Close

আপোনাৰ জীৱনটো কিয় জটিল হৈ পৰিছে?

আপোনাৰ জীৱনটো যদি জটিল যেন অনুভৱ হৈছে তাৰ কিছুমান কাৰণ আছে৷ আপুনি হয়তো এনে কিছুমান কাম কৰি আছে যিবোৰে জীৱনটোক আৰু বেছি জটিল কৰি গৈ আছে৷

আপুনি জীৱনৰ জটিলতাত ফ’কাছ কৰি থাকে

আপোনাৰ মতে জীৱনটো জটিল আৰু আপুনি সেই জটিলতাতে ফ’কাছ কৰি থাকে৷ ই Complexity Bias ৰ কাৰণেও হ’ব পাৰে৷ সহজ-সৰল কথা বা সহজ-সৰল উপায়তকৈ আপুনি জটিল উপায় এটাক বেছি ভাল বুলি ভাবে৷ আৰু তেনে জটিল কথা আৰু উপায় অৱলম্বন কৰিবলৈ যাওতে জীৱনটো জটিলতাৰ মাজত সোমাই পৰে৷ এটা উদাৰণ চাও আহক- আপুনি কথা কওতে যদি নানাধৰণৰ জার্গন বা ডাঙৰ ডাঙৰ শব্দ ব্যৱহাৰ কৰে বা কথা এটা কওতে বহু দীঘল কৰে৷ আপুনি হয়তো সেয়া কৰে এনে কৰাটো বেছি ভাল বুলি ভাবি৷ কিন্তু সেয়া কৰোতে সৰু, সাধাৰণ পৰিস্থিতি এটা বা সৰু কমিউনিকেচন এটাও জটিল হৈ পৰে৷ তাতকৈ চিধাচিধি আনজন মানুহে বুজি পোৱাকৈ কথাখিনি ক’লে হয়তো তেৱো বুজি পালেহেঁতেন আৰু একো সমস্যাৰো সৃষ্টি নহ’লহেঁতেন৷

অনবৰতে দুঃচিন্তা কৰি থকা

আপুনি যদি অনবৰতে দুঃচিন্তা কৰি থাকে তেতিয়া জীৱনটো জানো ভাল যেন লাগিব? ভবিষ্যতে ভালো হ’ব পাৰে, বেয়াও হ’ব পাৰে৷ যদি বেয়া হয়, তেতিয়া সেই সময়ত আপুনি তাৰ লগত মোকাবিলা কৰিব পাৰিব৷ কিন্তু তাকে ভাবি যদি আজি ভয় কৰি, দুখ কৰি, চিন্তা কৰি বহি থাকে মনৰ শান্তি নোহোৱা হোৱাৰ লগতে আপোনাৰ ভয়ো লাগিব আৰু একো কাম কৰাও নহ’ব৷ এই পৰিস্থিতিৰ অর্থাৎ একো কৰিব নোৱাৰা অৱস্থা, আৰু মনৰ অশান্তি জানো আপুনি নিজে সৃষ্টি কৰি লোৱা নাই ভবিষ্যতৰ বিষয়ে কিছুমান এনে নিগেটিভ চিন্তা কৰি যিবোৰ কেতিয়াও নঘটিবও পাৰে৷

জীৱনৰ সকলো কথাকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰা

জীৱনৰ সকলো কথাকে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলে আপুনি অনবৰতে ষ্ট্ৰেছতে থাকিব লাগিব৷ সকলো কথাকে কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰি৷ আৰু তথাপিও তাকে কৰিবলৈ যাওতে আপুনি নিজৰ সুখ-শান্তি নোহোৱা কৰিব৷ যিকোনো কথাতে ইমানবোৰ ভেৰিয়েবল থাকিব পাৰে যে তাৰ সকলোবোৰ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহ’ব পাৰে৷ আৰু তাতে যদি আন মানুহ এজন বা বহুজন সেই ঘটনা বা পৰিস্থিতি বা কথাটোৰ লগত জঢ়িত থাকে তেতিয়া আৰু সমস্যা হ’ব৷ আন সকলো মানুহক জানো আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিব? সেয়া সম্ভৱ নহয়৷ বৰঞ্চ জীৱনটো বহুত সহজ হৈ পৰিব যদি আপুনি বুজি পায় যে সকলোবোৰ কথা নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয় আৰু সেই সকলোবোৰ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা নকৰাই ভাল৷

নিজৰ সুখৰ বাবে আনৰ ওপৰত নির্ভৰ কৰা

আপুনি যদি সুখী হ’বলৈ আনৰ ওপৰত নির্ভৰ কৰে, তেতিয়াও জীৱনটো জটিল হৈ পৰিব৷ আপুনি সুখী হ’বলৈ হ’লে যদি আন কোনোবা সুখী হ’ব লাগে বা তেওঁ আপোনাক কিবা এটা ভালকৈ ক’ব লাগে, বা তেওঁ হাঁহিলেহে আপুনি হাঁহিব পাৰে, তেতিয়া নিজৰ জীৱনটো আপুনি আন এজনৰ হাতত দিছে৷ আৰু সেই মানুহজনৰ নিজৰে এটা জীৱন জীয়াই থাকিবলৈ আছে৷ তেওঁ আপোনাৰ জীৱনটোৰ বাবে, আপোনাৰ সুখৰ বাবে আপুনি যিমান চেষ্টা কৰিলেহেঁতেন সিমান কৰিবনে, সিমানখিনি চিন্তা কৰিবনে? আৰু কিবা কাৰণত বা ইচ্ছা কৰিয়েই যযদি তেওঁ আপোনাৰ সুখৰ বাবে চেষ্টা নকৰে বা সেয়া নিবিচাৰে তেতিয়া কি হ’ব? তেওঁ কিবা কাৰণত সুখী নহবও পাৰে আৰু তেতিয়া আপুনি যদি তেওঁ সুখী হ’লেহে সুখী হ’ব পাৰে তেনে অৱস্থাত আপুনিও সুখী হ’ব নোৱাৰিব৷

আপোনাৰ নিজৰ চিন্তাৰ ওপৰত নিয়ন্ত্ৰণ নাই

নিজৰ মনটো আৰু চিন্তাবোৰক নিয়ন্ত্ৰণ কৰাটো ইমান সহজ নহয়৷ কিন্তু আমাৰ নিজৰ বাবেই এয়া কৰিব লাগিব৷ বিশেষকৈ আমাৰ মনলৈ যিবোৰ অট’মেটিক চিন্তা আহে সেইবোৰ আমি নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগিব৷ সেইবোৰক বাধা দিব নোৱাৰি, সেইবোৰ আহিবই৷ কিন্তু আমি নিজৰ মনটোক এনেদৰে ৰিপ্ৰেগ্ৰেমিঙ কৰিব পাৰোঁ যাতে চিন্তাবোৰ নিগেটিভৰ সলনি পজিটিভ হৈ পৰে৷ এই অট’মেটিক চিন্তাবোৰে বহু সময়ত আমাৰ সিদ্ধান্তবোৰ কেনে হ’ব সেয়া নিৰূপণ কৰে৷ সেয়ে চিন্তাবোৰ পজিটিভ কৰি ৰাখিব পাৰিলে ই জটিলতাৰ পৰা আমাক ৰক্ষা কৰিব৷ চিন্তাবোৰ সহজ-সৰল আৰু পজিটিভ কৰি ৰাখিব পাৰিলে আপোনাৰ জীৱনটো জটিল নহয় বৰঞ্চ সহজ-সৰল হৈ পৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top