Close

আপুনি সুখ বাচি ল’ব পাৰে

আজিৰ দিনটোত যদি এটা ভাল ঘটনা আৰু এটা বেয়া ঘটনা ঘটিছে, আপুনি কোনটো ঘটনাৰ কথা ভাবি থাকে বাৰু?  আপুনি কোনটো ঘটনাৰ কথা ভাবিব সেয়া নিজে বাচি ল’ব পাৰে৷ দিনটোত যদি কিবা বেয়া ঘটনা ঘটিছে আৰু ভাল ঘটনা নাই ঘটা তেতিয়া আপুনি বেয়া ঘটনাটোৰ কথা আৰু ভাবি নাথাকো বুলি সিদ্ধান্ত কৰিব পাৰে, সেয়া বাচি ল’ব পাৰে৷
তাৰমানে যিবোৰ বেয়া ঘটনা ইতিমধ্যে ঘটি গ’ল, যিবোৰৰ বিষয়ে চিন্তা কৰি আপুনি আৰু একো কৰিব নোৱাৰে, সেইবোৰক চিন্তা কৰি থাকিব নে নাথাকিব সেয়া আপুনি নিজে বাচি ল’ব পাৰে৷ সেই পচন্দটো আপোনাৰ৷

কোনোবাই আপোনাক কিবা বেয়াকৈ ক’লে, কাৰোবাৰ আপোনাৰ প্ৰতি ব্যৱহাৰ বেয়া আছিল; আপুনি তাকে ভাবি থাকিবনে নাই, খঙ উঠিবনে নাই সেয়া আপোনাৰ পচন্দ৷ এনেয়ে হয়তো আপোনাৰ খঙ উঠি থাকে, মন বেয়া লাগি থাকে, কিন্তু সেয়াও হৈছে সেই পচন্দটো আপুনি বাচি লোৱা বাবে৷ হয়তো গম নোপোৱাকৈ সেয়া বাচি লৈছে, কিন্তু পচন্দটো আপুনি নিজে বাচি লৈছে৷ 

তেনেবোৰ কথাক আপোনাৰ অনুভৱ আৰু প্ৰতিক্ৰিয়াক প্ৰভাৱিত কৰিব নিদিয়াটো আপোনাৰ পচন্দ হ’ব পাৰে৷ আপুনি মানুহৰ ব্যৱহাৰ, চিন্তা আদি সলাব নোৱাৰে, কিন্তু আপুনি নিজৰ ব্যৱহাৰ আৰু প্ৰতিক্ৰিয়া সদায় বাচি ল’ব পাৰে৷ আনকি মন বেয়া লগা অৱস্থাতো, খঙ উঠা অৱস্থাতো আপুনি নিজৰ ব্যৱহাৰ আৰু প্ৰতিক্ৰিয়া বাচি ল’ব পাৰে৷  

আৰু এনেবোৰ কথাই নিশ্চিত কৰিব আপুনি সুখী হ’ব নে দুখী হ’ব৷

যিবিলাক কথা আপোনাৰ বাবে ভাল, যিবোৰ কথা পজিটিভ সেইবোৰ কথা বাচি লওক৷ ই আপোনাক সুখী হ’বলৈ সহায় কৰিব৷

তেনে কৰাটো সহজ নহয়৷ ই টান, কষ্টকৰ৷ আৰু সেয়ে বেছিভাগ মানুহেই তেনে নকৰে৷ কিবা এটা বেয়া ঘটিলে আমি তাক নিজৰ মনটোক প্ৰভাৱিত কৰিবলৈ নিদিয়াকৈ থকাটো সহজ নহয়৷ কোনোবাই বেয়া ব্যৱহাৰ কৰিলে আমাৰ প্ৰতিক্ৰিয়াটো পজিটিভ কৰি ৰখাটো ইমান সহজ নহয়৷

কথাটো আৰু টান হৈ পৰে নিগেটিভিটি বায়াছৰ বাবে৷ নিগেটিভিটি বায়াছৰ বাবে আমি নিগেটিভ কথাবোৰ বেছিকৈ মন কৰো, মনত ৰাখো, ভাবো৷ সেইবিলাক কথা মনত কৰি ভাল পাও; নিগেটিভ খবৰবোৰ শুনি, দেখি, পঢ়ি বেছি ভাল পাও৷  কিন্তু সেয়া লাহে লাহে সলনি কৰিব পাৰি৷

কিছুমান কাম কৰিলে আপুনি অলপ হলেও সহজে সুখী হ’ব পাৰিব৷

যিবিলাক কামে আপোনাক সুখী কৰে দিনটোত এটা হলেও তেনে কাম কৰক

আপুনি যিবোৰ কাম কৰি ভাল পায় তেনে কামবোৰ অলপ সময় হলেও কৰক৷ গান শুনা, পঢ়া, চিনেমা এখন চোৱা ইত্যাদি সকলোৰে এটা পজিটিভ প্ৰভাৱ আছে৷ আপুনি তেনে ধৰণৰ ভালপোৱা কাম এটা অলপ সময় হলেও কৰক৷ মনটো ভাল লগা মানে দিনটোও ভালেৰে যাব৷ আৰু এটা এটা দিনৰ সমষ্টিয়ে জানো আমাৰ জীৱনটো নহয়?

কিবা এটা ভাল বিচাৰিবলৈ চেষ্টা কৰক

যিকোনো পৰিস্থিতিতে, ঘটনাতে কিবা এটা ভাল বিচাৰিবলৈ চেষ্টা কৰক৷ ই সহজ কাম নহয়৷ কিন্তু অভ্যাস কৰি গৈ থাকিলে এটা সময়ত সেয়া কৰিব পাৰি৷ তাৰবাবে মনটোক জোৰ দি সেই কামটো কৰিবলৈ ক’ব লাগিব “ইয়াত ভাল কি আছে?” এনেদৰে বাৰে বাৰে এইটো প্ৰশ্ন কৰিলে মনটোৱে তাৰ উত্তৰ উলিয়াই দিব৷ পিছলৈ অভ্যাস হ’লে যিকোনো পৰিস্থিতিতে আপুনি নিজৰ বাবে ভাল কিবা বিচাৰি পাব৷

সমস্যাতকৈ সমাধানৰ ওপৰতহে গুৰুত্ব দিয়ক

সমস্যাবোৰ যেতিয়া উৎপন্ন হ’ব তেতিয়া সেইবোৰৰ ওপৰত গুৰুত্ব দিয়াতকৈ কিদৰে সেইবোৰ নোহোৱা কৰিব পাৰি তাৰ ওপৰতহে গুৰুত্ব দিয়ক৷ দুয়োটাৰে মাজত সামান্য পার্থক্য আছে কিন্তু দুয়োটাৰে ফলাফলৰ মাজত আকাশ-পাতাল পার্থক্য আছে৷ সমাধানৰ ওপৰত গুৰুত্ব দিলে আপুনি ইতিমধ্যে নিগেটিভ সমস্যাটোতকৈ পজিটিভ সমাধানৰ ওপৰতহে গুৰুত্ব দিছে৷ লগতে সমস্যাটোৰ সমাধান কৰিব পাৰিলে আপোনাৰ আত্মবিশ্বাস বাঢ়িব, মনটো ভাল লাগিব আৰু ই আপোনাক সুখী কৰিব৷

কি কৰিলে সেয়া চাওক

আপুনি এতিয়ালৈকে দিনটোত কি কি কাম কৰিলে চাওক৷ যদি ভাল কাম কৰিলে, বহুত কাম কৰিলে তেন্তে সেই কথাটোৱে আপোনাক অলপ সুখী নকৰিবনে? তেনেদৰে জীৱনত এতিয়ালৈকে কি কি ভাল কাম কৰিলে, কিমান কৰিলে সেয়া চাওক৷ সেই কথাটোৱেও আপোনাক সুখী হ’বলৈ কিবা অলপ হলেও কথা যোগান ধৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top