অনিশ্চয়তাক গ্ৰহণ কৰিব পাৰিলে আমাৰ জীৱনবোৰ বহু সহজ হৈ পৰিব পাৰে৷
অনিশ্চয়তাৰ কথা জনাৰ আগতে ভয়ৰ কথাটো অকণমান চাই লও আহক৷
ভয়
ভয়ে আমাৰ জীৱনত এক বিৰাট ডাঙৰ ভূমিকা পালন কৰে৷ ই আমাৰ সিদ্ধান্তবোৰক প্ৰভাৱিত কৰাৰ লগতে আমাৰ কামবোৰকো প্ৰভাৱিত কৰে৷ ভয় বিভিন্নজনৰ বাবে বিভিন্ন ধৰণৰ হ’ব পাৰে৷ কাৰোবাৰ বাবে ই পৰীক্ষাত অকৃতকার্য হোৱাৰ ভয়, কাৰোবাৰ বাবে ভালপোৱাজনে তেওঁৰ গ্ৰহণ নকৰাৰ ভয়, কাৰোবাৰ বাবে আনৰ আগত সৰু হৈ যোৱাৰ ভয়, কাৰোবাৰ বাবে জীৱনত একোকে কৰিব নোৱাৰাৰ ভয়, আন কাৰোবাৰ বাবে হয়তো টকা-পইচা, ধন সম্পত্তি হেৰুওৱাৰ ভয় ইত্যাদি৷ আমাৰ জীৱনৰ বিভিন্ন সময়ত ই বিভিন্ন ৰূপত দেখা দিয়ে৷ এই ভয়টোক জয় কৰিব নোৱাৰাৰ বাবে আমাৰ সমস্যাবোৰে দেখা দিয়ে৷ গোটেই জীৱনটো আমি ইয়াৰ প্ৰভাৱত এনে কিছুমান সিদ্ধান্ত লও যিবোৰ আমি আচলতে ল’ব নিবিচাৰোঁ৷ এই ভয় আহে অনিশ্চয়তাৰ পৰা আৰু সম্ভাৱনাৰ পৰা৷ কিন্তু যদি আমি এই ভয় আৰু অনিশ্চয়তাক আকোঁৱালি ল’ব পাৰোঁ, তেতিয়া?
সম্ভাৱনা
যিকোনো কথা এটাৰ সাধাৰণতে দুটা সম্ভাৱনা থাকে- ই আপুনি বিচৰা ফালে যাব পাৰে বা তাৰ ওলোটাফালে যাব পৰে৷ বিচৰ ফলাফলটো অপাুনি ভবাৰ দৰে হ’ব পাৰে বা তাৰ ঠিক ওলোটা হ’ব পাৰে৷ আমি এই দুইটা সম্ভাৱনাৰ কথা জানো কিন্তু দুয়োটাকে আমি গ্ৰহণ কৰিব নোৱাৰো৷ সেইবাবে আমি কিবা এটা কাম কৰিবলৈ ল’লে সদায় আনে জনাকৈ বা মনে মনে ফলাফলটো আমি বিচৰা ধৰণে বা বিচৰা ফলাফলটোৱে হওক বুলি আশা কৰোঁ, অর্থাৎ আমি হ’ব পৰা দুটা সম্ভাৱনীয়তাৰ কথা জানিও তাৰে এটাহে হ’ব বুলি মানি লও৷ তাৰ মানে আমি নিশ্চয় কিবা এটা এনে কথা জানো যিটোৱে আমি ভবা মতেই ফলাফলটো হ’ব বুলি আমাক বিশ্বাস জন্মায়৷ কিন্তু যি মুহূর্ততে আমি সেই কথাটো মানি লও সেই মুহূর্ততে আমি এক চিৰন্তন কথা এটাক অগ্ৰাহ্য কৰোঁ৷ এই কথাটো হ’ল এটা ঘটনাৰ ফলাফল অনিশ্চয়তা থাকে তাৰ তাৰ ফলাফলৰ দুটা সম্ভাৱনা থাকে৷
কথাটো অলপ গোলমলীয়া যেন লাগিব পাৰে৷ এফালে আমি কও যে আশা অবিহনে জীৱনত একো নাই৷ আনফালে এতিয়া কৈছো যে যদি অনিশ্চয়তাক গ্ৰহণ কৰি কোনো প্ৰত্যাশা নোহোৱাকৈ আমি জীৱনত আগবাঢ়ি যাব পাৰোঁ তেতিয়া আমি জীৱনত দুখ কমকৈ পাম৷ অনিশ্চয়তাক গ্ৰহণ কৰা আৰু জীৱনত আশা নথকা একে কথা নহয়৷ আপুনি জীৱনত নানাধৰণৰ আশা থাকিও অনিশ্চয়তাক গ্ৰহণ কৰিব পাৰে৷ আপুনি গ্ৰহণ কৰক বা নকৰক, জীৱনত অনিশ্চয়তা থাকিবই৷ মাত্ৰ তাক গ্ৰহণ কৰিব পাৰিলে আৰু গ্ৰহণ কৰিব জানিলে তাৰ ফলত সৃষ্টি হ’ব পৰা জীৱন ধ্বংসকাৰী সমস্যাবোৰৰ সৃষ্টি নহ’ব৷ আশাবোৰক যদি আমি
কেনেদৰে? যদি মই অনিশ্চয়তাক সঁচাকৈ গ্ৰহণ কৰিব পাৰোঁ, তেতিয়া মই যিকোনো মুহুর্ততে ফলাফল পজিটিভ বা নিগেটিভ (মোৰ বাবে) হ’ব বুলি মানি ল’ব পাৰোঁ৷ তেতিয়া যদি মই ভিতৰৰ পৰা কথাটো গ্ৰহণ কৰিব পাৰিছোঁ, তেন্তে ফলাফলটো নিগেটিভ হলেও ই মোক ইমান বেয়াকৈ প্ৰভাৱিত নকৰে৷ বা তেনে নিগেটিভ ফলাফলে মোৰ জীৱনৰ আগৰ অকৃতকার্যতা বা পৰাজয়বোৰৰ কথা মনলৈ নানে৷ যিকোনো ঘটনাৰে ফলাফল পজিটিভ বা নিগেটিভ দুয়োটাৰ কোনোবা এটা হোৱাটো এটা চিৰন্তন সত্য বুলি মই মানি ল’ব পাৰিম৷
স্থিতপ্ৰজ্ঞ অৱস্থা
আপুনি কাম এটা কৰাৰ আগতে ভালদৰে চালি-জাৰি চাই, পৰিকল্পনা কৰি কামটো কৰিবলৈ অঅৰম্ভ কৰে৷ কিন্তু কামটো কৰাৰ সময়ত আপুনি মানি লয় যে জীৱনটোত অনিশ্চয়তা আছে আৰু তেনেদৰে এই কামটোৰ ফলাফলৰ ক্ষেত্ৰতো অনিশ্চয়তা আছে আৰু আপুনি সেই অনিশ্চয়তাক আকোঁৱালি লৈছে৷ লগতে তাৰ ফলাফলটো অপোনাৰ বাবে পজিটিভ বা নিগেটিভ হ’ব পাৰে তাকো আপুনি মানি লৈছে৷ তেতিয়া আপোনাৰ মনটো এনে এক স্থিতপ্ৰজ্ঞ অৱস্থাত আহি উপনীত হ’ব যে আপুনি আপোনাৰ সমস্ত শক্তি, জ্ঞান আৰু কৌশলেৰে কামটোত অৱতীর্ণ হ’ব কাৰণ কামটোৰ ফলাফলৰ প্ৰতি আপোনাৰ আৰু কোনো ভয় নাই৷ সেয়া কৰিলে আপুনি সদায় পজিটিভ ফলাফলেই পাবনে? নাপাব পাৰে৷ কিন্তু তাৰ ফলত আপোনাৰ দুটা লাভ হ’ব-
(1) আপুনি কোনো ধৰণৰ ভয় (নিগেটিভ ফলাফল, অকৃতকার্য হোৱা, কিবা হেৰুওৱা বা অতীতৰ কোনো ফলাফলৰ পুনৰাবৃত্তিৰ ভয় ইত্যাদি) নোহোৱাকৈ কামটো কৰিব পাৰিব আৰু তেতিয়া নিজৰ সমস্ত শক্তি, কৌশল, বুদ্ধি, জ্ঞান আদি কামটো কৰোতে লগাব পাৰিব৷ ফলত কামটো ভাল হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব৷
(2) কামটোৰ ফলাফল নিগেটিভ হলেও ই আপোনাক আগৰ সমান মানসিক আৰু আৱেগিক কষ্ট আৰু অশান্তি দিব নোৱাৰে৷
আপুনি আপোনাৰ আশাবোৰ এৰিব নালাগে, বৰঞ্চ আশাবোৰ আগতকৈ শক্তিশালীহে হ’ব লাগে৷ মাত্ৰ সেই আশাবোৰ অনুসৰি সেইবোৰ সঁচা কৰিবলৈ আপুনি যেতিয়া কাম কৰিবলৈ ল’ব তেতিয়া এই স্থিতপ্ৰজ্ঞ অৱস্থাত থাকি কাম কৰিব পাৰিলে আপুনি কেৱল বেছি কাম আৰু কামবোৰ বেছি ভালকৈ কৰিব পাৰিব তেনে নহয়, ই আপোনাৰ নানা ধৰণৰ আৱেগিক কষ্টৰ পৰাও ৰক্ষা কৰিব৷
আমি কাইলৈ জীয়াই থাকিম নে নাথাকো তাৰেই কোনো নিশ্চয়তা নাই কিন্তু আমি জীৱনৰ সকলো কথাতে নিশ্চয়তা বিচাৰি ফুৰোঁ৷ আজৱ কথা নহয়নে?