Close

অন্ধকাৰ ভবিষ্যতনে উজ্বল প্ৰত্যাশা

আমি যদি যোৱাবছৰটোৰ ঘটনাবোৰ সাপেক্ষে অহা বছৰটো অসম আৰু অসমীয়াৰ বাবে কেনেকুৱা হ’ব সেয়া চিন্তা কৰিবলৈ চেষ্টা কৰোঁ, তেন্তে আমি কি দৃশ্য দেখিম- এক অন্ধকাৰ ভবিষ্যত নে উজ্বল প্ৰত্যাশা?

বেয়া খবৰবোৰ (নিগেটিভ দৃশ্য সমূহ)

বজাৰৰ বস্তুৰ দাম নকমাটোৱে সকলোকে সমস্যাত পেলাইছে৷ জি এছ টি অহাৰ পিছত বস্তুৰ দাম কমিব বুলি ভাবিলেও বাস্তৱত সেয়া হ’লনে? অলপতে মই নিজে দেখিলো এবিধ ঔষধৰ দাম হঠাতে ত্ৰিশ টকা বাঢ়ি গ’ল৷ ই কমিবহে লাগিছিল, নহয় জানো? তেনে অৱস্থা চাউল-দাইল বা আন প্ৰয়োজনীয় বস্তুসমূহৰ ক্ষেত্ৰতো হোৱা নাই জানো?

ডিমনেটাইজেচনৰ ফল যিধৰণৰ হ’ব বুলি প্ৰচাৰ হৈ আছিল, সেই ধৰণে ফলাফল পোৱা গ’লনে? যিমান কলা টকা বাহিৰ ওলাই আহি ৰাজকোষ পাব বুলি ধাৰণা কৰা হৈছিল, সিমান খিনি আহিলনে?

বন্ধ সংস্কৃতি আজিও একেদৰেই আছে৷ ৰেল অৱৰোধ, পথ অৱৰোধ, চৌবিবশ ঘন্টীয়া বন্ধ, আঠচল্লিশ ঘন্টীয়া বন্ধ ইত্যাদি আজিও চলি আছে৷ বানপানীৰ সমস্যা একেদৰেই চলি আছে৷ নমামি ব্ৰহ্মপুত্ৰই বানপানীৰ বাবে না কিবা কৰিলে নে অলপতে দেখা পোৱা ব্ৰহ্মপুত্ৰৰ পানী ঘোলা হোৱা বিষয়ত কিবা কাম কৰাৰ খবৰ আছে৷ নিবনুৱা সমস্যাৰ সৈতে আজিও অসমৰ যুৱক-যুৱতীয়ে যুঁজি আছে বৰঞ্চ এই যুঁজ আগতকৈ বেছি কঠিনহে হৈ পৰিছে৷ নানা স্কিল ডেলেপমেন্ট প্ৰগ্ৰেম আহিছে কিন্তু তাৰ ফলত উৎপন্ন হোৱা মানৱ সম্পদৰ গুণগত মান কেনে? তেওঁলোক চাকৰি কৰিবলৈ বা নিজে নিজৰ ব্যৱসায় কৰিবলৈ সাজু হৈ ওলাইছেনে?

যতে ততে তামোলৰ পিক এতিয়াও একেই আছে, ৰাস্তাই-ঘাটে এতিয়াও মানুহে মুক্ত মনে প্ৰস্ৰাৱ কৰিছে৷ ভগৱানৰ ফটোৱে এয়া নিৰাময় কৰিবলৈ চেষ্টা কৰোতে কেতিয়াবা কেতিয়াবা কাম কৰিছে, কিন্তু সকলোকে বলে পৰা নাই৷ গড় হত্যা হঠাতে বাঢ়ি গ’ল, দুর্নীতি লাহে লাহে সকলো কথাতে, সকলো বিভাগতে নিয়মৰ নিচিনা হৈ পৰিছে৷

ভাল খবৰবোৰ (পজিটিভ দৃশ্য সমূহ)

খেলৰ ক্ষেত্ৰত আমি অলপতে দেখিছো যে অসমীয়া ছোৱালী দুগৰাকীয়ে বক্সিঙত নাম কৰিছে৷ তেওঁলোকে নিজৰ, ঠাইৰ আৰু অসমৰ নাম উজ্বল কৰাৰ লগতে কিন্তু আন এটা ডাঙৰ কাম কৰিছে৷ তেওঁলোকক দেখি আন বহু ল’ৰা-ছোৱালীয়ে এই খেল আৰু আন আন খেলিবলৈ আৰু তাত ভাল কৰিবলৈ অনুপ্ৰেৰণা পাব৷ তেওঁলোক আনৰ কাৰণে ৰোল মডেল৷ তেওঁলোকক অনুকৰণ কৰি বক্সিঙৰ লগতে আন আন খেল সমূহতো অসমৰ ল’ৰা-ছোৱালীয়ে অহা বছৰটোত আৰু ভাল কৰিব বুলি আমি আশাবাদী৷

অসমত অনুুষ্ঠিত হোৱা বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় খেল-ধেমালিৰ বাবে আন্তঃগাঠনি যথেষ্ট ভাল কৰিবলগীয়া হৈছে৷ এইবোৰে অসমত খেলুৱৈসকলক আৰু ভাল প্ৰদর্শন কৰিবলৈ সুবিধা প্ৰদান কৰিব৷ তেওঁলোকে প্ৰয়োজনীয় আন্তঃগাথনি লাভ কৰাৰ ফলত ইচ্ছা কৰিলে নিজৰ প্ৰদর্শন দেশৰ আন খেলুৱৈসকলৰ সমান কৰিবলৈ সুবিধা পাব৷

গান বা নাচৰ যিবিলাক ৰাষ্ট্ৰীয় চেনেলত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে তাত আমাৰ ল’ৰা-ছোৱালীয়ে বিভিন্ন পর্যায়ত ভাল প্ৰদর্শন দেখুৱাই নানা পুৰষ্কাৰ আৰু সন্মান লাভ কৰিছে৷ এনেধৰণৰ ফলাফলে আন আন ল’ৰা-ছোৱালীকো অহা বছৰটোত আৰু উৎসাহ নিশ্চয়কে যোগাব৷

এন আৰ চি খচৰা প্ৰস্তুত আৰু উন্নীতকৰণৰ ফলত ভবিষ্যতে কি কি লাভ হ’ব সেয়া সকলোৱে জানে৷ এইটো এটা ডাঙৰ সুযোগ৷ অসম আৰু অসমীয়াৰ প্ৰতি মৰমৰ থকা যিকোনো লোকেই এই প্ৰক্ৰিয়াটো সুকলমে চলিবলৈ সহায় কৰি বিদেশীক অসমৰ পৰা বাহিৰ কৰাত সহায় কৰিব পাৰে৷ কোন ৰাজনৈতিক দলে কি কৈছে সেয়া লৈ মূৰটো গৰম কৰাতকৈ আপুনি নিজে ভাবি চাওকচোন কোনটো কথা আপোনাৰ বাবে, অসমৰ বাবে ভাল হ’ব৷ ইয়াত কোনো জাতি-ধর্মৰ কথা নাই৷ লগতে ই বিভিন্ন সম্প্ৰদায়ৰ মাজত থকা সন্দেহৰ ভাৱকো বহুখিনি হ্ৰাস কৰাত সহায় কৰিব৷

দুর্নিতীৰ বাবে বহু  চৰকাৰী-বেচৰকাৰী কর্মচাৰী, বিষয়া গ্ৰেপ্তাৰ হোৱাটো অলপ হলেও ভাল খবৰ৷ ই হয়তো কিছুমানক দুর্নীতি নকৰিবলৈ ভয় খুৱাব৷ কঠোৰ নিয়মৰ জৰিয়তে যদি অলপ অলপকৈ হলেও দুৰ্নীতি কমে সেয়াও আমাৰ বাবে ভাল খবৰেই৷

নতুন বছৰটোৰ বাবে কিছু উপলব্ধি

এন আৰ চি, ডিমনেটাইজেচন আদি ডাঙৰ ডাঙৰ সালসলনি বা চেঞ্জ৷ এনে নানাধৰণৰ সালসলনি আগলৈকো হয়তো হৈয়ে থাকিব৷ যদি আপুনি এনে সালসলনিবোৰৰ ভাল নাপায় আৰু এইবোৰৰ বিষয়ে কিবা কৰিব বিচাৰে আৰু কৰিব পাৰে, তেন্তে সেয়া কৰক৷ কিন্তু যদি আপুনি এনে সালসলনিবোৰৰ বিষয়ে একো কৰিব নোৱাৰে, তেন্তে  এইবোৰক গ্ৰহণ কৰিব পৰাটোৱেই আপোনাৰ বাবে আটাইতকৈ ভাল হ’ব৷ গ্ৰহণ কৰাৰ পিছত তাৰ পৰা আপুনি নিজৰ বাবে, পৰিয়ালৰ বাবে আৰু লগতে অলপ হলেও আনৰ বাবে, সমাজৰ বাবে কি লাভ কৰিব পাৰে সেই বিষয়ে চিন্তা কৰক আৰু তেনেদৰে চিন্তা কৰি পোৱা কামবোৰ কৰক৷ আমি সেয়া জানো কৰিব নোৱাৰো?

আপুনি যদি ভালদৰে মন কৰে তেন্তে দেখিব যে এই ভাল কথা যোৱা বছৰটোত বা তাৰ আগৰ বছৰবোৰত সংঘটিত হৈছে তাৰ বেছিভাগেই কিন্তু ব্যক্তিগত পর্যায়ত হোৱা ভাল কথা৷ ব্যক্তিগত ভাৱে কৰা চেষ্টাৰ ফলতহে এন ভাল ফলাফল সম্ভৱ হৈছে৷ যদিও আন উৎসৰ পৰা কিছু সহায় আহিছে, প্ৰধানকৈ এয়া সম্ভৱ হৈছে নিজৰ আৰু একেবাৰে ওচৰৰ দুজনমানৰ ব্যক্তিগত চেষ্টাৰ ফলত৷ খেল, নাচ-গান, বিজ্ঞান, সাহিত্য আদি সকলো কথাতে ই বিদ্যমান৷ এই কথাটোকে জানো আমি অহা বছৰৰ বাবে, আমাৰ সাফল্যৰ বাবে এক ডাঙৰ উপাদান বুলি ধৰি ল’ব নোৱাৰো? নিজৰ ব্যক্তিগত চেষ্টাৰ ওপৰত বেছি গুৰুত্ব দিও আহক৷ এনেদৰে চেষ্টা কৰোতে যদি আন কোনোবা আহি লগ লাগে খুব ভাল কথা, নাহিলেও আমি আমাৰ চেষ্টা অব্যাহত ৰাখিমেই৷ কিবা এটা কৰিম বুলি ভাবিলে আনে কৰি দিব বা কোনোবাই কৰিব বুলি নাভাবি আমি নিজে কৰা আৰম্ভ কৰো আহক৷ আমাৰ ব্যক্তিগত চেষ্টা, কামৰ বিচৰা ফলাফলটো নোপোৱালৈকে লাগি থকা ইত্যাদি আমাৰ হাতত আছে৷ গতিকে নিজৰ নিজৰ পছন্দৰ ক্ষেত্ৰত নিজে ভাল কাম কৰাৰ লগতে, নিজৰ ল’ৰা-ছোৱালী, ককাই-ভাই, বাইদেউ-ভন্টি, আত্মীয়-কুটুম সকলোকে নিজৰ নিজৰ ক্ষেত্ৰত ভাল কামবোৰ আৰু ভালদৰে কৰিবলৈ উৎসাহ দিব নোৱাৰোনে?

নতুন বছৰটোত চৰকাৰে সকলো কৰি দিব বুলি ৰৈ থকাতকৈ আমি নিজে পৰা কিছুমান কাম কৰিবলৈ হাতত লও আহক৷ উদাহৰণ স্বৰূপে, সৰু সৰু কামবোৰ যেনে নিজৰ ঘৰৰ চৌপাশ আৰু ওচৰ-পাজৰৰ ঠাইবোৰ লেতেৰা নোহোৱাকৈ ৰখাটো, ল’ৰা-ছোৱালীৰ দ্বায়িত্ব ভাল স্কুল এখনত এডমিছন দিয়ে নাসামৰি নিজেও চকু দিয়া আদি কিছুমান সৰু সৰু কাম  আমি কৰিব নোৱাৰোনে? যদিও এইবোৰ দেখাত সৰু সৰু কাম, কিন্তু তাৰ ফল আপোনাৰ বাবে বহু ডাঙৰ হ’ব পাৰে৷ তেনে কামবোৰ কৰাৰ অভ্যাস কৰোঁ আহক এই নতুন বছৰটোত৷ এই অভ্যাসটো আপোনাৰ বাবে গুৰুত্বপূর্ণ এই বাবেই যে ই আপোনাক এটা গুৰুত্বপূর্ণ সহায় কৰিব- আপোনাৰ দৃষ্টিভংগী সলনি কৰাত ই আপোনাক সহায় কৰিব৷

আনে কিবা কৰি দিব বুলি ৰৈ নাথাকিব৷ নিজে কৰিব পৰা কামবোৰ কৰা আৰম্ভ কৰক৷ যদি আজিৰ দৃষ্টিভংগীটো কামত অহা নাই বা আপুনি বিচৰা ফলাফল লাভ কৰা নাই, তেন্তে নতুন বছৰটোত কথাবোৰ চিন্তা কৰাৰ দৃষ্টিভংগীটো সলাওক আৰু দেখিব আপোনাৰ জীৱনটো কেনেদৰে নিজে নিজে সলনি হৈ গৈছে, আগতকৈ ভাল হৈ গৈছে৷ আৰু আপুনি নিজক ভাল পালে বা অসমক ভাল পালে এই নতুন আৰু খোলা এক দৃষ্টিভংগী আমাক লাগিব কাৰণ আগৰ দৃষ্টিভংগীৰো হয়তো কিছুমান কাম হোৱা নাই৷

অহা বছৰটো আপোনাৰ বাবে কেনে হ’ব তাৰ বহুখিনি কিন্তু নির্ভৰ কৰিব আপোনাৰ ওপৰত৷ আপুনি কি ভাবে, নিজৰ বাবে কি কৰে, কোনবোৰ কাম হাতত লয়, আপোনাৰ দৃষ্টিভংগী কেনেকুৱা, কামটোত আপুনি কিমানদিন লাগি থাকিব পাৰে, এইবোৰ কথাৰ ওপৰতহে আচলতে অহা বছৰটো বেছিকৈ নির্ভৰ কৰিব৷

জীৱনটো আপোনাতকৈ বহু ডাঙৰ৷ জীৱনটোৰ দ্বায়িত্ব লও আহক কাৰণ জীৱনটো আপোনাৰ৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top