Close

স্কুললৈ নোযোৱাকৈ কেনেকৈ কিবা শিকিব পাৰিবা

কিবা এটা শিকিব বিচাৰিলে আমি সাধাৰণতে কি কৰোঁ? তেনেকুৱা কর্চ এটা বিচাৰোঁ আৰু সেই কর্চটো শিকোৱা স্কুল, কলেজ, ইউনিভার্চিটি, বা ইন্সিষ্টিটিউট এটা বিচাৰোঁ৷ কিন্তু কিবা এটা শিকিবলৈ অকল সেয়াই একমাত্ৰ উপায়নে?

কিবা এটা শিকিবলৈ হ’লে তুমি অকল স্কুল, কলেজ বা ইন্সিষ্টিউট এটালৈ নোযোৱাকে নহ’ব নেকি?  আন কিবা উপায় নাই নেকি? আছে৷ তুমি যদি কিবা এটা শিকিব বিচৰা তেন্তে তুমি নিজ ইচ্ছাতো যিকোনো কথা শিকিব পাৰা৷ ই বিশেষকৈ সেই সকলৰ বাবে বৰ কামত অহা যাৰ কিবা এটা শিকিবলৈ ওচৰতে একো সুবিধা নাই৷ আৰু যদি সুবিধা আছে কিন্তু তুমি তাত যিমান ভালকৈ শিকাব তাতোকৈ ভালকৈ কিবা শিকিব বিচৰা তেতিয়াও তুমি এই সুবিধাটো ল’ব পাৰা৷

কি কি সজুলি লাগে?

স্মার্টফোন আৰু ইন্টাৰনেট কানেকচন ৷ তোমাৰ হাতত স্মার্টফোন আছেই আৰু আজিকালি সকলোৰে লগত 4G থাকেই৷ গতিকে তোমাৰ এই দুটা বস্তু আছে ৷ কিন্তু তোমাক তাতোকৈ ডাঙৰ তৃতীয় এটা বস্তু লাগিব৷ কি বস্তু? তোমাক লাগিব ইচ্ছা৷ ইচ্ছা নাথাকিলে যিমানে সুবিধা নাথাকক কিয়, তুমি একো নকৰা৷ নহয়নে? ইচ্ছা নাথাকিলে তুমি কেতিয়াও একো নিশিকা৷

ত শিকিব পাৰি?

অনলাইন৷ এনেদৰে স্কুল, কলেজ নোযোৱাকৈ বহু কথা, বহু স্কিল তুমি শিকিব পাৰিবা ইন্টাৰনেট ব্যৱহাৰ কৰি৷ বহুবোৰ এনেকুৱা ৱেবচাইট আছে, কিছুমান এপ আছে৷ Udemy, Coursera, Skillshare, Lynda, Khan Academy আদি৷ এইবিলাকত নানা ধৰণৰ ফ্ৰি আৰু পেইড কর্চ আছে৷ আনকি তোমাৰ হাইস্কুল বা কলেজ বা ইউনিভার্চিটিৰ বহুখিনি অধ্যায় বা বিষয়বস্তুৱো ইয়াত আছে৷ ইয়াত উল্লেখ কৰাৰ বাহিৰেও আন বহুত তেনে ৱেবচাইট আৰু এপ আছে৷ ইয়াৰ লগতে আন এটা ভাল উৎস বা চর্চ হ‘ল ইউটিউব৷ বিশেষকৈ ইউটিউবত কিবা এটা চফটৱেৰ চলাবলৈ শিকিবলৈ বেছি সহজ আৰু কম সময়তে ইয়াক শিকি ল‘ব পাৰি৷ মাত্ৰ ইয়াত সেই কথাখিনি কর্চ হিচাপে নাথাকিব পাৰে আৰু তুমি বিভিন্ন ইউটিউৱাৰৰ ভিডিঅ চাব লাগিব পাৰে৷ কিন্তু কিবা এটা শিকিবলৈ ইউটিউবো বেয়া নহয়৷

তুমি প্ৰথমতে ফ্ৰি কর্চেৰে আৰম্ভ কৰা৷ যি শিকিব খোজা সেই বিষয়ত কি কি ফ্ৰি কর্চ আছে চোৱা৷ সেইবোৰ আৰম্ভ কৰা৷ প্ৰাৰম্ভিক বা প্ৰাথমিক কথাখিনি শিকিবলৈ সেয়াই যথেষ্ট হ’ব৷ পিছত তুমি যেতিয়া অলপমান এক্সপার্ট হ’বাগৈ তেতিয়া সেই ৱেবচাইটতে থকা পেইড কর্চবোৰ (যিবোৰ কিনিব লাগে) ল’ব পৰা৷

এনে এপবোৰৰ পৰা শিকিলে কি লাভ?

ইয়াত যিসকলে শিকায় তেওঁলোক সেই বিষয়ত এক্সপার্ট আৰু তেওঁলোকৰ বহুজন গোটেই পৃথিৱীতে নাম থকা এক্সপার্ট৷ অন্তত তুমি তেনে এক্সপার্টসকলক বিচাৰি তেওঁলোকৰ কর্চবিলাক ল’ব পাৰা৷ তুমি ওচৰৰে কোনোবা এটা ইন্সষ্টিটিউটটো এইবোৰ স্কিল শিকিব পাৰা, কিন্তু তাত শিকিলে তোমাক শিকোৱাজন সিমান এক্সপার্ট নহ’বও পাৰে? তাত যি কর্চ শিকিব পাৰিবা সেয়া একেবাৰে বেচিক বা প্ৰাৰম্ভিক নহ’বনে? আৰু তাত তুমি জানো নিজৰ সুবিধা মতে শিকিব পাৰিবা? তাত জানো তুমি নিজৰ পচন্দমতে যি যি শিকিব মন যায় সেয়া শিকিব পাৰিবা? তাত তুমি জানো নিজৰ পচন্দমতে যিমান স্পিডত মন যায় সিমান স্পিডত যাব পাৰিবা?

তোমাৰ ফোন আৰু 4G আছেই, এতিয়া মাত্ৰ এটা ভাল হেডফোন লৈ লোৱা৷ কাৰণ তেতিয়া আনক অসুবিধা নিদিয়াকৈ তুমি তোমাৰ কর্ছবোৰ কৰি গৈ থাকিব পাৰা৷ তোমাৰ যেতিয়াই মন যায়, যেতিয়াই সময় পোৱা অলপ অলপকৈ সেই কর্চটোৰ ক্লাছবোৰ, লেচনবোৰ কৰি গৈ থাকা৷

কেতিয়া ব্যৱহাৰ কৰিবা

তুমি যদি স্কুল বা কলেজলৈ বাছত বা চাইকেলত বা বাইকত অহা-যোৱা কৰা তেতিয়া৷ বাইক চলাই থাকোতে ইয়াক ব্যৱহাৰ নকৰিবা, পিছফালে বহি যাওতেহে কৰিবা৷ কাৰোবাৰ বাবে ৰৈ আছা, তেতিয়া ব্যৱহাৰ কৰিবা৷ কেতিয়াবা এনেয়ে আছা, তেতিয়া ব্যৱহাৰ কৰিবা৷ অনবৰতে ফেচবুক, ইন্টাগ্ৰাম, টিকটক ব্যৱহাৰ কৰাৰ সলনি মাজে সময়ে তুমি এই ৱেবচাইট বা এপ কেইটা ব্যৱহাৰ কৰিব পাৰা আৰু কম সময়তে ইন্তাৰনেচনেল লেভলেৰ স্কিল শিকিব পাৰা৷ সেই স্কিলত তুমি কিমান ভাল হ’বা সেয়া অৱশ্যে তুমি কিমান অভ্যাস কৰিছা তাৰ ওপৰত নির্ভৰ কৰিব৷

কিয়?

তুমি কি কাৰণে কষ্ট কৰি এনেদৰে কিবা এটা শিকিবলৈ যাবা? মবাইলফোনটো খুলি তাত ক্লিক এটা কৰিলেই যদি তুমি ফ্বেুক, টিকটক, হোৱাটছএপ বা ইনষ্টাগ্ৰাম আদিৰ দৰে আকর্ষণীয় সেৱাৰ জৰিয়তে নানা মনোগ্ৰাহী ভিডিও, ছবি আদি চাব পৰা, তেনে ক্ষেত্ৰত কিয় আকৌ কিবা এটা শিকিবলৈ তুমি নিজৰ মবাইল ফোনটো ব্যৱহাৰ কৰিবা? কাৰণ ফেচবুক, ইনষ্টাগ্ৰাম, টিকটক ব্যৱহাৰ কৰি তোমাৰ এক মিনিট ভাল লাগিব, লগৰ কাৰোবাৰ লগত শ্বেয়াৰ কৰি পাঁচ মিনিট হাঁহি উঠিব, কিন্তু তোমাৰ জীৱনটো ভাল কৰাত, জীৱনটো আগতকৈ উন্নত কৰাত ই তোমাক সহায় নকৰে৷ তাতোকৈ তুমি যি যি শিকিব বিচৰা সেই সকলোবোৰ কথা অনলাইন নানা ধৰণৰ কর্চৰ ৰূপত ইতিমধ্যে আছে৷ মাত্ৰ তোমাৰ শিকিবলৈ মন থাকিব লাগে৷

তোমাক উপদেশ দিছোঁ, পিছে মই নিজে কৰিছো নে নাই

এতিয়ালৈ মই নানা ধৰণৰ স্কিল বা কৌশল, চফটৱেৰ আদি এনে ধৰণে শিকিছোঁ৷ অলপতে মই শিকা চফটৱেৰটো হ’ল এটা ভিডিও এডিটিং চফটৱেৰ৷ এইটো শিকি কি লাভ হ’ল? প্ৰথম কথা মই গম পালোঁ যে ভিডিঅ এটা এডিটিং কৰোতে কেনেদৰে কৰিব লাগে৷ লগতে গম পালোঁ যে কেমেৰা ক’ত ৰাখিব লাগে, কথা কওতে মাজতে ক’ত ৰ’ব লাগে ইত্যাদি৷ তাতোকৈ ডাঙৰ এটা লাভ হ’ল৷ এটা সৰু ভিডিঅ এডিটিং কৰাবলৈ কমেও 2000 টকা লাগে, মোৰ তেনে কমেও 300 টা ভিডিও আছে৷ যদি মই এডিটিং কাৰোবাক কৰিবলৈ দিলোঁহেঁতেনে তেতিয়া মোৰ প্ৰায়  6,00,000 টকা অকল এডিটিঙতে লাগিলহেঁতেন৷ এতিয়া আৰু অকল প্ৰেকটিচ কৰাৰ পিছত মই ইচ্ছা কৰিলে আনৰ বাবেও ভিডিও এডিটিং কৰিব পাৰিম, আনৰ পৰা তাৰবাবে ফিজ লৈ৷ এজন যুৱক বা এগৰাকী যুৱতীয়ে তেনেদৰে এটা স্কিল ভালদৰে শিকি নিজৰ এক উপার্জনৰ পথ মুকলি কৰিব নোৱাৰিব জানো?

মন কৰিলে আমাৰ চাৰিওফালে নানা ধৰণৰ সুবিধা, উপায় আছে কিন্তু সেইবোৰ দেখা পাবলৈ হ’লে তোমাৰ মনটো আপগ্ৰেড হ’ব লাগিব, তাৰবাবে তোমাক নিজৰ এক নতুন ভার্চন লাগিব৷ সেয়াই হ’ল এক নতুন আপুনি বা A New You, যাৰ বিষয়ে মই আগতে লিখিছোঁ৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top