আমাৰ কিছুমান অভ্যাস আমাৰ সুখৰ প্ৰধান অন্তৰায়৷ এইবোৰে সুখ লাভ কৰাত আমাক বাধা দি থাকে৷ এনে অভ্যাসবোৰ কি কি বাৰু?
আনৰ লগত তুলনা কৰা
আপুনি যদি অনবৰতে নিজকে আনৰ লগত তুলনা কৰি থাকে আপুনি কেতিয়াও সুখী হ’ব নোৱাৰে৷ কাৰণ যদি আপুনি আনৰ লগত নিজকে তুলনা কৰি থাকে তেন্ত সদায় আপুনি নিজৰ কিবা নহয় কিবা এটা দোষ বা কিবা এটাৰ অভাৱ দেখিব৷ তেনেস্থলত আপুনি সুখী হ’ব কেনেকৈ?
কোনোবাই ক’ব পাৰে যে আমি যদি কেৱল নিজতকৈ তলৰ বা দুখীয়া এজনৰ লগত তুলনা কৰোঁ তেতিয়া৷ হয়, তেতিয়া আপোনাৰ অলপ সময় ভাল লাগিব, কিন্তু সেই তুলনা আপুনি কেনেকৈ মাত্ৰ আপোনাতকৈ বেয়া অৱস্থাৰ এজনৰ ক্ষেত্ৰতে সীমাবদ্ধ ৰাখিব পাৰিম বুলি ভাবিছে? আপোনাতকৈ বেয়া অৱস্থাৰ বা দুখীয়া এজনৰ লগত তুলনা কৰি থকাৰ পৰা এই তুলনা কেতিয়া গৈ আন এজনৰ লগত কৰা তুলনাত পৰিবগৈ সেয়া আপুনি গম পাবনে? আৰু যদি দ্বিতীয় মানুহজন কিবা এটা ক্ষেত্ৰত আপোনাতকৈ বেছি ভাল অৱস্থাত থাকে তেতিয়া আপোনাৰ মনটো বেয়া নালাগিবনে? তাতোকৈ তুলনা কৰাটো একেবাৰে বাদ নিদিওনো কিয়?
আপুনি তুলনানো কিয় কৰিব লাগে? আমি সকলো বেলেগ বেলেগ বুলি দেখোন আমি মানি লৈছোৱে৷ তাৰোপৰি সকলো মানুহৰে অৱস্থা, পৰিবেশ, আচাৰ-ব্যৱহাৰ, চিন্তা-চর্চা আদি বেলেগ বেলেগ৷ তেনেহলে কিদৰে দুজন অসমান মানুহৰ মাজত আমি তুলনা কৰিব পাৰোঁ?
আনৰ দোষ উলিওৱা
কিবা এটা বেয়া হ’লে বা নিবিচৰা ফলাফল পালে আমি সাধাৰণতে আনক দোষ দিবলৈ চেষ্টা কৰোঁ৷ কিয়? তেনেহলে কি কৰিব? নিজকে দোষ দিব? নিজকে দোষ দিলে আকৌ লাহে লাহে আপোনাৰ আত্মবিশ্বাসী কমি নাজাবনে? আনক দোষ দিলে এখন কাজিয়া হোৱাৰ লগতে আৰু বহু বেছি কিবা কিবি হ’ব পাৰে৷ তেন্তে কি কৰিব?
দোষটো বা দোষবোৰত নো কিয় মনোযোগ দিব লাগে? কিয়নো তাত ফ’কাছ কৰিব লাগে? তাতোকৈ সমস্যা এটা হ’লে আমি সমস্যাটোৰ সমাধানত ফ’কাছ কৰিব নোৱাৰো নে, মনোযোগ দিব নোৱাৰো নে? সমস্যাটোৰ সমাধান এটাৰ ওপৰতহে গুৰুত্ব দিও আহক৷
কোনো কথাতে সন্তুষ্টি নোপোৱা
কেতিয়াবা এনে অভ্যাস আমাৰ হৈ যায়৷ সৰু সৰু কথাৰ পৰা আৰম্ভ হৈ এটা সময়ত এনে হয় যে আমি কোনো কথাতে সন্তুষ্টি নাপাও৷ যিটো কথাত আনে সন্তুষ্টি পায় তাততো আমি সন্তুষ্টি নাপাও৷ এই অভ্যাসটোৰ আনৰ দোষ দেখা অভ্যাসটোৰ লগত ওতঃপ্ৰোত সম্বন্ধ৷ আপুনি সন্তুষ্টি নাপায় কাৰণ আপুনি সকলো কথাতে কিবা নহয় কিবা এটা বেয়া বা দোষ দেখা পায়৷
অনবৰতে নিগেটিভ চিন্তা কৰি থকা
এয়া এটা খুব বেয়া অভ্যাস৷ অনবৰতে যদি আপুনি নিগেটিভ চিন্তা কৰি থাকে আপুনি সুখ আৰু শান্তি পাব কেনেকৈ৷ যিকোনো কথা, যিকোনো পৰিস্থিতিতে যদি আপোনাৰ মনলৈ কিবা বেয়া হ’ব, কিবা অনর্থ হ’ব এনে কথা মনলৈ আহে তেন্তে আপোনাৰ মনটো ভাল লাগিব কেনেকৈ৷ আপোনাৰ মনটো অনবৰতে বেয়া লাগি থাকিব, ভয় লাগি থাকিব, খঙ উঠি থাকিব, দুখ লাগি থাকিব৷ তেনে পৰিস্থিতত আপুনি সুখী হ’ব নোৱাৰে৷
যদি আপোনাৰ কেতিয়াবা জ্বৰ উঠিল আৰু আপুনি ঔষধ খোৱাৰ বা ডক্তৰক দেখুওৱাৰ সলনি কেৱল কি কি বেয়া বেমাৰ হ’ব পাৰে তাকে ভাবি বহি থাকিল৷ তেতিয়া আপুনি কেনেকৈ সুখী হ’ব পাৰিব? আপোনাৰ পৰিয়ালৰ কোনোবা কৰবালৈ গ’ল আৰু আপুনি কোনো কাৰণ নোহোৱাকৈ কেৱল নিজৰ অনভ্যাসৰ বাবে দুশ্চিন্তা কৰি বহি থাকিল যে কৰবাত গাড়ীখনৰ এক্সিডেন্ট নহয়তো, আজিকালি ইমান এক্সিডেন্ট হয় বুলি৷ আপুনি সুখী হ’ব পাৰিবনে?