Close

বর্হিমুখী আৰু অন্তর্মুখী

আমাৰ সকলোৰে নানা ধৰণৰ বৈশিষ্ট্য থাকে আৰু এই বৈশিষ্ট্যবোৰ মিলি আমাৰ ব্যক্তিত্ব বা পার্চনেলিটি গঠিত হয়৷ আমাৰ জীৱনবোৰ কেনে হ’ব, আমি কি কেৰিয়াৰ বাচি ল’ম, আমি কিমান সুখী হ’ম, জীৱনসংগী কেনে হ’ব, আদি জীৱনৰ নানা গুৰুত্বপূর্ণ সিদ্ধান্ত এই ব্যক্তিত্বৰ ওপৰত নির্ভৰ কৰে৷ সেইবাবে ব্যক্তিত্ব আমাৰ জীৱনৰ এক গুৰুত্বপূর্ণ অংগ৷

সমস্যাটো

এনেকুৱা এটা ধাৰণা আছে যে এক ধৰণৰ ব্যক্তিত্ব আন একধৰণতকৈ বেছি ভাল৷ এইধৰণে এক ধৰণৰ ব্যক্তিত্বৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰাৰ ফলত এটা সমস্যাৰ সৃষ্টি হ’ল৷ আমাৰ মাজত এনে এটা ধাৰণা গঠন হ’ল যে অন্তর্মুখী হোৱাটো বেয়া, মানুহ বর্হিমুখী হ’ব লাগে৷ বর্হিমুখী মানুহ হেনো বেছি সফল, বেছি ভালদৰে সংসাৰৰ লগত মিলিব পাৰে, ভালদৰে জীয়াই থাকিব পাৰে ইত্যাদি ইত্যাদি৷ ফলত ল’ৰা-ছোৱালীহঁতক আমি জোৰ কৰি বর্হিমুখী কৰিবলৈ যত্নপৰ হ’লোঁ৷

বর্হিমুখী হোৱাটো বেছি ভাল নেকি?

বহু মানুহৰ ধাৰণা আছে যে বর্হিমুখী হোৱাটো বেছি ভাল৷ কিন্তু ডাঙৰ কথাটো হ’ল কোনে কেতিয়া, কিয়, কিহৰ ভিত্তিত সিদ্ধান্ত কৰিলে যে বর্হিমুখী হোৱাটো বেছি ভাল? অন্তর্মুখী হোৱাটো বিড়ম্বনাহে নেকি?

কিন্তু এই খিনিতে আমি এটা কথা পাহৰিব নোৱাৰোঁ- অন্তর্মুখী মানুহবোৰ নোহোৱা হ’লে পৃথিৱীত বহুতো বস্তুৱেই নহ’লহেঁতেন৷ আইনষ্টাইন, ষ্টিভ জবছ, ভেন গ’ঘ, নিউটন, ষ্টিভেন স্পিলবার্গ আদি বহু প্ৰখ্যাত লোক অন্তর্মুখী চৰিত্ৰৰ আছিল৷ এওঁলোক তেনে নোহোৱা হ’লে তেওঁলোকৰ যি সৃষ্টি আৰু অৱদান সেয়া সম্ভৱ হ’লহেঁতেননে?

বহুতো ক্ষেত্ৰত সংবেদনশীলতা, লাজকুৰীয়তা আৰু গম্ভীৰতাক অপ্ৰয়োজনীয় গুণ বুলি ভবা হয়৷ এইবোৰ যেন তলখাপৰ কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য৷ সমাজৰ এনে ধৰণৰ চিন্তা আৰু অন্তর্মুখী চৰিত্ৰৰ প্ৰতি অলপ হলেও হীন্যতাৰ মনোভাৱৰ বাবেই বহু মানুহে অন্তর্মুখী হৈও বর্হিমুখী ৰূপ আনৰ আগত দেখুওৱাৰ চেষ্টা কৰে৷ তেওঁলোকে এক মিছা আৱৰণৰে নিজকে ঢাকি ৰাখে যাক সহজে আনে ধৰিব নোৱাৰে৷ আপুনিও তেনে এজন মানুহ হ’ব পাৰে৷

কেতিয়াবা এনেও হ’ব পাৰে যে আপুনি হয়তো বহু সময়ত নিজেও গম নাপায় যে আপুনি অন্তর্মুখী৷ কেতিয়াবা জীৱনৰ কোনো এক ডাঙৰ ঘটনা বা জীৱনটোক জোকাৰি যোৱা এক পৰিঘটনাৰ পিছতহে তেনে মানুহে নিজকে নতুনকৈ অন্তর্মুখী বুলি আৱিষ্কাৰ কৰিব পাৰে৷ এনে হোৱাৰ কাৰণটো হ’ল আমি ভাবো যে বর্হিমুখী হোৱাটো বেছি ভাল৷ সমাজত বর্হিমুখী  চৰিত্ৰটোক আদর্শ বুলি ধৰা হয় আৰু তাক অনুকৰণ কৰিবলৈ ল’ৰা-ছোৱালীক শিক্ষা দিয়া হয়, জোৰ কৰা হয় আৰু কোনোবাই নোৱাৰিলে তাক শাস্তি দিয়া হয়৷

অন্তর্মুখী মানুহৰ সমস্যা

অন্তর্মুখী মানুহবোৰে তেওঁলোকৰ প্ৰতি সমাজৰ এই মনোভাৱ দেখিলে মনত কষ্ট পায়৷ সৰু থাকোতে ই আৰু বেছি কষ্ট দিব পাৰে৷ তাৰ লগতে আহে আনৰ লগত কৰা তুলনা যাৰ ফলত আপোনাৰ নিজকে অপদার্থ বা তলৰ শ্ৰেণীৰ যেন লাগিব পাৰে৷ লগৰ ল’ৰা-ছোৱালীৰ পৰাও আপুনি তেনে ঠাট্টা মস্কৰাৰ সন্মুখীন হ’ব পাৰে৷ স্কুলত তেনে স্বভাৱৰ ল’ৰা-ছোৱালীক বর্হিমুখী হ’বলৈ উদ্‌গণি দিয়া হয়৷ এনে ধৰণৰ কথাবোৰৰ ভাৱে সৰু থাকোতেই আপোনাৰ মনত দুখৰ লগতে নিচাত্মিকা ভাৱৰ সৃষ্টি হ’ব পাৰে৷ াঅৰু তেনে হ’লে আপোনাৰ সৰু কালটো খুব এটা আনন্দদায়ক নহ’বও পাৰে৷

তাৰ পিছত যেতিয়া আপুনি ডাঙৰ হয় তেতিয়াও সমাজৰ স্বীকৃত নিয়ম মানি বর্হিমুখী হ’বলৈ আপোনাক জোৰ কৰা হ’ব পাৰে৷ নহ’লে একেই ঠাট্টা মস্কৰা বা আন ধৰণৰ সমস্যাৰ আপুনি হয়তো সন্মুখীন হ’ব লাগিব পাৰে৷ আৰু সৰুৰে পৰা পাই অহা এনে ব্যৱহাৰে আপোনাৰ মনত এক দোষী দোষী ভাৱৰ জন্ম দিব পাৰে, যিটো আপোনাৰ দোষ কোনোপধ্যে নহয়৷

1921 চনত কার্ল জাং নামৰ প্ৰখ্যাত মনোবিজ্ঞানীজনে “চাইক’লজিকেল টাইপছ” নামৰ এখন আলোড়ন সৃষ্টিকাৰী কিতাপ লিখিছিল যিখনে এই বর্হিমুখী আৰু অন্তর্মুখী শব্দ দুটাক জনপ্ৰিয় কৰিছিল৷ তেওঁৰ মতে বর্হিমুখী সকলে মানুহ আৰু কার্যকলাপৰ বাহ্যিক জীৱনলৈ আৰু অন্তর্মুখীসকল চিন্তা আৰু অনুভৱৰ অন্তর্জগতলৈ এক টান অনুভৱ কৰে৷ বর্হিমুখীসকলে নিজকে পুনৰোজ্জীৱিত কৰিবলৈ হ’লে সামাজিক পৰিবেশ অৰু সংগ লাগে আৰু অন্তর্মুখীসকলে নিজকে পুনৰোজ্জীৱিত কৰিবলৈ হ’লে অকলে সময় কটাব লাগে৷ কিন্তু সময়ৰ লগে লগে যিমানে এই বিষয়ে নতুন নতুন গৱেষণা হৈছে আৰু নতুন নতুন কথা আৱিষ্কাৰ হৈছে সিমানে এটা কথা খাটাং হৈ আহিছে যে আন কিছুমান শ্ৰেণীবিভাগৰ দৰে এই কথাটো ক’লা-বগা হিচাপে ইমান পৰিস্কাৰকৈ ভাগ কৰাটো সম্ভৱ নহ’বও পাৰে৷ সকলো বিজ্ঞানীয়ে বর্হিমুখী আৰু অন্তর্মুখী স্বভাৱৰ বৈশিষ্ট্যবোৰ কি কি হ’ব সেয়া লৈ একমত নহয়৷

কথাটো এনে নহয় যে কোনটো ভাল৷ বর্হিমুখী কিছুমান চাৰিত্ৰিক বৈশিষ্ট হ’ল খুব কথা কোৱা, খৰকৈ কথা কোৱা, যাৰে তাৰে লগত প্ৰয়োজনানুসৰি কথা পাতিব পৰা, যেতিয়াই মন যায়, যি মন যায় তাকে ক’ব পৰা, স্মার্টনেছ ইত্যাদি৷ বর্তমান গ্ৰুপত কাম কৰিব পৰা, নিজকে আনৰ আগত কোনো লাজ নকৰাকৈ নিজৰ কথা ক’ব পৰা ইত্যাদি কাম কৰাটো প্ৰয়োজনীয় আৰু এনে কৰিবলৈ বর্হিমুখী মানুহ এজনৰ তথাকথিত অন্তর্মুখী মানুহতকৈ বেছি সুবিধা হ’ব৷ বর্হিমুখী আৰু অন্তর্মুখী ব্যক্তি বুলি চিহ্নিত কৰা লোক এজনে বেলেগ বেলেগ ধৰণে কাম কৰে৷ বর্হিমুখী স্বভাৱৰ মানুহ এজনে ফটাফট কাম কৰিব পাৰে, বেছি ৰিক্স ল’ব পাৰে, বহুকেইটা কাম হয়তো একেলগে কৰিবলৈ চেষ্টা কৰিব পাৰে আৰু অন্তর্মুখী বুলি কোৱা জনে হয়তো লাহে ধীৰে, ভাবি-চিন্তি কাম কৰিব পাৰে৷ তেওঁলোকে হয়তো এবাৰত এটা কামেই কৰে কিন্তু তেওঁলোকে সেই কামটোত সাংঘাটিক ধৰণে মনোযোগ নিৱিষ্ট কৰিব পাৰে৷ তেনেদৰে সামাজিক ক্ষেত্ৰতো বর্হিমুখী ব্যক্তি এজনে পাৰ্টীলৈ গৈ ভাল পাব পাৰে, ডাঙৰকৈ ঢাঁহিব পাৰে, বন্ধু-বান্ধৱৰ লগত বেছি সময় কটাই ভাল পাব পৰে৷ আনহাতে অন্তর্মুখী ব্যক্তি এজনে পাৰ্টীলৈ গলেও এটা সময়লৈকেহে সেয়া উপভোগ কৰিব পাৰে, তেওঁ পছন্দৰ মাত্ৰ কেইজনমান বন্ধু-বান্ধৱৰ সংগহে বেছি ভাল পাব পাৰে, কথা কোৱাতকৈ বেছি শুনিব পাৰে, কথা কোৱাতকৈ লিখাত বেছি ভাল হ’ব পাৰে৷

আৰু এটা কথা৷ সকলো অন্তর্মুখী মানুহেই যে লাজকুৰীয়া হ’ব লাগিব তেনে কোনো কথা নাই৷

কোনটো বেছি ভাল?

প্ৰধান কথাটো হ’ল ইয়াৰে কোনোবা এটা আনটোতকৈ বেছি ভাল বা বেয়া সেয়া বাছি উলিয়াবলৈ যোৱাটো বা বেছি ভাল বা বেয়া বুলি ভবাটো ভুল কথা৷ দুয়োধৰণৰ মানুহৰ নিজা নিজা বৈশিষ্ট্য থাকে৷ গতিকে কাৰোবাৰ যদি অন্তর্মুখী বৈশিষ্ট্যবোৰ আছে, তেওঁ বর্হিমুখীলৈ সলনি হ’বই লাগিব বুলি ভবা কথাটো ভুল৷

এইখিনিতে দুটামান কথা আমি মনত ৰখাৰ প্ৰয়োজন৷ চাও আহকচোন কি কথা৷

এয়া মাত্ৰ এক লেবেলহে

বর্হিমুখী আৰু অন্তর্মুখী শব্দ দুটা প্ৰকৃততে লেবেলহে৷ এই শব্দ দুটা ব্যৱহাৰ কৰা হয় মানুহ এজনৰ কিছুমান চাৰিত্ৰিক বৈশিষ্ট্যক বুজাবলৈ৷ আৰু এই বৈশিষ্ট্যবোৰ কি হ’ব লাগে তাকে লৈ বিজ্ঞানী, গৱেষকসকলো একমত নহয়৷ বৈশিষ্ট্য বেলেগ হোৱাৰ মানে এয়া নহয় যে এটা বেয়া আনটো ভাল বা এটাৰ পৰা আনটোলৈ সালসলনি কৰাৰ প্ৰয়োজন৷ আপুনি যেনেকুৱা আপুনি তেনেকৈ ঠিকে আছে যদিহে ই আপোনাৰ সপোনবোৰ লাভ কৰাত, আপোনাৰ লক্ষ্যবোৰ লাভ কৰাত বা জীৱনটো আপুনি বিচৰা ধৰণে জীয়াই থকাত বাধা দিয়া নাই৷

যোগাযোগ (কমিউনিকেচন) ভাল নোহোৱাৰ ভয়

আমাৰ ভয় হয় যে যদি মই অন্তর্মুখী স্বভাৱৰ, তেন্তে মোৰ কমিউনিকেচন বা যোগাযোগ সিমান ভাল নহ’ব৷ আমাৰ ভয় হয় যে যদি মোৰ সন্তান অন্তর্মুখী স্বভাৱৰ, তেন্তে সি জীৱনত একো কৰিব নোৱাৰিব৷ কথাটো সঁচানে?

বর্হিমুখী কিমানজনৰ কমিউনিকেচন ভাল? কেৱল মুখত যি আহে তাকে কলেই, ডাঙৰ ডাঙৰকৈ কথা ক’লেই, বেছি কথা ক’লেই বা খৰকৈ কথা ক’লেই তেওঁৰ যোগাযোগ ভাল বুলি আমি ক’ব পাৰোনে৷ নোৱাৰো৷ যোগাযোগ বুলি ক’লে বহু কথা তাৰ ভিতৰত সোমাই থাকে তাৰ ভিতৰ প্ৰধান কথা কেইটা হ’ল – শব্দবোৰ, টোন (tone) , বডী লেংগুৱেজ আৰু কথা শুনাৰ দক্ষতা৷ বৰঞ্চ অন্তর্মুখী স্বভাৱৰ বহু মানুহে আনৰ লগত যোগাযোগত আৰু বিশেষকৈ ব্যৱসায়ত আলাপ-আলোচনাত বেছিহে ভাল কৰিব পাৰে৷ তেনে হোৱাৰ কাৰণ হ’ল তেওঁ মনোযোগ দি আনৰ কথা শুনিব পাৰে আৰু কোনো ধৰণৰ ইগ’ নথকাকৈ আনৰ লগত আলোচনা কৰিব পাৰে৷

অৱশ্যে মই এই কথাটোও সমর্থন কৰিব নোৱাৰো যে আপুনি “মই যিহেতু অন্তর্মুখী চৰিত্ৰৰ মানুহ গতিকে স্বাভাৱিকতে মই আনৰ লগত ভালদৰে যোগাযোগ কৰিব নোৱাৰো, মই তেনেকুৱাই” বুলি কামৰ পৰা হাত সাৰি থাকিব বা সমস্যাবোৰৰ পৰা পলাব বিচাৰিব৷

যদি ই আপোনাৰ বাবে বেয়া তেন্তে তাক সলনি কৰক, কিন্তু যদি ইয়াৰ ফলত আপোনাৰ কোনো সমস্যা হোৱা নাই, তেন্তে তাক সলনি কৰিব নালাগে৷ লেবেলবোৰ গুচাই পেলালে আৰু “মই নোৱাৰো” এই কথাটো বাদ দিলে আমাৰ জীৱনবোৰ আৰু সহজ হৈ পৰিব৷

শেষত সৰু কথা এটা- অন্তর্মুখী স্বভাৱৰ মানেই বেয়া বা জীৱন-যুদ্ধত হাৰ মানিব খোজা মানুহ নহয়৷ তেওঁ এক দৃঢ় মনৰ, ধৈর্য থকা, অখণ্ড মনোযোগ থকা এজন মানুহো হ’ব পাৰে যিবোৰ গুণ সফল হ’বৰ বাবে অন্তত্য জৰুৰী৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top