিলে আপোনাৰ সফল হোৱাৰ সম্ভাৱনাও বাঢ়ি যাব৷ The Marshmallow Experiment ত এই বিষয়ে বহুলভাৱে বর্ণনা কৰা আছে যে নিজৰ পৰিতৃপ্তি পিছলৈ থোৱা সৰু ল’ৰা-ছোৱালীসকলে পিছলৈ জীৱনত বেছি সফল হৈছিল৷ আপোনাৰ কিবা এটা খাবলৈ মন গ’ল কিন্তু সেয়া খোৱাটো আপোনাৰ বাবে ভাল নহয় বা কিবা ভিডিঅ এটা চাবলৈ মন গ’ল, কিন্তু আপোনাৰ জৰুৰী কাম এটা কৰিবলৈ আছে৷ এনে পৰিস্থিতি আপুনি যদি তেনে খোৱাৰ ইচ্ছা আৰু ভিডিঅটো চোৱাৰ ইচ্ছাক পিছলৈ থব পাৰে তেতিয়া আপোনাৰ নিয়মানুবর্তিতা বাঢ়িব, আপোনাৰ মনৰ ওপৰত নিয়ন্ত্ৰণ বাঢ়িব৷

প্ৰতিদিনে অভ্যাস কৰক

প্ৰেকটিচ বা অভ্যাস যিকোনো কামত ভাল হ’বৰ বাবে জৰুৰী৷ নিয়মানুবর্তিতা বঢ়াবলৈ হ’লেও আপুনি প্ৰতিদিনে এনে কিছুমান কাম কৰিব লাগিব যিবোৰে আপোনাৰ নিয়মানুবর্তিতা বঢ়াব৷ কৰিবলৈ মন নোযোৱা কামবোৰৰ লগতে, আপোনাৰ বাবে টান কামবোৰ কৰা, সময়মতে কামবোৰ কৰি শেষ কৰা, কিবা এটা কাম কৰিবলৈ মন গ’লে সেয়া নকৰাকৈ থকা আদি কাম কৰিলে নিয়মানুবর্তিতাৰ অভ্যাস কৰা হ’ব৷ ক্লাছলৈ যাবলৈ মন নাই কিন্তু যোৱা, অফিচৰ কাম বা হ’মৱর্ক এতিয়াই কৰিবলৈ মন নাই কিন্তু কৰা, চচিয়েল মিডিয়া বা ভিডিঅ চাবলৈ মন গ’লে সেই সময়ত নোচোৱা, কিবা এটা পঢ়িবলৈ মন যোৱা নাই যদিও ১৫ মিনিট হলেও পঢ়া আদি কামবোৰ কৰিলে আপোনাৰ নিয়মানুবর্তিতা বাঢ়িব৷

নিজকে প্ৰশংসা কৰক

আপুনি যেতিয়াই নিয়মানুবর্তিতা মানি চলিব পাৰে তেতিয়াই নিজকে প্ৰশংসা কৰক, চাব্বাচি দিয়ক৷ আনকি অলপ সময় তেনে কৰিব পাৰিলেও নিজকে প্ৰশংসা কৰক৷ এয়া কৰিলে আপোনাৰ মটিভেচন বাঢ়িব আৰু তেতিয়া আপুনি ইয়াক নিয়মীয়াকৈ অভ্যাস কৰি থাকিব পাৰিব৷ আৰু যিমানে অভ্যাস কৰিব সিমানে নিয়মানুবর্তিতা আৰু শক্তিশালী হৈ গৈ থাকিব৷

নিয়মানুবর্তিতা মানি চলিবলৈ কষ্ট হয়৷ নিয়মানুবর্তিতা মানি চলিলেও কষ্ট হয়৷ আৰু বহু মানুহে এই কষ্ট নকৰাকৈ চলি আছে৷ কিন্তু এনে কষ্টৰ ফলতহে আমাৰ প্ৰয়োজনীয় কামবোৰ কৰা হয়, জৰুৰী অভ্যাসবোৰ গঢ় লৈ উঠে যিবোৰে সফলতা সুনিশ্চিত কৰে, যিবোৰ আমাৰ সুখ, শান্তিৰ বাবে প্ৰয়োজনীয়৷

নিয়মানুবর্তিতা মানি চলিলে কষ্ট হয়, কিন্তু এই কষ্ট অনুতাপৰ কষ্টতকৈ বহুত কম৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top