Close

জীৱনত বিৰক্ত হৈ পৰিলে কি কৰিব?

আমাৰ বহুতৰে দৈনন্দিন জীৱনটো বৈচিএ্যহীন আৰু সেয়ে বিৰক্তিকৰ৷ আমি কৰিবলগীয়া কামবোৰৰ বাবে, কৰি থকা কামবোৰৰ বাবে ই বৈচিএ্যহীন হৈ পৰাৰ সম্ভাৱনা থাকে৷ বহুতৰে হয়তো এনে লাগে “কিমান আৰু এইবোৰকে কৰি থাকিম?” আন কিছুমানৰ হয়তো মনত ভাব হয় “আজি কি কৰি কটাম?” কেতিয়াবা আপোনাৰ বিৰক্তি লাগে “ধেৎ, জীৱনটোত একোৱে নাই৷”

অকল আপোনাৰে এনে নহয়, আন বহুতৰে এনেকুৱা হয়৷ কোনোবাই কথাটো কয়, কোনোবাই নকয়৷ কেতিয়াবা কেতিয়াবা জীৱনটো বিৰক্তিকৰ হৈ পৰে৷ আপুনি যিমানে ভাল কাম নকৰক কিয়, যিমানে বাহিৰৰ পৰা দেখাত সাংঘাটিক কাম নকৰক কিয়, তেতিয়াও এনে ভাৱ আপোনাৰ মনলৈ আহিব পাৰে৷  তেনেকুৱা হ’লে আপুনি কি কৰিব?

জীৱনত বৈচিএ্য আনিব লাগিব আপুনি নিজে ৷ নহ’লে যিমানে ভাল চাকৰি নকৰক কিয়, যিমানে ডাঙৰ চাকৰি নকৰক কিয়, যিমানে ভাল ব্যৱসায় নকৰক কিয়, যিমানে টকা-পইচা নঘটক কিয়, যিমানে মান-সন্মান-নাম আর্জন নকৰক কিয়, এদিন এই সকলোবোৰ বৈচিএ্যহীন, বিৰক্তিকৰ হৈ উঠিব পাৰে৷ এই বৈচিএ্য কিন্তু নিজে নিজে নাহে৷ আপুনি যিয়েই নকৰক কিয়, বৈচিএ্য আনো বুলি ভাবিলে আপুনি নিজে সেই বৈচিএ্য আনিব পাৰে৷ কিন্তু কেনেকৈ আনিব তেনে বৈচিএ্য?

জীৱনটো কেনেদৰে আকর্ষণীয় কৰি তুলিব?

কাম কৰাৰ পদ্ধতিটো সলনি কৰক

আপুনি আজি যি পদ্ধতিত কাম এটা কৰি আছে, সেই পদ্ধতিটো সলনি কৰি চাওকচোন৷ কামবোৰ সলনি কৰিব নালাগে, কাম ৰককাৰ পদ্ধতিটো সলনি কৰি চাওক৷ আপোনাৰ কামবোৰ কৰি আগতকৈ বেলেগে বেলেগ লাগিব৷ এক নতুন ধৰণৰ অনুভৱ হ’ব সেই একে ধৰণৰ কাম কৰি৷

আগতে আপুনি ৰাতিপুৱা 7 টাত উঠে৷ এতিয়া ৰাতিপুৱা 5 টা বজাত উঠি চাওকচোন৷ দুদিনমান মাত্ৰ কৰি চাওক৷ প্ৰথম কেইদিনমান অলপ অসুবিধা পাব, কিন্তু লাহে লাহে যেতিয়া উঠাটো আপোনাৰ বাবে সহজ হৈ পৰিব তেতিয়া আপোনাৰ জীৱনটো, আৰু বিশেষকৈ ৰাতিপুৱাটো বেলেগ বেলেগ লাগিব৷ আপুনি আগতে আবেলি জিমলৈ গৈছিল শাৰীৰিক ব্যায়াম কৰিবলৈ, এতিয়া সেয়া সলনি কৰি ৰাতিপুৱা জিমলৈ যোৱা কৰক৷ চাওকচোন কিবা সলনি হয় নেকি?

জীৱনৰ কামবোৰ সলনি কৰক

কেতিয়াবা জীৱনৰ কিছুমান কাম সলনি কৰিব লাগিব পাৰে৷ আগতে যদি অফিচৰ পৰা আহি কেৱল টিভিৰ সন্মুখত বহি থকাৰ অভ্যাস আছিল, এতিয়া তাৰে এঘন্টা সময় জিমলৈ যোৱা বা যোগ বা আন কিবা ব্যায়াম কৰা অভ্যাস কৰক৷ বা সেই এঘন্টা সময় আপুনি ভালপোৱা কাম এটা বা হবি এটাত দিয়ক৷ যদি জীৱনৰ কিবা এটা অংশৰ বিষয়ে বা কিবা এটা কামৰ বাবে কিবা এক পৰিকল্পনা আপুনি কৰি আছে বা আগতে কৰিছিল, তেন্তে  সেই পৰিকল্পনা অনুসৰি কাম কৰা আৰম্ভ কৰিব পাৰে৷ তেনে আগতে নকৰা কাম এতিয়া আপুনি আৰম্ভ কৰিব পাৰে৷

ভয় এৰিব লাগিব

জীৱনটো উপভোগ্য কৰি তুলিবলৈ হ’লে, আকর্ষণীয় কৰি তুলিবলৈ হ’লে এটা পর্যায়লৈ ভয় এৰিব লাগিব৷ একেবাৰতে সকলো ভয় এৰি দিয়াটো সম্ভৱ নহ’ব পাৰে, কোনো কথা নাই৷ লাহে লাহে আপোনাৰ ভয়বোৰ আতৰাই কৰিব খোজা কামবোৰ কৰিব লাগিব, বিচৰা অভিজ্ঞতাবোৰ গ্ৰহণ কৰিব লাগিব৷ আপুনি যদি কিবা এটা কাম কৰিব বিচাৰে কিন্তু নানা ধৰণৰ ভয়ে, যেনে বিফল হোৱাৰ ভয়, হাঁহিয়তাৰ পাত্ৰ হোৱাৰ ভয়, পৰিয়াল চলাব নোৱাৰাৰ ভয়, নিজৰ চকুত সৰু হৈ যোৱাৰ ভয়, খাবলৈ নথকাৰ ভয় বা আন কিবা ভয়ে আপোনাক নিজৰ কাম কৰিবলৈ নিদিয়াকৈ থাকে, তেন্তে সেই ভয়বোৰ আতৰ কৰিলেহে আপুনি কৰিব বিচৰা কামবোৰ কৰিব পাৰিব আৰু তেতিয়াহে জীৱনটো আকর্ষণীয় হোৱাৰ সম্ভাৱনা থাকিব৷

নতুন নতুন বস্তুবোৰ কৰি চাওক

নতুন কিবা এটা বস্তু চাকি চোৱাৰ সুবিধা পালে, নতুন কাম এটা কৰাৰ সুবিধা পালে সেই সুবিধাটো নেৰিব৷ আপুনি কামটো ভালদৰে কৰিব নোৱাৰিলেও কোনো কথা নাই, আনে হাঁহিলেও কোনো কথা নাই, তথাপি কামটো কৰক৷ এই নতুন কামটোৰ জৰিয়তে আপোনাৰ এক নতুন অভিজ্ঞতা হ’ব, এক নতুন অনুভূতি লাভ কৰিব৷ সি আপোনাৰ জীৱনত বৈচিএ্য যোগ দিব৷

ভ্ৰমণ কৰক

আন ঠাইলৈ ফুৰিবলৈ গ’লে আৰু অকণমান মনটো খোলা ৰাখিলে আপুনি বহু নতুন নতুন কথা দেখিব, শুনিব আৰু শিকিব পাৰিব৷ আপোনাৰ কিছুমান পুৰণি, অনিষ্টকাৰী ধাৰণাৰ কথা আপুনি গম পাব আৰু তেতিয়া সেইবোৰ প্ৰয়োজন হ‘লে সলনি কৰিব পাৰিব৷ বিশেষকৈ আপোনাৰ দৃষ্টিভংগী সলনি কৰাত ই বৰ সহায় কৰিব পাৰে৷ মাত্ৰ কিবা নতুন দেখিলে, বেলেগ কিবা দেখিলে সেয়া আগৰ নিচিনাকৈ বিচাৰ নকৰি কিয় সেয়া কোনোবাই কৰিছে বা সেয়া ঘটিছে তাক অলপ মন কৰিবলৈ যত্ন কৰিলে ই আপোনাক নতুনকৈ কথাবোৰ চাবলৈ শিকাব পাৰে৷

টিভিটো বাদ দিয়ক

আপোনাৰ কাৰণে যদি অকল টিভিটোৱে অৱসৰ বিনেদানৰ আহিলা তেন্তে আপুনি জীৱনটো লৈ ব’ৰ হোৱাটো বৰ ডাঙৰ কথা নহয়, তেনে হ’বই৷ টিভি চোৱাটো পাৰিলে একেবাৰেই বাদ দিয়ক আৰু নহ’লেও কমাওক৷ তেতিয়াহে আন কামৰ বাবে আপোনাৰ সময় ওলাব৷ আপোনাৰ দ্বায়িত্ব্বোৰ পালন কৰাৰ পিছতো আপোনাৰ ভাল লগা কাম, বাকেট লিষ্টৰ কাম কৰিবলৈ তেতিয়াহে আপুনি সময় উলিয়াব পাৰিব৷

অভিজ্ঞতাৰ ওপৰত গুৰুত্ব বেছি দিয়ক

বস্তু কিনা বা লাভ কৰাতকৈ অভিজ্ঞতা লাভ কৰাত বেছি গুৰুত্ব দিয়ক৷ অভিজ্ঞতাবোৰ বা এইবোৰ লাভ কৰাৰ স্মৃতিবোৰ আপোনাৰ বেছিকৈ মনত থাকিব৷ এইবোৰে আপোনাৰ জীৱনটো আকর্ষণীয় কৰি তুলিব আজি আৰু এইবোৰ মনত কৰি কাইলৈও আপোনাৰ জীৱনটো আকর্ষণীয় হ’ব৷ অকল দামী বস্তু কিনি বা বেছি বস্তু কিনি আপুনি সেই ভাৱটো কেতিয়াও লাভ কৰিব নোৱাৰে৷

বাকেটলিষ্ট এখন অনুসৰণ কৰক

আপোনাৰ বাকেট লিষ্ট এখন আছেনে? বাকেট লিষ্ট এখনত আপুনি আপোনাৰ মৃত্যু হোৱাৰ আগতে যিবোৰ কাম কৰিব খোজে সেই কামবোৰ লিখা থাকে৷ যদি আপোনাৰ বাকেট লিষ্ট এখন নাই তেনেহ’লে এখন বাকেট লিষ্ট তৈয়াৰ কৰি লওক আৰু মাজে মাজে অলপ সময় পালে সেইখনৰ কামবোৰ কৰা আৰম্ভ কৰক৷ বিৰক্ত হ’বলৈ আপুনি সময়ে নাপাব৷ এই কামবোৰ বিভিন্ন হ’ব পাৰে আৰু সেয়ে এইবোৰে আপোনাৰ জীৱনলৈ বিভিন্নতা আনিব৷ এই কামবোৰে যিকোনো সময়তে আপোনাৰ জীৱনটো আকষণীয় কৰি তুলিব৷

মৰ্ণিং ৰুটিনখন সলনি কৰক

আপোনাৰ মৰ্ণিং ৰিচুৱেল বা ৰুটিন এখন আছেনে? যদি নাই তেন্তে সেইখন তৈয়াৰ কৰি লৈ সেইমতে ৰাতিপুৱা কাম কৰা আৰম্ভ কৰক৷ তেতিয়া আগতকৈ আপোনাৰ ৰাতিপুৱাটো সলনি হৈ পৰিব৷ যদি আপোনাৰ মণির্ং ৰিচুৱেল এটা আছে তেন্তে সেইখন সলাই অলপ নতুন কৰি লওক৷ তেতিয়াও জীৱনটো আগতকৈ বেলেগে, নতুন হৈ পৰিব৷

জীৱনটো আকর্ষণীয় কৰি তুলি বৈচিএ্যহীন জীৱন এটাৰ পৰা মুক্তি পাবলৈ হ’লে আপুনি কৰিব পৰা আন কিছুমান কাম আছে৷ সোনকালে উঠক,

নতুন কিবা এটা শিকক, ঘৰটো নতুনকৈ সজাওক, ভাল নোপোৱা কাম কৰক, নোৱাৰিম বুলি ভবা কাম এটা কৰক, ব্যস্ত হৈ পৰক, নিজৰ চহৰতে এদিন হোটেলত থাকক ইত্যাদি নানা সৰু-ডাঙৰ কাম আপুনি কৰিব পাৰে বৈচিএ্য আনিবলৈ আৰু জীৱনটো আগতকৈ আকর্ষণীয় কৰি তুলিবলৈ৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top