Close

জীৱনটো সম্পূর্ণৰূপে জীয়াই থকাৰ পৰা কিহে আপোনাক আতৰাই ৰাখে?

জীৱনটো সম্পূর্ণৰূপে জীয়াই থকাৰ পথত কিছুমান অন্তৰায় আছে৷ যদিও আমি জীৱনটো তেনেদৰে জীয়াই থাকিব বিচাৰো, বহু সময়ত এই বাধাবোৰৰ বাবে আমি সম্পূর্ণভাৱে জীয়াই থকাত বিফল হও৷ কি এই বাধাবোৰ? কিহৰ বাবে আমি সম্পূর্ণৰূপে জীয়াই থাকিব বিচাৰিও সেয়া কৰিবলৈ অপৰাগ হও?

সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা

আপুনি যদি সকলোকে সন্তুষ্ট কৰিবলৈ যায়, তেতিয়া আপোনাৰ জীৱনটো আৰু আপোনাৰ হৈ নাথাকে৷ তেনে জীৱন এটা সম্পূর্ণভাৱে জীয়াই থকাৰ কথা ক’ৰ পৰা আহিব? আপুনি সকলোকে সন্তুষ্ট কৰিব নোৱাৰে আৰু কৰিবলৈ গ’লে আপুনি প্ৰতিদিনে আনৰ মতে কাম কৰিব, আনৰ মতে জীয়াই থাকিব৷ আপোনাৰ জীৱনটো আপোনাৰ নিজৰহে, গতিকে ইয়াক  নিজৰ বাবেই, নিজৰ মতে জীয়াই থাকিলেহে আপুনি ইয়াক সম্পূর্ণভাৱে জীয়াই থাকিবলৈ চেষ্টা কৰিব পাৰিব৷ কিন্তু সেয়া বাদ দি যদি আপুনি সদায় কেৱল আন মানুহবোৰকহে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰি থাকে, তেতিয়া আপুনি এনে কিছুমান কাম কৰি থাকিব যিবোৰে সেই মানুহবোৰে ভাল পায়৷ তেতিয়া আপোনাৰ নিজৰ বাবে কাম কৰিবলৈ সময় ক’ত থাকিব? আৰু যদি নিজৰ বাবে কাম নকৰে, নিজে ভালপোৱা কামবোৰ নকৰে, তেতিয়া জীৱনটো দীঘলীয়াকৈ জীয়াই থাকিলেও জানো সেয়া সম্পূর্ণৰূপে, ভালদৰে জীয়াই থকা যেন লাগিব?

অনুমতিৰ বাবে অপেক্ষা কৰি থকা

জীৱনটো জীয়াই থাকিবলৈ হওক বা কৰিব বিচৰা কামবোৰ কৰিবলৈকে হওক, আপুনি যদি আন কাৰোবাৰ অনুমতিৰ বাবে ৰৈ থাকে, তেতিয়া কেনেদৰে সম্পূর্ণভাৱে জীৱনটো জীয়াই থাকিব পাৰিব৷ যদি তেওঁ আপোনাক অনুমতি নিদিয়ে, তেতিয়া? তেতিয়া আপুনি সকলো বাদ দি দিব নেকি? আপোনাৰ জীৱনটো জীয়াই থাকিবলৈ আন এজনৰ অনুমতি সঁচাকৈয়ে লাগেনে?

আনজন মানুহ আপোনাৰ যিয়েই নহওক কিয়, আপোনাৰ জীৱনটোৰ ওপৰত তেওঁৰ অধিকাৰ নাই৷ তেওঁৰ জীৱনটো যেনেদৰে তেওঁৰ নিজৰ, তেনেদৰেই আপোনাৰ জীৱনটো আপোনাৰ নিজৰ৷ আৰু সেয়ে আপোনাক নিজৰ জীৱনটো জীয়াই থাকিবলৈ কাৰো অনুমতিৰ প্ৰয়োজন নাই৷ সেয়া আপোনাৰ নিজৰ অধিকাৰ৷

সঠিক সময়ৰ বাবে অপেক্ষা কৰি থকা

যেতিয়া সঠিক সময় আহিব, তেতিয়া মই জীৱনটো জীয়াই থাকিব, সম্পূর্ণভাৱে জীয়াই থাকিবলৈ চেষ্টা কৰিম যদি আপুনি সেয়া ভাবিছে, তেন্তে আপোনাৰ হয়তো কেতিয়াও জীৱনটো জীয়াই থকাই নহ’ব৷ সঠিক সময় মানে আপোনাৰ বাবে কি? আপুনি কেনেদৰে গম পাব সেই সঠিক সময় আহিছেনে নাই? তেনেদৰে সঠিক সময়ৰ বাবে ৰৈ থাকোতে হয়তো জীৱনৰ বহু সময়ে নষ্ট হৈ যাব৷ আৰু আপুনি ভবাৰ দৰে একেবাৰে সঠিক সময় যদি নাহে তেতিয়া আপুনি সম্পূর্ণভাৱে জীয়াই নাথাকিবই নে কি?

জীৱনৰ কিছুমান মুহূর্ত বাৰে বাৰে নাহে আৰু সেইবাবে সেই মুহূর্তবোৰ জীয়াই থাকিবলৈ পোৱা প্ৰতিটো সুবিধা আপুনি সেই সময়তে গ্ৰহণ কৰিব লাগিব৷ সঠিক সময়ৰ বাবে ৰৈ নাথাকিব, কাৰণ কিজানি এতিয়াই আপোনাৰ বাবে সঠিক সময়!

আনৰ লগত তুলনা কৰা

এই কামটো এৰাটো বৰ টান৷ কিন্তু যেতিয়ালৈকে আপুনি আন এজনৰ লগত তুলনা কৰি আছে তেতিয়ালৈকে আপুনি তেওঁৰ লগত প্ৰতিযোগিতা কৰি থাকিব৷ আৰু তেওঁৰ জীৱনটো আৰু আপোনাৰ জীৱনটো বেলেগ বেলেগ৷ যদি আপুনি তেওঁৰ লগত নিজকে তুলনা কৰি থাকে, তেতিয়া নিজৰ জীৱনটো জীয়াই থকাতকৈ তেওঁৰ নিচিনা জীৱন এটাহে জীয়াই থকাৰ সম্ভাৱনা বহুত বেছি৷ আৰু আন এজনৰ লগত তুলনা কৰি তেনেদৰে জীৱনটো গঢ়ি লোৱাৰ সলনি আপুনি নিজকে সুধি নিজে বিচৰা ধৰণৰ জীৱন এটা গঢ়ি ল’লে তাক জীয়াই থাকি জানো আপুনি বেছি ভাল নাপাব?

বিফলতাক ভয় কৰা

বিফলতাক ভয় কৰিলে আপোনাৰ জীৱনটো সম্পূর্ণভাৱে জীয়াই থকা নহ’বই৷ জীৱনত কেতিয়াবা নহয় কেতিয়াবা, কিবা নহয় কিবা কামত বিফলতা আহিবই, থাকিবই৷ আপুনি যদি বিফল হ’ব পাৰে বুলি কৰিব বিচৰা কামবোৰ নকৰে, যাব খোজা ঠাইলৈ নাযায়, গঢ়িব খোজা সম্পর্কবোৰ নগঢ়ে, ভালপোৱা মানুহবোৰক সেই ভালপোৱাৰ কথা নকয়, তেন্তে আপুনি জীৱনটো জীয়াই থকিল জানো?

বিফলতাবোৰ থাকিবই, আৰু সেইবোৰক অতিক্ৰম কৰি আমি নিজে বিচৰা ধৰণে জীৱনটো যিমান পাৰি সিমান গঢ়ি ল’লেহে জীৱনটো উপভোগ কৰিব পাৰিব, নিজৰ মতে জীয়াই থাকিব পাৰিম আৰু ইয়াক সম্পূর্ণভাৱে জীয়াই থাকিব পাৰিম, লাগিলে ই বছৰৰ হিচাপত সৰুৱে হওক৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top