Close

নতুন বছৰটো সফল হ’বলৈ এই কামটো কৰক

অহা বছৰটো যদি সফল, ভাললগা, কামত অহা কৰিব বিচাৰে এই কামটো আজি কৰক

বছৰটো প্ৰায় শেষ হও হও৷ এই সময়ত আপুনি এটা কাম কৰিব লাগিব৷ বছৰটোৰ শেষত ফূর্তি কৰক, ভোজ পাতক কিন্তু এই কামটোও কৰিবলৈ অলপ সময় উলিয়াব৷ আৰু যাবলগীয়া বছৰটোৰ শেষত কৰিব নোৱাৰিলেও নতুন বছৰটোৰ আৰম্ভণিতে নিশ্চয় কৰিবই৷

এখন নোটবুক উলিয়াই ল’ব আৰু দুটামান সহজ প্ৰশ্নৰ উত্তৰ লিখি যাব৷

প্ৰথম প্ৰশ্ন- এই বছৰটো মোৰ কেনে গ’ল?

বছৰটো আপোনাৰ বাবে ভাল আছইল নে? কিয় ভাল আছিল বা কিয় বেয়া আছিল?

দ্বিতীয় প্ৰশ্ন- কি কি শিকিলোঁ?

গোটেই বছৰটোত আপুনি কি কি শিকিলে? অকণমান ভালদৰে মন কৰিলে আপুনি গম পাব কি কি কথা আপুনি শিকিলে৷ নিজৰ ঘৰৰ ক্ষেত্ৰত, অফিচৰ ক্ষেত্ৰত, আন মানুহৰ লগত কাম কৰি একেলগে চলি আপুনি কিছুমান কথা শিকে৷ তেনেদৰে কাম কৰোতে আপুনি কিছুমান নতুন স্কিলো শিকে৷ শিকা কথাবোৰ লিখি লওক, তেতিয়া এইবোৰ মনত থাকিব৷ এই শিকা কথাবোৰ অহা বছৰটোত কামত লগাবলৈ চেষ্টা কৰিব৷

কি কি ভুল কৰিলোঁ?

নোটবুকখনত কি কি ভুল আপুনি এই যাবলৈ ওলোৱা বা যোৱা বছৰটোত কৰিলে সেয়া লিখি লওক৷ এই লিষ্টখন লিক্ষোতে মাত্ৰ চাব যাতে এই ভুলবোৰ কৰা বাবে নিজকে দোর্ষাওপ নকৰিব, নিজকে গালি নাপাৰিব, নিজকে তলখাপৰ বুলি নাভাবিব৷ মাত্ৰ ভুলৰ লিষ্ট এখনহে কৰক৷

এই ভুলবোৰ আকৌ নকৰিবলৈ মই কি কি কৰিব পাৰোঁ

ভুলৰ যিখন লিষ্ট আপুনি লিখিলে সেইখনত লিখা ভুলবোৰ আকৌ পুনৰাবৃত্তি নকৰিবলৈ অর্থাৎ ৰিপিট নকৰিবলৈ হ’লে আপুনি কি কি কৰিব লাগিব, কি কি ব্যৱস্থা ল”ব লাগিব, কি কি সালসলনি কৰিব লাগিব সেয়া এতিয়া লিখক৷

ইয়াত যিখিনি কৰিবলগীয়া কাম আপুনি বিচাৰি পাব সেইখিনি কাম আপোনাৰ কৰিবলগীয়া কামৰ তালিকাখনলৈ যাব৷ সেইখিনি কাম অহা বছৰটোত আমি কৰিম৷

অহা বছৰটো কেনে হোৱাটো বিচাৰোঁ?

এতিয়া ভালদৰে বহি লৈ শান্ত মনেৰে চিন্তা কৰক অহা বছৰটো আপুনি কেনে হোৱাটো বিচাৰে৷ চকু মুদিসম্পূর্ণৰূপে কল্পনা কৰিবলৈ চেষ্টা কৰক আপোনাৰ অহা বছৰটো আপুনি কেনে হোৱাটো বিচাৰে৷ কি কি কথা হোৱাটো বিচাৰে, কি কি নতুন কথা হোৱাটো বিচাৰে, কি কি সালসলনি বিচাৰে, কি কি আগতকৈ ভাল হোৱাটো বিচাৰে সকলো কথা চিন্তা কৰক৷ চকু দুটা মুদি সম্পূর্ণৰূপে নতুন বছৰটো কল্পনা কৰিবলৈ বা ভিজুৱেলাইজ কৰিবলৈ চেষ্টা কৰক৷ ভালদৰে ভিজুৱেলাইজ কৰিব পাৰিলে গোটেই কথাটো সহজ হৈ পৰিব৷

তেনে হ’বলৈ মই কি কি কৰিব লাগিব?

আপুনি ভিজুৱেলাইজ কৰা জীৱনটো পাবলৈ হ’লে আপুনি কি কৰিব লাগিব? সেই বিষয়ে চিন্তা কৰক৷ আপুনি সম্পূর্ণ শুদ্ধ হয়নে নহয় সেই লৈ এতিয়া চিন্তা নকৰিব৷ কেনেকৈ কৰিম সেয়া এতিয়া সঠিকভাৱে বা সম্পূর্ণভাৱে আপুনি নাজানিবও পাৰে৷ একো কথা নাই৷ আপুনি এতিয়া যি যি জানে, যি যি ভাবে সেয়া লিখি লওক৷ সেইবোৰ কৰা আৰম্ভ কৰিলে আপুনি আন বহু কথা গম পাব, ৰাস্তাৰ কথা গম পাব যিবোৰে আপোনাক ভাল কৰিব বিচৰা ধৰণৰ জীৱনটো লাভ কৰাৰ সঠিক পথ দেখুৱাব৷

এই কামটো কৰিলে আপুনি কৰিবলগীয়া কিছুমান কাম বিচাৰি পাব৷ এতিয়া এই কামবোৰ বছৰটোৰ বাবে কৰিবলগীয়া কামবোৰৰ তালিকাৰ অন্তর্ভুক্ত কৰি লওক৷ যদি আপোনাৰ কৰিবলগীয়া কামৰ তালিকা এখন নাই, সেয়া সম্ভৱত এতিয়াই তৈয়াৰ কৰি লোৱাটো ভাল হ’ব৷ অহা বছৰটো এই কৰিবলগীয়া কামৰ তালিকাখন অনুসৰণ কৰি সেই কৰিব বিচৰা কামবোৰ, কৰিবলগীয়া কামবোৰ কৰি গ’লেই হ’ল৷ তালিকাখন আপুনি এই নোটবুকটোতে লিখি ল’ব পাৰে অথবা তেনে মবাইল এপ এটাতো নোট কৰি ল’ব পাৰে৷ মুঠতে কামবোৰ ঠিকমতে লিখি ল’ব লাগে আৰু সেইবোৰ কৰা আৰম্ভ কৰিব লাগে৷ 

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top