Close

নিজকে আৰু এটা সুযোগ দিয়ক

আপুনি যদি কিবা এটা কামত বিফল হ’ল মানে আপুনি কিবা এটা কাম কৰিব নোৱাৰিলে, তেতিয়া নিজকে “মোৰ কাম নাই”, “মোৰ দ্বাৰা নহ’ব,” “মোৰ জীৱনত একো নাই” বুলি ভাবি ভাঙি পৰাতকৈ আন এটা কাম নকৰে কিয়?

নিজকে আৰু এটা সুযোগ দিয়ক৷

আপুনি ভবামতে ফলাফল নাপালে বা যদি পৰীক্ষাত অণুতীর্ণ হ’ল বা কোনোবাই প্ৰেম প্ৰত্যাখ্যান কৰিলে বা আন কিবা এটা সমস্যাই জীৱনত দেখা দিলে৷ তেতিয়া হাত দাঙি দি, হাৰ মানি, জীৱনত সকলো শেষ বুলি বহি যোৱাতকৈ নিজকে আৰু এটা সুবিধা নিদিয়নে কিয়?

কোনোবাই আপোনাক বেয়াকৈ কিবা ক’লে, কোনোবাই ক’লে আপোনাৰ কোনো কাম নাই আৰু তাকে শুনি মনটো বেয়া লাগিলে৷ সকলো কাম বাদি দি আপুনি বহি গ’ল৷ সেয়া কৰাতকৈ নিজকে আৰু এটা সুযোগ দিয়া বেছি ভাল নহ’বনে?

সুযোগ দিয়া মানে একেটা ভুলকে বাৰে বাৰে কৰি থকা নহয়৷ সুযোগ দিয়া মানে একো নকৰাকৈ বহি থকাও নহয়৷ সুযোগ দিয়া মানে আকৌ এবাৰ কৰি চাবলৈ সুবিধা দিয়া৷ নিজকে সিমানখিনি সুযোগতো আপুনি দিবই লাগিব৷

সম্ভৱত ই নিজকে দিব পৰা আটাইতকৈ ডাঙৰ সুযোগ৷ আৰু এবাৰ চেষ্টা কৰিলে আপুনি সম্ভৱত আগতে কৰিব নোৱাৰা কামটো কৰিব পাৰিব, নোপোৱা ফলাফল পাব, নিজৰ চকুত নিজকে আকৌ প্ৰতিষ্ঠিত কৰিব পাৰিব৷ আপুনি নিজকে সুযোগ নিদিয়ালৈকে, বিভিন্ন সুযোগ আহিলেও আপুনি সেইবোৰ দেখা নাপাব, ধৰিব নোৱাৰিব৷

কিন্তু কেনেদৰে নিজকে আকৌ এটা সুযোগ দিব?

নিজক সুযোগ দিবৰ বাবে নিজৰ ধাৰণাবোৰ অলপ সলনি কৰক৷ আগৰ ধাৰণাবোৰে হয়তো কাম কৰা নাছিল, সেইবাবে আপুনি বিচৰা ফলাফল, বিচৰা কথাবোৰ লাভ কৰা নাছিল৷ সেইবাবে নিজৰ ধাৰণাবোৰ অলপ সালসলনি কৰিলে আপুনি আগতকৈ অলপ বেলেগ ধৰণে কামবোৰ কৰিব পাৰিব৷ আগৰ নিচিনাকৈ একেদৰেই যদি কামবোৰ কৰে, তেতিয়া ফলাফলো একে হ’ব৷ কামবোৰ বেলেগকৈ কৰিলেহে আপুনি বেলেগ ফলাফল পাব৷

যিবিলাক কথা সলাব লাগে সেইবোৰ সলাওক৷ কিছুমান চেঞ্জ বা সালসলনিৰ প্ৰয়োজন হ’ব৷ সেইবোৰ কৰি লওক আৰু নতুনকৈ আৰম্ভ কৰক৷

যি কাম হাতত লৈছে কেৱল তাতহে ফ’কাছ কৰক, আপোনাৰ অতীত বা বিফলতাবোৰ মনত কৰি সেইবোৰত ফ’কাছ নকৰিব৷ কামত, কি কৰিলে বিচৰা ধৰণে আগবাঢ়ি যাব পাৰিব, আপোনাৰ লক্ষ্যবোৰত, পৰিকল্পনাবোৰতহে ফ’কাছ কৰক৷

আপুনি যেতিয়া নিজকে নতুন সুযোগ এটা দি আকৌ নতুনকৈ কাম আৰম্ভ কৰিব তেতিয়া সেই কাম নিয়মিতভাৱে কৰক৷ কনচিষ্টেন্টলি বা নিয়মিতভাৱে কামবোৰ কৰি গ’লে আপুনি ফল নিশ্চয় দেখা পাবলৈ আৰম্ভ কৰিব৷ কনচিষ্টেনচি আপুনি বিচৰা ফলাফল আৰু সফলতাৰ লাভ কৰাৰ এটা নিশ্চিত উপায়৷

আৰম্ভ কৰোতে সৰুকৈ আৰম্ভ কৰক৷ তেতিয়া আমি বেছি চিন্তা কৰিব নালাগে, বেছি ষ্ট্ৰেছ ল’ব নালাগে৷ সৰু সৰু লক্ষ্য ঠিক কৰি ল’লে আপুনি সহজতে সেই লক্ষ্যবোৰ লাভ কৰিব পাৰিব৷ তেতিয়া আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু তাৰ পৰৱর্তী লক্ষ্যবোৰ লাভ কৰিবলৈ কাম কৰিবলৈ মন যাব, মটিভেচন থাকিব৷

নিজকে আৰু আনক ক্ষমা কৰক

আপুনি যদি কিবা ভুল কৰিছিল, কৰিব নলগীয়া কিবা কৰিছিল, তেন্তে নিজকে ক্ষমা কৰি দিয়ক৷ নিজক ক্ষমা নকৰালৈকে আপুনি নতুনকৈ কামটো কৰা আৰম্ভ কৰিব কেনেকৈ? যি কথাই নহওক নিজকে ক্ষমা নকৰালৈকে আপুনি কাম আৰম্ভ কৰিব নোৱাৰে আৰু কৰিলেও সেই কাম ভালদৰে কৰি থাকিব নোৱাৰে৷ গতিকে নিজক প্ৰথমতে ক্ষমা কৰক৷ যদি আন কোনোবাই আপোনাক আঘাত দিছে, আপোনাৰ অনিষ্ট কৰিছে, বিশ্বাসঘাটকথা কৰিছে, তেনেহ’লে তেওঁক ক্ষমা কৰিবলৈ টান হ’লেও ক্ষমা কৰি দিয়ক অৰু তেওঁৰ কথা মনৰ পৰা বাহিৰ কৰি দিয়ক৷ নিজকে পুনৰ ঠিক কৰি তুলিবলৈ, নতুন সুযোগ এটা দিবলৈ আৰু তাক ভালদৰে গ্ৰহণ কৰিবলৈ হ’লে এনে কথাবোৰ নিজৰ মনৰ পৰা আতৰাই পঠিয়াবই লাগিব৷ সেয়ে ক্ষমা কৰক, তেনে মানুহক জীৱনৰ পৰা বাদ দিয়ক আৰু নিজৰ পথত আকৌ খোজ লোৱা আৰম্ভ কৰক৷

নিজকে আকৌ এটা সুবিধা দিয়ক, এটা নতুন সুযোগ দিয়ক৷ আপুনি সিমানখিনি পোৱাৰ যোগ্য৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top