Close

ভিজন বর্ড

সদায় আপোনাক আপোনাৰ জীৱনৰ লক্ষ্যবোৰৰ কথা মনত পেলাই দি থাকে৷

ইয়াক Dream Board বুলিও কোৱা হয় ৷ এই বর্ডখন তৈয়াৰ কৰিবলৈ আপোনাৰ সপোনবোৰ, লক্ষ্যবোৰৰ প্ৰতিনিধিত্ব কৰা কিছুমান ছবি এখন ডাঙৰ বর্ডত সদায় দেখা পাই থকাকৈ লগাই লোৱা হয়৷ কিন্তু ভিজন বর্ড খন অকল সেয়াই নহয়, ই এক শক্তিশালী সঁজুলি আপোনাৰ সপোনবোৰ লাভ কৰাৰ বাবে৷

কেনেদৰে এই বর্ডখন সৃষ্টি কৰিব?

প্ৰথমতে আপুনি কি কি লক্ষ্য লাভ কৰিব বিচাৰে, কি কি সপোন পূৰণ কৰিব বিচাৰে সেয়া ঠিক কৰি লওক৷ আপুনি মন গ’লে এবছৰৰ বাবেও এখন ভিজন বর্ড তৈয়াৰ কৰিব পাৰে বা দীঘলীয়া সময়ৰ বাবেও পাৰে৷ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে অর্থাৎ ফাইনেনচিয়েল, সম্পর্কবোৰ, প্ৰফেচনেল, ব্যক্তিগত সকলো ক্ষেত্ৰতে আপোনাৰ কি কি সপোন আছে, লক্ষ্য আছে তালৈ ভালদৰে মন কৰক৷ আপুনি ভালদৰে এইবাবেই চালিজাৰি চাব লাগিব কাৰণ সকলোবোৰক সপোন বা লক্ষ্যকে আপুনি নিজৰ ভিজন বর্ডত ঠাই দিব নোৱাৰে৷ আটাইটকৈ গুৰুত্বপূর্ণ বোৰকহে পাৰিব৷

সেই সপোনবোৰৰ প্ৰতিনিধিত্ব কৰা কিছুমান ছবি বাচি উলিয়াওক৷ সেইবোৰ আপুনি মেগাজিন আদিৰ পৰাও ল’ব পাৰে বা নিজে প্ৰিন্ট কৰি ল’ব পাৰে৷ সেই ছবিবোৰ এনেকুৱা হ’ব লাগিব যাতে সেইবোৰে আপোনাক লগে লগে আপোনাৰ সপোন বা লক্ষ্যটোৰ কথা মনত পেলাই দিয়ে৷ সেইবোৰ এতিয়া আপুনি এখন বর্ডত লগাই যাব লাগে আপোনাৰ নিজৰ সুবিধা আৰু ইচ্ছামতে৷

ভিজন বর্ড খন কিয় লাগে?

আপোনাৰ সপোনবোৰৰ লগত আপোনাৰ এক আৱেগিক সম্পর্ক স্থাপন কৰে আৰু এই সম্পর্কই আপোনাক মটিভেট কৰে কামবোৰ কৰি যাবলৈ৷

ই আপোনাৰ মনত থকা সপোনবোৰক এখন বর্ডত শাৰীৰিক ৰূপত দেখাত আপোনাক সহায় কৰে৷ এক স্পষ্ট ৰূপত এইবোৰ আপুনি দেখা পাবলৈ ধৰে আৰু ফলত লাহে লাহে আপোনাৰ বিশ্বাস হ’বলৈ ধৰে যে সম্ভৱত আপুনিও সেই সপোনবোৰ পূৰণ কৰিব পাৰিব৷

ই আপোনাক প্ৰকৃততে কি লাগে সেয়া ভাবিবলৈ বাধ্য কৰে৷ জীৱনত আপুনি কি কি বিচাৰে সেয়া ভাবিবলৈ আৰু বাচি ল’বলৈ ই আপোনাক বাধ্য কৰে

পচন্দৰ শক্তি

আপুনি নিজৰ সকলোবোৰ ইচ্ছা ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰিব পাৰে আৰু তাৰে কোনবোৰ আপুনি সঁচাকৈয়ে বিচাৰে সেয়া ঠিক কৰি ল’ব পাৰে৷ যিহেতু ভিজন বর্ড এখনত সীমিত ঠাই থাকে গতিকে আপুনি সকলোবোৰ ইচ্ছাকে তাত ঠাই দিব নোৱাৰে৷ সেয়ে বাচি বাচি যিবোৰ সঁচাকৈয়ে আপোনাৰ বাবে গুৰুত্বপূর্ণ সেইবোৰকহে তাত লগাব পাৰিব৷

ভিজুৱেলাইজেচনৰ শক্তি

ভিজন বর্ড খনত লগাবলৈ আপোনাৰ ইচ্ছাবোৰৰ ছবি সমূহ আপুনি ব্যৱহাৰ কৰে৷ প্ৰতিটো সপোনৰ বাবে আপুনি ছবি একোখন ব্যৱহাৰ কৰোতে আপোনাৰ মগজুটোৱে শৰীৰটোলৈ কামৰ বাবে সাজু হ’বলৈ চিগনেল পঠিয়ায়৷ ভিজুৱেলাইজেচন কামটো সঁচাকৈ কৰাৰ নিচিনা শক্তিশালী৷

নিয়মীয়াকৈ কাম কৰাৰ শক্তি

কিবা এটা কাম নিয়মীয়াকৈ কৰিলে তাৰ কিমান লাভ সেয়া আপুনি নিশ্চয় জানে৷ ভিজন বর্ডখন আপুনি প্ৰতিদিনে দেখি থাকে, প্ৰতিদিনে আপোনাৰ সপোনবোৰ মনত পেলাই থাকে, প্ৰতিদিনে এইবোৰ ৱিজুৱেলাইজ কৰি থাকে, গতিকে তাৰ কিমান শক্তি হ’ব ভাবি চাওকচোন৷

ভিজন বর্ডখন বনাই হৈ গ’লে সেইখন এনে এঠাইত থব যত আপুনি ইায়ক সদায় দেখা পায়৷ কিছুমানে এইখন বিচনাৰ কাষত থয়, কিছুমানে নিজৰ কাম কৰা টেবলৰ ওচৰত থয়৷

বহুতৰে মতে এই ভিজন বর্ডখন ল’ অব এট্ৰাকচন ক কামত লগোৱাৰ এক সুন্দৰ উপায়৷ ল’ অব এট্ৰাকচন মতে আমাৰ এটিটিউড আৰু বিশ্বাসবোৰ এক চুম্বকৰ নিচিনা যিয়ে ঘটনা, পৰিস্থিতি আৰু সুযোগ-সুবিধাক আমাৰ জীৱনলৈ আকর্ষণ কৰে৷ 

মাত্ৰ মনত ৰাখিব কাম নকৰিলে তাৰ ফলো একো নহ’ব৷ আপুনি অকল ভিজন বর্ড খন বনাই লৈ সেইখন চাই থাকিলেই কামবোৰ নিজে নিজে হৈ যাবনে৷ নহয়৷ যদি আপুনি কামবোৰ নকৰে তেতিয়া অট’মেটিকেলি হৈ নাযায়৷ আপুনি কোনবোৰ কাম কৰিব সেইবোৰ ঠিক কৰাত, কামবোৰ কৰাত, কামবোৰ কৰিবলৈ অনবৰতে মটিভেচন লাভ কৰাত ভিজন বর্ডখনে সহায় কৰি আপোনাৰ বাবে গোটেই প্ৰক্ৰিয়াটো সহজ কৰি তুলিব৷ ই আপোনাৰ বাবে এক শক্তিশালী মটিভেটৰ৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top