Close

ৰেইপ

ৰেইপৰ বিষয়ে মোৰ দুটামান কথা কবলগীয়া আছে৷ এইখিনি কথা নকলেই নহয়৷

ইন্সষ্টেন্ট গ্ৰেটিফিকেচন

অর্থাৎ সকলো লগে লগে লাগে৷ গতিকে কাৰোবাক ভাল পাই, তেওঁক নিজৰ কৰি লৈ, বিয়া পাতি লৈ, তেওঁৰ সন্মতি সাপেক্ষে তেওঁৰ লগত শাৰীৰিক সম্পর্ক কৰিবলৈ বহুত সময় লাগে, বহুত কষ্ট কৰিব লাগে, বহুত দ্বায়িত্ব ল’ব লাগে৷ তাতোকৈ কেইজনমানে মিলি ছোৱালী এজনীক, বা মহিলা এগৰাকীক বা ল’ৰা এটাক টানি আনি ৰেইপ কৰাটো বেছি সহজ, লগে লগে সুখ পোৱা কাম আৰু সেয়ে তেনে মানুহবোৰে সেই কামকে কৰে৷৷বর্তমান সকলো বস্তু লগে লগে লাগে গতিকে সেই একেটা চিন্তাধাৰাকে এই দানৱবোৰে ছোৱালী এজনী, বা মহিলা এগৰাকীৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰে৷ অর্থাৎ সিহঁতৰ কাৰণে ছোৱালী এজনী, বা মহিলা এগৰাকী মাত্ৰ এটা বস্তু, শাৰীৰিক সুখৰ বস্তু৷

ভুল শিক্ষা

ৰেইপ কথাটো সম্ভৱত ল’ৰা-ছোৱালী ডাঙৰ-দীঘল কৰোতে কৰা ভুলৰ পৰিণাম৷ আমি হয়তো সিহঁতক ভুলকৈ শিকাইছোঁ অথবা ভাল কথাবোৰ শিকাব পৰা নাই৷ বিশেষকৈ ল’ৰাবোৰক, পুৰুষসকলক৷ সম্পর্ক এটাত যে দুজন মানুহ থাকে, ছোৱালী বা মহিলাসকলো মানুহ , তেওঁলোকৰো ইচ্ছা-অনিচ্ছা আছে সেইবিলাক কথা হয়তো আমি শিকাব পৰা নাই আৰু ফলত সেইবোৰ কথা ভাবিবলৈ বা বুজি পাবলৈ এই ৰেপিষ্টবোৰৰ সামর্থও নাই৷ এই শিক্ষা যেতিয়া সিহঁতে লোৱা নাই গতিকে আইন-কানুনৰ জৰিয়তে সিহঁতক এনে শিক্ষা দিব লাগিব যাতে সিহঁতে এনে অপৰাধ কৰিবলৈ সাহসে কৰিব নোৱাৰে৷

মনোবৃত্তিনাৰী পুৰুষতকৈ তলৰ

আমি ভাল পাও বা বেয়া পাও এই কথাটো আমাৰ বহুতৰে মনত থাকে৷ আৰু কেতিয়াবা গম নোপোৱাকৈ আৰু কেতিয়াবা জানি-শুনি এই কথাটো ওলাই আহে৷ সমাজখনৰ সামূহিক চিন্তা যদি সেয়া তেন্তে সমাজৰ সদস্য সকলে সেয়া শিকাটো স্বাভাৱিক কথা৷ অলপতে হাৰিয়ানাৰ কোনোবা এখন ঠাইৰ কিছুমান মানুহে ইন্টাৰভিউ এটাত কৈছিল যে “হাত তালি দুই হাতেৰে বাজে” আৰু “ৰেইপ কনচেনচুৱাচ”৷ তেনে ঠাইত ৰেইপ বেছি হোৱাতো অস্বাভাৱিক কথা নহ’ব৷

ইয়াৰ লগত আন এটা ধাৰণাৰো সম্বন্ধ আছে৷ এই ধাৰণাটো হ’ল এনটাইটেলমেন্ট৷

এনটাইটলমেন্ট

মই পুৰুষ গতিকে মোৰ কিছুমান অধিকাৰ আছে৷ সেয়া মই পাবই লাগিব, নহ’লে মই জোৰকৈ হ’লেও সেয়া ল’মেই৷ কিছুমান মানুহ মোতকৈ তলৰ গতিকে মই সিহঁতৰ লগত যি ইচ্ছা তাকে কৰিব পাৰোঁ৷ এনেধৰণৰ কিছুমান চিন্তাৰ ফলতে ৰেইপৰ নিচিনা জঘন্য অপৰাধবোৰ সংঘটিত হ’ব পাৰে৷   

সুলভ ইন্টাৰনেট

ইন্টাৰনেটৰ এই ক্ষেত্ৰত এক ডাঙৰ ভূমিকা আছে৷ আগতকৈ পর্ণ সহজলভ্য৷ ধর্ষণৰ ক্ষেত্ৰত পর্ণৰ ভূমিকাক লৈ সপক্ষে-বিপক্ষে নানা ধৰণৰ যুক্তি দিব পাৰি,কিন্তু এই কথা সঁচা যে ইন্টাৰনেট সহজলভ্য হোৱাৰ লগে লগে আগতে নজনা মানুহেও এতিয়া পর্ণ উপভোগ কৰাৰ সহজ উপায় পাইছে৷ তেনেদৰেই কিছুমান সামাজিক মেডিয়া আৰু অনলাইন আন কিছুমান সেৱাৰ জৰিয়তেও এতিয়া সহজে আধা নাঙঠৰ পৰা আৰম্ভ কৰি পুৰা নাঙঠ ল’ৰা-ছোৱালীৰ ফটো সহজলভ্য৷ উদাহৰণ স্বৰূপে, ইনষ্টাগ্ৰাম এনে এক সেৱা যত দেশ-বিদেশৰ সকলোৰে ফটো চাব পাৰি৷ ইয়াৰ ষ্টাৰসকলকৰ লাখ, কোটি অনুসৰণকাৰী (ফল’ৱাৰ) আছে৷ কোনে কি উদ্দেশ্য লৈ নিজৰ নিজৰ একাউন্ট খুলি এই চাইটটো ব্যৱহাৰ কৰিছে সেয়া বেলেগ কথা, কিন্তু তাত এনেধৰণৰ উত্তেজক ছবিৰ সংখ্যা কম নহয়৷ এনে ছবি আৰু ভিডিঅ চোৱাৰ ফলত চেতন আৰু অৱচেতন মনত নিশ্চয়কৈ প্ৰভাৱ পৰে৷ চোৱাসকলে গম নোপোৱাকৈ অৱচেতন মনত এনে ধৰণৰ ছবি ৰৈ যোৱাটো একো ডাঙৰ কথা নহয়৷ ইয়াত দোষ ইন্টাৰনেতক দিলে কিন্তু নহ’ব কাৰণ তেতিয়াহ’লে ইন্টাৰনেট ব্যৱহাৰ কৰা সকলোৱে তেনেই হ’লহেঁতেন৷

ডিচেনচিটাইজেচন

অনবৰতে যেতিয়া আপুনি কিবা এটা দেখি থাকে, শুনি থাকে লাহে লাহে ই আপোনাৰ মনত আৰু টে তুলিব নোৱাৰা হৈ আহে৷ লাহে লাহে ই আপোনাৰ মনত কোনো ধৰণৰ চিন্তাৰ উদ্ৰেক নকৰা হৈ আহে৷

টিভি, বাতৰি কাকত আদিৰো এই ক্ষেত্ৰত ভূমিকা আছে৷ অনবৰতে যদি আপুনি হত্যা-ধর্ষণৰ বাতৰি শুনি থাকে, লগতে ফেনেকি-ফেনেকি দিয়া সকলো বৃত্তান্ত শুনি থাকে, এইবোৰে আপোনাৰ অৱচেতন মনত প্ৰভাৱ নেপেলাব নে? কিছুদিন আগতে যি ধর্ষণৰ বাতৰিয়ে আপোনাৰ মনটো বিতৃঞ্চাৰে ভৰাই পেলাইছিল, মনত দুখৰ উদ্ভৱ কৰিছিল, লাহে লাহে সেই চেনজিটিভিটি আপুনি হেৰুৱাই পেলাব৷ হয়তো এটা সময়ত আৰু তেনে বাতৰিয়ে আপোনাৰ মনত কোনো প্ৰভাৱেই পেলাব নোৱাৰে৷ এই যে কিবা এটা সলনি হ’ল সিয়ে কিন্তু আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ জীৱনত প্ৰভাৱ পেলাব৷ আজি বা কালিও হ’ব পাৰে, সৰুকৈ বা ডাঙৰকৈ কিন্তু ই প্ৰভাৱ পেলাব৷

ৰাবোৰক শিকাও আহক

আমাৰ সন্তানবোৰৰ পৰাই এই প্ৰয়োজনীয় কথাবোৰ শিকোৱাটো আৰম্ভ কৰোঁ আহক৷

ই এটা এক্সিডেন্ট

যি গৰাকী ছোৱালী বা মহিলাৰ বা ল’ৰাৰ ক্ষেত্ৰত (হয় ল’ৰাৰ ক্ষেত্ৰতো এয়া সংঘটিত হ’ব পাৰে) এই ঘটনাটো হৈছে তেওঁৰ বাবে ই এটা বিৰাট ডাঙৰ ঘটনা৷ হয়, কথাটো সঁচা৷ কিন্তু ই এটা এক্সিডেন্টহে৷ আৰু ইয়াত আপোনাৰ হাত নাছিল৷ আপোনাৰ সন্মতি অবিহনে এটা ঘটনা আপোনাৰ লগত ঘটি গৈছে৷ কিন্তু সেইবাবেই আপোনাৰ জীৱনটো শেষ হৈ যোৱা নাই৷

ছোৱালী এজনীয়ে এনে ঘটনা এটা সংঘটিত হৈ যোৱাৰ পিছতো ওচৰ-চুবুৰীয়া, আন মানুহৰ পৰা বেছি কষ্ট পায়, কিছুমান কথা শুনি শুনি৷ এই ক্ষেত্ৰত এটা প্ৰশ্ন আমি সদায় শুনো- “এতিয়া ছোৱালীজনীক কোনে বিয়া কৰাব?” এই প্ৰশ্নটো এইবাবেই উঠে কাৰণ আমি ধৰি লৈছোঁ যে বিয়া হ’বই লাগিব, নহ’লে জীৱনটো বৃথা৷ সঁচাকৈয়েনে? বিয়া নহ’লে ছোৱালীজনীৰ (বা ল’ৰাটোৰ) জীৱনটো বৃথা৷ জীৱনত আমাৰ মাত্ৰ সেইটোৱেই কাম? আন একো নাই? যিসকল কম বয়সতে বিধৱা হৈছে বা স্বামীৰ লগত বিবাহ-বিচ্ছেদ হৈছে তেওঁলোকৰ জীৱনটো তাৰমানে এনেয়ে গ’ল নে কি? কিছুদিন আগতে মই নির্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনীখন দ্বিতীয়বাৰৰ বাবে পঢ়ি আছিলোঁ৷ তেওঁৰ কম বয়সতে ছোৱালীৰ জন্মৰ সময়তে স্বামীৰ লগত এৰা এৰি হৈছিল৷ দৰাচলতে স্বামীৰ লগত তেওঁ বেছি দিন কটোৱাই নাছিল৷ তাৰ পিছত কিন্তু নিজৰ পঢ়া-শুনা কৰা, ডাঙৰ পৰিয়াল এটাৰ গুৰি ধৰা, প্ৰেছ চলোৱা, কিতাপ লিখা, কবিতা লিখা, গান লিখা আদি যিমান কাম তেওঁ গোটেই জীৱনত কৰিলে আমি বেছিভাগেই বোধকৰো সিমানখিনি দুটা জনমতো কৰিব নোৱাৰিম৷ সংসাৰ চলাই, দুখন ঘৰ চাই-চিতি, বিপৰীত ধৰণৰ স্বামীঘৰৰ মানুহবোৰৰ লগত থকা হ’লে তেওঁ সেয়া কৰিব পাৰিলেহেঁতেন নে তাত সন্দেহ আছে৷ তেতিয়াহ’লে স্বামীৰ লগত নথকাটো বা অকলে থকাটোতো তেওঁৰ বাবে বৰদানহে হ’ল৷

বিয়াৰ কথা ভবাতকৈ এই এক্সিডেন্টৰ পৰা তেওঁ যিমান সম্ভৱ কম মানসিক আৰু শাৰীৰিক খুত, চিন, ট্ৰমা লৈ ওলাই আহিব পাৰে আমি তাত গুৰুত্ব দিলেহে বেছি ভাল হ’ব৷ এটা এক্সিডেন্টৰ বাবেই কাৰোবৰ জীৱনটো সম্পূর্ণৰূপে শেষ হৈ নাযায়, নষ্ট হৈ নাযায়, কাৰো হ’ব নালাগে৷ মানুহে চাৰভাইভ কৰিব জানে, আমাৰ আত্মাই জানে কেনেদৰে এনে সাংঘাটিক ঘটনাক অতিক্ৰম কৰি যাব লাগে, জীৱনটো কেনেদৰে নতুনকৈ আৰম্ভ কৰিব লাগে৷ 

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top