Close

আত্মবিশ্বাস বঢ়োৱাৰ কেইটামান উপায়

আপুনি আত্মবিশ্বাস কেনেদৰে বঢ়াব পাৰে?

কেইটামান কাম কৰিলে এইবোৰে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব৷ কি কাম এইবোৰ?

ভয়

যিটো কাম কৰি ভয় লাগে আপুনি এবাৰ হ’লেও তাক কৰিবই লাগে৷ যদি আপুনি বহু মানুহৰ আগত ভাষণ দিবলৈ ভয় কৰে, তেতিয়াহ’লে ঠিক সেইটোকে কৰক৷ যদি আপোনাৰ আনৰ লগত কথা পাতিবলৈ লাজ লাগে, ভয় লাগে বা বন্ধুত্ব গঢ়িবলৈ ভয় লাগে, তেন্ত তাকে চেষ্টা কৰক৷ প্ৰথমতে আপুনি নোৱাৰিব বা লাজ পাব পাৰে, কিন্তু কেইদিনমান পিছত ই কিন্তু আপোনাৰ বাবে সহজ হৈ পৰিব৷ এৰি নিদিব, মাত্ৰ কৰি যাওক আৰু চাওকচোন কেইদিনমান পিছতে ই ইমান সহজ হৈ পৰিছে৷ ই আপুনি চাইকেল শিকিবলৈ লোৱাৰ নিচিনা৷ প্ৰথমতে চাইকেলখন চলাবলৈ ভয় লাগিব পাৰে, আপুনি নাজানিব পাৰে, বাৰে বাৰে বিফল হ’ব পাৰে, পৰি দুখ পাব পাৰে, কিন্তু যদি আপুনি চাইকেলখন চলাবলৈ শিকিয়ে থাকে, এৰি নিদিয়ে কেইদিনমান পিছত কিন্তু আপুনি চাইকেলখন চলাব পৰা হয়৷

এনে কৰিলে ই আপোনাৰ আত্মবিশ্বাস বঢ়াই আনি থাকিব৷ কোনো বস্তুৰে প্ৰতি আপোনাৰ আৰু ভয় নালাগে৷ নতুন কাম কৰিবলৈও আপোনাৰ ভয় নালাগে৷

নিজকে পুৰস্কাৰ দিয়ক

যেতিয়াই আপুনি সৰু কাম এটাতো অলপ হলেও সফল হয় (কামটো কৰিব পাৰে), নিজকে কংগ্ৰেচুলেট কৰক আৰু সৰু হলেও এটা পুৰস্কাৰ দিয়ক৷ আপুনি যেতিয়া নিজকে পুৰস্কাৰ দিয়ে, আপোনাৰ মগজুত ডপামাইন নামৰ এটা নিউৰ’কেমিকেলৰ চলন বাঢ়ি যায়৷ ফলত আপুনি ফূর্তি আৰু আনন্দ অনুভৱ কৰে৷ আপুনি যদি নিজকে পুৰস্কৃত কৰে আৰু তাৰ ফলত আপোনাৰ মনটো ভাল লাগে তেন্তে আপুনি তেনে ব্যৱহাৰ বাৰে বাৰে কৰাৰ সম্ভাৱনা আছে৷ যি কাম কৰিব লাগে বা যি অভ্যাস আপুনি গঢ়িব বিচাৰে তাক গঢ়িবলৈ আপুনি এই জ্ঞান ব্যৱহাৰ কৰক৷ এয়া কৰিলে আপোনাৰ কামবোৰ কৰিবলৈ মন যাব আৰু কামবোৰ কৰি গৈ থাকিলে আপোনাৰ আত্মবিশ্বাসো বাঢ়ি গৈ থাকিব৷

অশান্তি পোৱা কামবোৰ কৰক

যিবোৰ কাম কৰি আপুনি অশান্তি পায়, দিগদাৰি পায়, সেইবোৰ কাম আপুনি কৰিবই লাগে৷ তেনে কৰিলে আপোনাৰ নিজৰ প্ৰভাৱ ক্ষেত্ৰখন বাঢ়ি যায়৷ লাহে লাহে এই কামবোৰে আপোনাক অশান্তি দিব নোৱাৰা হয়৷ আপোনাৰ সীমাৰ বাহিৰৰ কামবোৰ কৰক৷ নতুন নতুন কাম কৰক৷ এনে কৰিলে আপুনি নিজৰ প্ৰভাৱৰ ক্ষেত্ৰখন আৰু বহলাব পাৰিব আৰু আগতে অসম্ভৱ বুলি ভবা কামও কৰিব পাৰিব৷

পজিটিভ ৰিইনফর্ছমেন্ট

এটা পজিটিভ লাইন বাচি লওক আৰু তাক ৫ মিনিট একেৰাহে ডাঙৰ ডাঙৰকৈ বা মনৰ ভিতৰত আওৰাওক

“মই দিনে দিনে আগতকৈ ভাল হৈ গৈ আছোঁ”

“মই পাৰিম, মই কৰিমেই”

বা আপুনি নিজেও এটা পজিটিভ লাইন বাচি ল’ব পাৰে৷ লাইনটো কিন্তু পজিটিভ হ’বই লাগিব৷

এনে কৰিলে ই আপোনাৰ চাবকনচিয়াছ মনটো লাহে লাহে পজিটিভ কৰি আনিব যিটো নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ বাবে আপোনাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয়৷

আত্মবিশ্বাস কেনেকৈ বৃদ্ধি কৰিব পাৰি এই বিষয়ে মোৰ এটা অনলাইন কর্ছ আছে

https://bikashkalita.teachable.com/p/theconfidencecourse

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top