নানা বস্তু তুমি চেষ্টা কৰিব লাগিব, ট্ৰাই কৰিব লাগিব৷ চাকি চালেহে যিদৰে বুজা যায় যে কিবা এটা বস্তু আমি ভাল পাম নে নাপাম, তেনেদৰে তুমি যিমান পাৰি সিমান চেষ্টা কৰি চাব লাগিব৷ টেইষ্ট ইট৷
নানা ধৰণৰ অভিজ্ঞতা গোটাব লাগিব৷ তাৰে কিছুমান পজিটিভ হ’ব, কিছুমান নিগেটিভ হ’ব৷ নতুন বস্তু এটা দেখা পালে, হাতত পালে সেয়া ব্যৱহাৰ কৰি, প্ৰেকটিচ কৰি, চেষ্টা কৰি চাব লাগিব৷
তাৰ মাজত এনে কিছুমান বস্তু ওলাব যিবোৰ কৰিলে তোমাৰ সময়ৰ কোনো হিচাপ নাথাকে, যিবোৰ কৰি তোমাৰ মনটো বিৰাট ভাল লাগে, যিবোৰ কৰি তুমি শান্তি পোৱা, যিবোৰৰ বাবে আন মানুহে নকৰা কষ্ট, নিদিয়া সময়þ তুমি দিব পাৰা৷ সেইবোৰ তোমাৰ পেচন৷
ধৰি লোৱা ইয়াৰ আগতে তুমি বাস্কেটবল কেতিয়াও খেলি পোৱা নাছিলা, কিন্তু প্ৰথমদিনা বাস্কেটবল খেলি তোমাৰ খুব ভাল লাগিল৷ লাহে লাহে খেলা আৰম্ভ কৰিলা আৰু বাস্কেটবল খেলি তোমাৰ সদায় ভাল লাগে৷ নিজকে আৰু ভাল কৰিবলৈ তুমি যিকোনো সময়তে খেলিবলৈ আৰু েপ্ৰকটিচ কৰিবলৈ সাজু৷ আনকি কাইলৈ পৰীক্ষা থাকিলেও আজিও তুমি খেলিবলৈ, প্ৰেকটিচ কৰিবলৈ সাজু, গৰমত, ৰ’দ-বতাহতো সেয়া কৰিবলৈ তোমাৰ কোনো আপত্তি নাই৷ আনে যি সময়ত সেয়া নেখেলে, প্ৰেকটিচ নকৰে, তেতিয়াও তুমি সেয়া কৰিবলৈ সাজু৷ কোনো নাহিলেও তুমি অকলে হলেও প্ৰেকটিচ কৰা৷ তেন্তে সম্ভৱত সেয়া তোমাৰ পেচন৷
তোমাৰ যদি ক্ৰিকেট খেলাটো পেচন, তুমি গৰমৰ দিনত ৰ’দতো সেয়া কৰিবা যিটো মই কেতিয়াও নকৰোঁ যদিহে মোৰ পেচন নাই৷ এনেয়ে খেলি ভাল পোৱা আৰু পেচনৰ মাজত পাৰ্থক্যটো সেয়াই৷
পেচন বিচাৰি পোৱাটো কেতিয়াবা সহজ হ’ব, কেতিয়াবা টান৷ গতিকে যিমান পাৰি সিমান, নানা বস্তু তুমি চুই চাব লাগিব, ব্যৱহাৰ কৰিব লাগিব, প্ৰেকটিচ কৰিব লাগিব৷ নিজ হাতে নিজে কৰি নোচোৱালৈকে আনৰ ওপৰত নিৰ্ভৰ কৰি এনে নতুন বস্তু বা অভিজ্ঞতাৰ বিষয়ে ধাৰণা কৰি নল’বা৷ নিজে হাতেকামে কৰিহে নিজে সিদ্ধান্ত ল’বা৷
তেনেদৰে স্কিলৰ ক্ষেত্ৰতো একেই কথা৷ এনেদৰে বিচাৰি চালে তুমি তোমাৰ স্কিলবোৰো বিচাৰি পাবা৷ স্কিলৰ ক্ষেত্ৰত আৰু ডাঙৰ সুবিধা এটা আছে- স্কিলবোৰ নাথাকিলেও এইবোৰ মন কৰিলে শিকিব পাৰি৷ নিজেও শিকিব পাৰি, কোনবো ক্লাছলৈ গৈয়ো শিকিব পাৰি৷