Close

আমাক ডেইলী টাইম টেবল এখন লাগেনে?

আমাক ডেইলী টাইম টেবল বা ৰুটিন এখন লাগেনে? কিছুমানৰ মতে সেইখন বিৰাট জৰুৰী, সেইখন লাগে৷ বিশেষকৈ অভিভাৱকসকলৰ মতে সেইখন জৰুৰী৷ আনহাতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সেইখন নালাগে, ই বিৰাট বিৰক্তিকৰ বা বৰিং আৰু কামত নাহে৷ দৰাচলতে কোনটো কথা সঁচা? আৰু ৰুটিনখন কেৱল ছাত্ৰ-ছাত্ৰীকহে লাগে নেকি, ডাঙৰ মানুহৰ এইখন কোনো কামত নাহে নেকি?

কি কি লাভ হয়?

প্ৰথমে চাও আহক কি কি লাভ হয়

চিন্তা কৰিব নালাগে এতিয়া কি কৰিম

মোৰ যদি এখন টাইম টেবল আছে তেতিয়াহ’লে মই চিন্তা কৰিব নালাগে ৰাতিপুৱা উঠি মই কি কৰিম৷ বা আন এটা সময়ত কি কাম কৰিম? সিদ্ধান্ত লোৱা কামটোত তেতিয়া সময় নষ্ট নহয় আৰু আপোনাৰ কামবোৰো হৈ গৈ থাকে৷ নহ’লে বহু মানুহে বিচনাৰ পৰা নুঠে কাৰণ তেওঁলোকে চিন্তা কৰি থাকে উঠি এতিয়া কি কৰিম? তেনেদৰে দিনটোৰ আন সময়তো আপোনাৰ বহু সময় নষ্ট হ’ব পাৰে যদিহে আপুনি চিন্তা কৰি থাকিব লাগে “এতিয়া কি কৰিম?” আৰু ই ছাত্ৰ-ছাত্ৰী বা চাকৰিয়াল, ব্যৱসায়ী বা আন মানুহৰ বাবেও কাম কৰিব৷

কৰিবলগীয়া কামবোৰ কৰা হৈ গৈ থাকিব

স্কুল, কলেজ বা ইউনিভার্ছিটিৰ ছাত্ৰসকলৰ বহু পঢ়িবলগীয়া থাকে৷ পৰীক্ষাৰ আগতে তেওঁলোকৰ দৌৰাদৌৰি লাগে৷ কিন্তু এনে নহ’ব যদিহে তেওঁলোকে এখন টাইম টেবল বা ৰুটিন নিজৰ প্ৰয়োজন অনুসৰি বনাই লৈ সেইখন আন একো চিন্তা নকৰাকৈ অনুসৰণ কৰে৷ পঢ়া কামবোৰ পিছলৈ থৈ যোভাৰ কাৰণে পৰীক্ষাৰ সময়ত তেওঁলোকৰ ষ্ট্ৰেছ হয়, অশান্তি পায় আৰু দৌৰাদৌৰি লাগে৷ র্ুটইন এখন মানি চলিলে এনে কেতিয়াও নহয়৷ আন বহুতৰে এচাইন্টমেন্ট বা প্ৰজেক্ট বোৰ কৰিবলৈ বাকী থাকি যায়৷ সেয়াও নহ’ব যদি তেওঁলোকে নিজৰ ৰুটিন এখন বনাই তাত এই এচাইন্টমেন্ট বা প্ৰজেক্টৰ বাবে এটা নির্দিষ্ট সময় জমা দিবলগীয় সময়সীমাৰ আগতে ধৰি থয়৷

একেটা কথাই হয় ডাঙৰ মানুহৰ ক্ষেত্ৰটো৷ তেওঁলোকৰ বহুতৰে অভিযোগ তেওঁলোকৰ কাম কৰিবলৈ সময়ে নাথাকে৷ এক্সাচাইজ কৰাটো বিৰাট জৰুৰী কিন্তু বহু মানুহে এক্সচাইজ নকৰে কাৰণ তেওঁলোকৰ হেনো সময় নাই৷ নিজৰ বাবে আধা ঘন্টা সময় তেওঁলোকৰ নাই? আচৰিত কথা নহয়নে? তেওঁলোকে কিন্তু নিজেও নাজানে দিনটোৰ ২৪ ঘন্টা তেওঁলোকে কি কৰে৷    

ৰেজিষ্টেনচক জয় কৰাটো সম্ভৱ

আমাৰ দৈনন্দিন জীৱনত কৰিবলগীয়া কামবোৰ নকৰাৰ, বা কৰিব নোৱাৰাৰ এটা প্ৰধান অকৰণ হ’ল ৰেজিষ্টনচ বা বাধা৷ আপোনাৰ কাম এটা কৰিবলৈ মন নোযোৱাৰ, নকৰাকৈ থৈ দিয়াৰ বা নকৰাৰ নানা অজুহাত দিয়াৰ আৰত হ’ল এই ৰেজিষ্টেনচ৷ ছাত্ৰ-ছাত্ৰীয়ে নপঢ়াৰ, চাকৰিয়ালে কাম নকৰাৰ, ডাঙৰ মানুহবোৰে কৰিবলগীয়া কামবোৰ নকৰাৰ আৰত থাকে এই ৰেজিষ্টনচ৷ এই ৰেজিষ্টেনচৰ বিৰুদ্ধে আমি প্ৰতিদিনে যুদ্ধ কৰিবলগীয়া হয় আৰু সেই যুদ্ধত জিকিলেহে আমি আমাৰ কামবোৰ কৰিব পাৰোঁ আৰু এই কামবোৰে আমাৰ জীৱনটও কেনে হ’ব সেয়া নিৰূপণ কৰে৷ আপোনাৰ যদি এখন টাইম টেবল থাকে তেতিয়াহ’লে ৰেজিষ্টেনচ বা বাধা বা প্ৰতিৰোধৰ এই যুঁজখন আপোনাৰ বাবে সহজ হৈ পৰিব, এই যুদ্ধত জয়ী হোৱাটো সহজ হৈ পৰিব৷

কিছুমানে কিয় ডেইলী টাইম টেবলখন বেয়া পায়

তেওঁলোকে কৰা প্ৰথম আপুত্তিটো হ’ল এইখন অনুসৰণ কৰি গ’লে মেকানিকেল যেন লাগে৷ মেচিন যেন লাগে৷ কেতিয়াবা আপোআনৰ তেন লাগিব পাৰে যেতিয়া মন নাথাকিলেও আপুনি ৰুটিনখন মতে কাম কৰি যাবলগীয়া হয়৷ কিন্তু তেনেদৰে কাম কৰিলেও লাভ কিন্তু আপোনাৰেই হৈছে- আপোনাৰ কামবোৰ ক্ৰমান্বয়ে কৰা হৈ গৈ আছে, আগবাঢ়ি গৈ আছে, আপুনি নিজৰ লক্ষ্যৰ পিনে আগুৱাই গৈ আছে৷

আন কিছুমানৰ মতে ই ক্ৰিয়েটিভিটি নোহোৱা কৰা যেন লাগে৷ ৰুটিন অনুসৰি কাম কৰি যাব নোভাৰি বিশেষকৈ ক্ৰিয়েটিভ কামত যেনে লিখা, এক্টিং কৰা, শিল্পীসকলৰ কাম ইত্যাদিত৷ সেয়া সঁচাকৈয়ে সঁচা হয়নে নে সেয়া আপোআনৰ কাম নকৰাৰ বা কৰিব নোৱাৰা সেয়া এক অজুহাতহে৷ আপুনি যিমানে প্ৰেকটিছ বা অভ্যাস কৰিব সিমানে আপোনাৰ শিল্প, আপোনাৰ কলা আগতকৈ ভাল হৈ গৈ থাকিব আৰু ৰুটিনখনে আপোনাক প্ৰতিদিনে এই অভয়াস কৰি গৈ থকাত সহায় কৰিব৷ নহ’লে হয়তো মোৰ মনলৈ অনুপ্ৰেৰণা অহা নাই বুলি গোতেই বছৰটোত মাত্ৰ এখন বা দুখন ছবিহে আকিব, এটা বা দুটা গল্পহে লিখিব, এখন বা দুখনহে নাটক কৰিব আৰু সেয়া আপোনাৰ বাবে যথেষ্ট নহবও পাৰে৷

কিছুমান মানুহে ডেইলী টাইম টেবল বা ৰুটিন এখন ভাল নাপায়৷ আপুনি যদি তেনে এজন মানুহ আৰু সেইখন নোহোৱাকৈ আপুনি আপোনাৰ কৰিবলগীয় কামবোৰ ভালদৰে, সঠিক সময়ত কৰি যাব পাৰে তেন্তে সেইখন নহলেও হয়৷

কিন্তু এনে মানুহৰ সংখ্যা বৰ কম৷ যদি আপোনাৰ মসয়ৰ কাম সময়ত কৰিবলৈ সমস্যা হয়, কাম পিছলৈ পেলাই থৈ দিয়ে, কামবোৰ কৰাৰ কথা ভাবে কিন্তু কামবোৰ হৈ নুঠে, আপোনাৰ নিজকে অলপ এলেহুৱা যেন লাগে, তেন্তে এখন টাইম টেবল অনুসৰণ কৰাটো, মানি চলাটো আপোনাৰ বাবে বেয়া নহয়৷ ই কিমান মূল্যবান সেয়া আপুনি মাত্ৰ এমাহ সঠিকভাৱে অনুসৰণ কৰি গ’লে গম পাব৷ কৰি চাওকচোন এমাহৰ বাবে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top