স্কুল বা কলেজ বা ইউনিভার্ছিটিত পঢ়া ছাত্ৰ–ছাত্ৰীসকলৰ এটা সমস্যা হ’ল তেওঁলোকে পঢ়িব বিচাৰে কিন্তু নানা কাৰণত পঢ়িব নোৱাৰে৷ মন থাকিলেও, নানা ধৰণৰ ডিচট্ৰেকচন, চিন্তা আদিৰ বাবে তেওঁলোকে পঢ়িব নোৱাৰে৷ তেওঁলোকৰ ফ’কাচ নাথাকে৷ মনটো আন কৰবালৈ গৈ থাকে৷ এনে সমস্যাবোৰ নাইকিয়া কৰি তীব্ৰ ফ’কাছ কেনেদৰে পঢ়াত আনিব পাৰি সেয়া চাও আহক৷
এটা সময়ত এটা কামহে কৰক
আমাৰ মগজুটোৱে এটাৰ পিছত এটাকৈ কাম কৰিব পাৰে, একেলগে দুই তিনিটা কাম ভালদৰে কৰিব নোৱাৰে৷ সেইবাবে নিজৰ মনটো পঢ়া কামটোত লগাবলৈ হ’লে, ফ’কাছ বঢ়াবলৈ হ’লে এটা সময়ত এটা কামহে কৰক৷ যদি পঢ়ি অছে মাত্ৰ পঢ়কহে৷মাজে মাজে মবাইল ফোনটো উলিয়াই হোৱাটছএপ মেচেজ, ইনষ্টাগ্ৰাম ফটো, ভিডিঅ এটা চোভা বা গেইম এটা খেলা কামটো নকৰিব৷ এবাৰ আৰম্ভ কৰিলে আপুনি তেনে ডিচট্ৰেকচন এটাক এৰাটো বৰ টান হৈ পৰে৷ পঢ়ি থকা সময়ত আন সকলোবোৰ চিন্তাক পিছত আহিবলৈ ক’ব৷
এদিনত বা কেইঘন্টামানত আপুনি কি পঢ়িব বিচাৰে সেয়া ঠিক কৰি লওক৷যিবিলাক কথাই আপোনাৰ মনোযোগ আনফালে নিয়ে বা ডিচট্ৰেক্ট কৰে সেইবিলাকক যিমান পাৰে অতৰাই থওক৷ যেনে নিজৰ ফোনটো দূৰত থৈ আহক৷ যদি কাৰোবাৰ ফোন আহে আপুনি সদায় ক’ল বেক কৰিব পাৰিব৷ সেই সময়ত ফোনটো নধৰিব৷ মুঠতে সেই সময়ছোৱাত কোনোপধ্যে কোনো এটা মনোযোগ নোহোৱা কৰা বস্তু বা সঁজুলিক তেনে কৰিবলৈ নিদিব৷ তেতিয়াও মনটো ইফাল–সিফালে যাব, কিন্তু ইফালে–সিফালে যোৱা মনটোক জোৰকৈ আকৌ টানি আনি পঢ়া কামটোত লগাই দিব৷ যিমানবাৰ প্ৰয়োজন হয়, তেনে কৰিব৷ প্ৰথমতে সেয়া টান হ’ব, কিন্তু কিছুদিন পিছত সেয়া আপোনাৰ বাবে সহজ হৈ পৰিব৷ কাৰণ তেতিয়ালৈ এয়া অপোনাৰ অভ্যাস হৈ পৰিব৷
সপ্তাহটোৰ পৰিকল্পনা কৰক
এই সপ্তাহত কি কি পঢ়িব সেই কথা আগতেই ঠিক কৰি লওক আৰু সেই মতেহে কাম কৰক৷ এই পৰিকল্পনা নাথাকিলে অপোনাৰ বহুত সময় এনেয়ে নষ্ট হ’ব “এতিয়া কি পঢ়িম” সেই চিন্তা কৰি৷ কিন্তু যদি আগতেই কি পঢ়িব সেয়া ঠিক কৰি থয়, তেতিয়া আপোনাৰ কাম হ’ল আজিৰ দিনটোৰ পঢ়িবলগীয়া খিনি লোৱা আৰু পঢ়া আৰম্ভ কৰা৷ মাত্ৰ নিজকে কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিব যাতে পঢ়াখিনি শেষ নোহোৱালৈকে আপুনি আন একো কাম নকৰে বা মনোৰঞ্জনৰ একো কথা নাভাবে৷
ৰেষ্ট লওক
তীব্ৰ ফ’কাছেৰ সৈতে পঢ়িবলৈ হ’লে আপুনি প্ৰয়োজন অনুসৰি জিৰণি ল’ব লাগিব৷ ৭ ৰ পৰা ৮ ঘন্টা শোৱক৷ ই আপোনাক ৰাতিপুৱা এক ফ্ৰেছ মন লৈ উঠিবলৈ সহায় কৰিব৷ তেনেদৰে পঢ়ি থাকোতে পঢ়াৰ মাজে মাজে ৰেষ্ট লওক৷ বেলেগ বেলেগ এক্সাপার্টৰ মত বেলেগ বেলেগ যদিও আপুনি নিজৰ মনোযোগ ৪৫ মিনিটৰ পৰা এঘন্টা মানলৈ ধৰি ৰাখিব পাৰে, গতিকে সিমান সময়ৰ মূৰে মূৰে ১৫ মিনিট মান সময়ৰ বাবে জিৰণি লওক বা বেলেগ কিবা এটা কৰক৷
এখন ৰুটিন বনাই লওক
আপুনি যদি এখন ৰুটিন বনাই ল’ব পাৰে তেতিয়া মন নগলেও পঢ়িব পাৰিব৷ তেতিয়া মটিভেচন নাথাকিলেও পঢ়িব পাৰিব৷ আপুনি মাত্ৰ ৰুটিন এখন বনাই ল’ব লাগে আৰু সেইখন যেনেদৰে আছে তেনেদৰে অনুসৰণ কৰি যাব লাগে৷ এই ৰুটিনখনৰ বাবে আপোনাৰ ধৈর্য বাঢ়িব, ফ’কাছ বাঢ়িব, কনচিষ্টেনচি বাঢ়িব৷ এই ৰুটিনখন অনুসৰণ কৰিলে আপুনি আগতকৈ বেছি ফ’কাছেৰে পঢ়া কামবোৰ কৰিব পাৰিব৷ এবাৰ যদি ৰুটিনখন বনাই লৈছে, তেনেহ’লে আজি শেষ কৰিবলগীয়া কামটো শেষ নকৰালৈকে নেৰিব৷
এনে ৰুটিন এখন অনুসৰণ কৰি কাম কৰিলে আপোনাৰ বহুত কাম কৰা হ’ব আৰু তেতিয়া সেই কথাটোৱে আপোনাক আৰু পঢ়িবলৈ মটিভেট কৰিব৷
ফ’কাছ বঢ়াব পাৰিব নে নোৱাৰিব সেয়া আপোনাৰ মনৰ মাজতে আছে৷ ফ’কাছ বঢ়াই নিজৰ কৰিবলগীয়া কামবোৰ কৰা শক্তি আৰু সামর্থ অপোনাৰ মনৰ মাজতে লুকাই আছে, আপুনি মাত্ৰ তাক বিচাৰি ল’ব লাগে৷