Close

এইবিলাক কথা এৰি দিয়ক, মুক্ত হৈ পৰক

কিছুমান কথা এৰি দিব পৰাটো আপোনাৰ নিজৰ বাবেই ভাল৷ এইবোৰে জীৱনত নানা ধৰণৰ সমস্যাৰ সৃষ্টি কৰে আৰু আমাক আগবাঢ়িব নিদি এঠাইত বন্দী কৰি থৈ দিয়ে৷ এই কথাবোৰে আপোনাৰ সুখশান্তি আদি কাঢ়ি নিয়ে৷ এনে কিছুমান কথা আছে যিবোৰে এৰি দিলে আপুনি বেছি ভালদৰে জীৱনটো জীয়াই থাকিব পাৰিব৷ চাও আহক কি কথা৷

আনৰ লগত তুলনা কৰা এৰক

আমি বিভিন্ন কাৰণত আৰু বিভিন্ন ধৰণে আনৰ লগত নিজকে তুলনা কৰোঁ৷ আৰু সাধাৰণতে আমাতকৈ ভাল অৱস্থাত থকা এজনৰ লগতহে এনে তুলনা কৰোঁ৷ ফলত আমাৰ মনবোৰ বেয়া লাগে, নিজৰ একো নাই যেন লাগে, কোনো কামৰ নহয় যেন লাগে৷ এনেধৰণৰ চিন্তাই আমাৰ সুখশান্তি আৰু সন্তুষ্টি নোহোৱা কৰে৷ লগতে ই আমাক কৰিব বিচৰা আৰু কৰিব লগীয়া কামবোৰো কৰিবলৈ নিদিয়ে৷ কিন্তু আপুনি অলপ ভালদৰে চিন্তা কৰি চালে দেখিব যে আনৰ লগত নিজকে তুলনা কৰিব নোৱাৰি কাৰণ সকলোৱে বেলেগ বেলেগ৷ আনৰ লগত তুলনা কৰা এৰি দিয়ক৷ আপুনি নিজে গম পাব যে মনৰ পৰা কিমান ডাঙৰ বোজা এটা নামি যোৱা যেন লাগিব৷

নিজক সমালোচনা কৰা এৰক

কেতিয়াবা আপুনি নিজেই নিজৰ আটাইতকৈ ভয়ংকৰ সমালোচকগৰাকী হৈ পৰে৷ এই কথাটোৱেই আপোনাৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিব পাৰে৷ নিজৰ ভুল দেখা ভাল, সেইবোৰ শুদ্ধ কৰা ভাল, কিন্তু নিজকে অনবৰতে সমালোচনা কৰি থকা কথাটো আপোনাৰ নিজৰ বাবেই ভাল নহব৷ আপুনি যদি কেৱল নিজৰ বেয়াই দেখে, সকলো কথাতে নিজকে নিগেটিভ কথাই কয়, তেতিয়া ই আপোনাৰ ভাল কৰাৰ সলনি বেয়াহে কৰিব৷ এনে সমালোচনা কৰি থাকোতে থাকোতে আপোনাৰ চেলফ টক নিগেটিভ হৈ পৰিব আৰু তেতিয়া নানাধৰণৰ মানসিক সমস্যাৰ আৰম্ভ হব৷ নিজকে সমালোচনা কৰাটো এৰক৷ মাত্ৰ নিজৰ দোষ দেখিলে বা কিবা ভুল কৰিলে সেয়া মন কৰক আৰু সেয়া শুদ্ধ কৰিবলৈ যত্ন কৰক, বা নিজৰ ব্যৱহাৰ আৰু অভ্যাস সলাওক৷ এনেয়ে মিছাতে অনবৰতে নিজকে সমালোচনা কৰি নাথাকিব৷

জাজ কৰা

আপুনি যেতিয়া আনক জাজ কৰে বা কেনে সেয়া বিচাৰ কৰে, তেতিয়া সেই মানুহজনৰ বিষয়ে কিছুমান ধাৰণা আপোনাৰ মনত উদ্ভৱ হয়, কিন্তু ডাঙৰ কথাটো হল এই ধাৰণাবোৰ মাত্ৰ ধাৰণাহে, এইবোৰ সঁচা নহবও পাৰে৷ এনে জাজমেন্টে আপোনাৰ মনত এক নিগেটিভ বা ভুল মেন্টেল ফিলটাৰৰ সৃষ্টি কৰে আৰু সেয়ে মানুহজনক বা তেওঁ কৰা কামবোৰ আপুনি প্ৰকৃততে যি সেইদৰে নেদেখি এই মেন্টেল ফিলতাৰ অনুসৰিহে দেখা পাবলৈ আৰম্ভ কৰে৷ তেতিয়া তেওঁৰ প্ৰতি আপোনাৰ ব্যৱহাৰো তেনেদৰেই মিছা বা ভুল কথা এটাই প্ৰভাৱিত কৰে৷ আপুনি নিজকো তেনেদৰে জাজ কৰি থাকিলে আপুনি একো কৰিবই নোৱাৰিব কাৰণ সেই জাজমেন্ট অনুসৰিহে আপুনি চলিব, প্ৰকৃতেতে যি সেই মতে নহয়৷ নিজকে হওক বা আনক হওক, জাজ কৰা এৰক৷

ভবিষ্যতৰ বিষয়ে দুঃচিন্তা কৰা এৰক

ভবিষ্যতৰ বাবে চিন্তা কৰক, পৰিকল্পনা কৰক কিন্তু দুঃচিন্তা নকৰিব৷ দুঃ চিন্তা কৰা মানে ভবিষ্যতে কেৱল নিগেটিভেই হব বুলি ভবা৷ ভবিষ্যতে অকল নিগেটিভেই হব পাৰেনে? পজিটিভ হব নোৱাৰে নে কি? কিয় নোৱাৰে? আৰু দুঃচিন্তা কৰিলেই সেই হব পৰা বেয়া নোহোৱা হৈ যাব নেকি? দুঃচিন্তা কৰা মানে ভবিষ্যতৰ কথা ভাবি আজি যন্ত্ৰণা পোৱা আৰু ডাঙৰ কথাটো হল সেই যন্ত্ৰণা হয়তো কেতিয়াও ভবিষ্যতে নাহিবই, কাৰণ ভবিষ্যতে তেনে নিগেটিভ হয়তো নঘটিবই৷ আৰু যদি ভবিষ্যতে কিবা কাৰণত আপুনি ভবা সেই নিগেটিভ ঘটনা নঘটে, ভবিষ্যতটো যদি বেয়া নহয়, তেতিয়া আপুনি যে সেই কথা ভাবি ভাবি বর্তমানত ইমান কষ্ট খালে সেয়া এনেয়ে নগলনে?

আনক সন্তুষ্ট কৰা বাদ দিয়ক

সকলো কথাতে, সকলো সময়তে আনক সন্তুষ্ট কৰাৰ কথা ভাবিবলৈ বাদ দিয়ক৷ এনে কৰি থাকিলে আপুনি আপোনাৰ নিজৰ জীৱনটো জীয়াই নাথাকি আন মানুহে বিচৰা ধৰণে, তেওঁলোকে বিচৰা জীৱন এটাহে জীয়াই থাকিব৷ সেয়া আপোনাৰ জীৱন নহব৷ আৰু আপোনাৰ জন্ম আনক সন্তুষ্ট কৰিবলৈ হোৱা নাই৷ আনৰ কথা ভাবক, কাৰোবাক প্ৰয়োজন হলে সহায়ো কৰক, কিন্তু তেওঁলোকক অনবৰতে সন্তুষ্ট কৰিবলৈ গলে আপোনাৰ নিজৰ একো বাকী নাথাকিবগৈ৷ মহিলাসকলে, বিশেষকৈ হাউছৱাইফসকলে হয়তো কথাটো বেছি ভালদৰে মন কৰিবলৈ সুবিধা পায়৷ সেইবুলি ই যে পুৰুষসকলৰ ক্ষেত্ৰত নঘটে তেনে নহয়৷ পুৰুষ হওক বা মহিলা হওক, অনবৰতে, সকলোকে সন্তুষ্ট কৰিবলৈ যোৱা কামটো বা দিয়ক৷ নিজৰ জীৱনটো নিজৰ মতেও অলপ জীয়াই থাকক৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top