ভুল কৰাটো বেয়া কথা নহয়৷
এবাৰ কল্পনা কৰকচোন আপোনাৰ ঘৰত বা অফিচত যদি এনে এক কালচাৰ বা সংস্কৃতি থাকে যত ভুল কৰাটো বেয়া বুলি ভবা নহয়৷ যত কোনোবাই ভুল কৰিলে সেই ভুলটো স্বীকাৰ কৰি ক’ব পাৰে “মই ভুল কৰিলোঁ”৷ যত কাৰ দোষ বিচৰাতকৈ ভুলটো ঠিক কৰিবলৈ সহায় কৰা হয়৷ তেনে ঘৰ এখনত থাকি বা তেনে অফিচ এটাত কাম কৰি ভাল নালাগিবনে?
ভুল আপুনি কেতিয়াবা নহয় কেতিয়াবা কৰিবই৷ ভুল কৰিলে সঠিক এপ্ৰচটো হ’ব সেয়া ভুল কৰা বুলি মানি লৈ, গ্ৰহণ কৰি তাৰ পৰা যি শিকিব পাৰি সেয়া শিকা৷
বাৰে বাৰে একেটা ভুলকে কৰাটো অৱশ্যে বেলেগ কথা৷ তাৰমানে আপুনি আগতে কৰা ভুলটোৰ পৰা একো নিশিকিলে বা মন নকৰিলে৷ তেনে বাৰে বাৰে হৈ থাকিলে আপোনাৰ অগ্ৰগতি কেনেকৈ হ’ব, আপুনি কেনেকৈ আগ বাঢ়িব?
ভুলৰ পৰা শিকক আৰু নিজকে ভাল কৰক৷ কিন্তু কেনেদৰে সেয়া কৰিব পাৰি? ভুলটোৰ বিষয়ে কথা কথা পাতিব লাগিব- কি ভুল কৰিলোঁ, কিয় কৰিলোঁ, কি কৰিলে ভুলটো ভবিষ্যতে নকৰাকৈ থাকিব পাৰিম, এই কথাকেইটা পাতিলে, বুজি পালে, মন কৰিলে আপুনি ভুলৰ পৰা শিকাও হ’ব আৰু সেই ভুলটোৰ পুনৰাবৃত্তি সম্ভৱত আৰু নকৰিব৷
ভুল আপুনি কেতিয়াবা নহয় কেতিয়াবা কৰিবই৷ কিন্তু দোষৰ বিচাৰ কৰি নাথাকি, নিজকে অপদার্থ বুলি ভাবি নল’ব, বিশ্বাস কৰি নল’ব যে আপোনাৰ কোনো কাম নাই৷ কাৰণ তেনে কৰিলে জীৱনটো নষ্ট হ’ব৷ তাক নষ্ট নকৰি আপুনি এই কামটো কৰক- ভুলৰ পৰা শিকক, আৰু পুনৰাবৃত্তি নহ’বলৈ যি কৰিব লাগে সেয়া কৰক৷ ভুল এটা কৰিলেই “মোৰ কাম নাই”, “মোৰ দ্বাৰা একো নহ’ব”, “মই অপদার্থ” এইবোৰ ভবাতকৈ ভাবক “কেনেদৰে মই আৰু ভাল কৰিব পাৰো, ভাল হ’ব পাৰো, যাতে এই ভুলটো আৰু নকৰোঁ৷”
এনেদৰে কৰা ভুল এটাৰ বিষয়ে চিন্তা কৰিবলৈ ঘৰত ব অফিচত যদি কোনেও আপোনাক এই কামত চাপর্ট নকৰে, নিজে নিজে সেই কাম কৰক৷ আনৰ লগত যদি কথা পাতিব নোৱাৰে, বা কোনেও নাপাতে বা কথা পাতিব নাজানে, তেন্তে আপুনি নিজে নিজৰ লগত তেনেদৰে কথা পাতক৷ ডাঙৰ, ডাঙৰকৈ নিজৰ লগত কথা পাতক৷ তেতিয়াও কামত আহিব আৰু তেতিয়াও আপুনি আগতকৈ ভাল হৈ গৈ থাকিবই৷
আপুনি পাৰফেক্ট হ’ব নালাগে ৷ ভুল কৰা মানে যদি আপুনি পাৰফেক্ট নহয়, তেনে পাৰফেক্ট আপুনি হ’ব নালাগে৷ তেনে পাৰফেক্ট হ’বলৈ গ’লে আপুনি সাংঘাটিক ষ্ট্ৰেছৰ কবলত পৰিব৷ এই ষ্ট্ৰেছে আপোনাৰ জীৱনটোলৈ বহুত শাৰীৰিক আৰু মানসিক সমস্যা লৈ আহিব৷ পাৰফেক্ট হোৱাৰ প্ৰয়োজন বাদ দিলেই ষ্ট্ৰেছ কমিব৷ আপুনি যেনিবা পাৰফেক্ট নহ’লেই, কিনো ডাঙৰ কথাটো হ’ব?
আৰু কেতিয়াও ভুল নকৰাৰ কোনো ধৰণৰ ষ্ট্ৰেটেজী নল’ব৷ অপুনি যদি কেতিয়াও ভুল নকৰিবলৈ চেষ্টা কৰে তেতিয়া ষ্ট্ৰেছত আপোনাৰ অৱস্থা নোহোৱা হ’ব ৷ আৰু জীৱনৰ যি কথাত ফ’কাছ কৰিব লাগে তাত ফ’কাছ থকাতকৈ আন কথাতহে থাকিবগৈ৷ জীৱনত আপুনি কি কি কৰিছে, কেনেদৰে কৰিছে, কিমান সংগ্ৰাম কৰিছে সেইবোৰ কথাৰহে মূল্য আছে আপুনি কিমান পাৰফেক্ট তাৰ নহয়৷
ভুল নকৰাকৈ থাকিবলৈ চেষ্টা কৰিলে, পাৰফেক্ট হ’বলৈ চেষ্টা কৰিলে মনত ভয় উৎপন্ন হ’ব৷ ভুল হ’ব নেকি বুলি ভাবি থাকিলেও ভয় লাগিব৷ এনে ভয়বোৰক আপুনি কিয় উৎপন্ন হ’বলৈ দিব লাগে? তাতোকৈ কামবোৰ কৰিবলগীয়া ধৰণে, কৰিব বিচৰা ধৰণে কৰি গ’লেই নহ’বনে? যদি ভুল হয়, সেই ভুলৰ পৰা আমি শিকিম, আৰু পুনৰাবৃত্তি নকৰিবলৈ যি কৰিব লাগে তাকে কৰিম৷
সফল হ’বলৈও ভুল কৰিলে তাক গ্ৰহণ কৰিব লাগিব৷ কাৰণ তেতিয়াহে আপোনাৰ নিজৰ উন্নতি কৰিব পৰা যাব আৰু তেতিয়াহে সফলতাৰ বাবে যি যি লাগে সেয়া আপুনি নিজৰ ভিতৰত সৃষ্টি কৰিব পাৰিব৷ তেনেদৰে জীৱনটো শান্তিত জীয়াই থাকিবলৈ, ভালদৰে জীয়াই থাকিবলৈ হ’লে কৰা ভুলবোৰক গ্ৰহণ কৰিব লাগিব৷ তাৰ পৰা শিকিব লাগিব, আকৌ সেয়া কৰিব নালাগিব৷
ভুল কৰক৷ মাত্ৰ বাৰে বাৰে নকৰিব৷ ভুল কৰক, তাক গ্ৰহণ কৰক, তাৰ পৰা শিকক৷ ইয়াক নিজৰ ভালৰ বাবে, উন্নতিৰ বাবে প্ৰয়োজনীয় এক আহিলা কৰি তোলক, আপোনাক অশান্তি দিয়া, হতাশাৰ সৃষ্টি কৰা এক ভয়ংকৰ বস্তু কৰি নাৰাখিব৷