Close

আপুনি যিহত ফ’কাছ কৰে আাপুনি সেইয়াই পায়

আপুনি জীৱনত যিহত বেছিকৈ ফ’কাছ কৰিব সেয়া সিমানে বেছিকৈ পাব৷

আপুনি যদি দুখত বেছিকৈ ফ’কাছ কৰে বেছিকৈ দুখ পাব আৰু যদি সুখত ফ’কাছ কৰিব জানে তেতিয়া সুখ বেছিকৈ পাব৷

আপুনি যি বস্তু ফ’কাছ কৰা আৰম্ভ কৰে সেই বস্তুকে বেচিকৈ দেখিবলৈ, মন কৰিবলৈ আৰম্ভ কৰে৷

কিন্তু কিয় এনে হয়?

আপুনি গাড়ী কিনাৰ সময়ৰ কথা এটা মন কৰকচোন৷ যদি আপুনি ৰঙা ৰঙৰ এখন গাড়ী কিনিম বুলি ঠিক কৰিছিল, তেন্তে সেই কথাটো ঘৰত ঠিক কৰি লোৱাৰ পিছৰ পৰাই ইফাল-সিফালে যাওতে আপুনি বেছিকৈ ৰঙা ৰঙৰ গাড়ীবোৰ দেখিবলৈ আৰম্ভ কৰিছিল৷ আপুনি যদি বিশেষ ব্ৰেণ্ডৰ বিশেষ মডেলৰ গাড়ী এখন কিনিবলৈ ঠিক কৰিছিল, তেতিয়া সেই বিশেষ ব্ৰেণ্ডৰ বিশেষ মডেলৰ গাড়ীখন আপুনি চাৰিওফালে বেছিকৈ দেখিবলৈ আৰম্ভ কৰিছিল৷

এনে হোৱাৰ কাৰণ হ’ল Confirmation Bias ৷ কি এই কনফাৰমেচন বায়াছ?

নতুন তথ্য বিচৰা আৰু এনেধৰণে তাক বিশ্লেষণ কৰা ৰ প্ৰৱণতা যিয়ে মানুহ এজনৰ পূৰ্বৰ ধাৰণাক সমৰ্থন কৰে আৰু এনে তথ্য আওকাণ কৰাৰ প্ৰৱণতা যি পূৰ্বৰ বিশ্বাসৰ বিপৰীত হয়৷ আপোনাৰ যদি আগৰ কিবা বিশ্বাস আছে তেনেহ’লে আপুনি সেই বিশ্বাসক সমর্থন কৰা তথ্যকহে মানি ল’ব৷ আপুনি যদি কোনোবা মানুহ এজনক, লিডাৰ এজনক বা পার্টী এটাক ভাল পায় তেওঁলোকে কৰা সকলো কামকে আপুনি ভাল পাব, সকলো কামৰে কিবা নহয় কিবা যুক্তি আপুনি দিব পাৰিব৷

আমাৰ জীৱনৰ নানা ক্ষেত্ৰত ই সদায় আমাক প্ৰভাৱিত কৰি আহিছে৷ আমাৰ নানাধৰণৰ সিদ্ধান্তবোৰক ই সদায়ে প্ৰভাৱিত কৰি আহিছে৷

আনকি মাৰ্কেটিং তো ইয়াক ব্যৱহাৰ কৰা হয়৷

যদি আপুনি বিশ্বাস কৰে যে বাওহতীয়া মানুহ বা বাওঁ হাতেৰে বেছিকৈ কাম কৰা মানুহবোৰ সোহতীয়া মানুহতকৈ বেছি সৃষ্টিশীল তেনেহ’লে আপুনি যেতিয়াই এজন বাওহতীয়া আৰু সৃষ্টিশীল মানুহক লগ পাব তেতিয়াই সেই প্ৰমাণটোৰ ওপৰত বেছি গুৰুত্ব দিব আৰু তেনে নোহোৱা আন প্ৰমাণবোৰ নাকচ কৰিব৷ আপুনি কেনেদৰে তথ্য গোটায় আৰু কেনেদৰে সেই তথ্য বিশ্লেষণ কৰে বা মনত পেলায় এই সকলোবোৰ কনফাৰমেচন বায়াছে নির্ণয় কৰে৷ গতিকে যদি আপুনি যদি এটা ৰাজনৈতিক দলক সমর্থন কৰে তেতিয়া আপুনি যিকোনো খবৰকে এনেধৰণে বিশ্লেষণ কৰিব যিয়ে তেওঁলোকৰ ইতিমধ্যে থকা ধাৰণাবোৰক সঁচা বুলি প্ৰমাণিত কৰে৷ তেওঁৰ ধাৰণাৰ বিপৰীত হ’লে আনকি যদি তেনে কিছুমান নিগেটিভ খবৰ সঁচাও হয় তেতিয়াও তেনে মানুহ এজনে তেনে সঁচা নিগেটিভ খবৰ বোৰক আওকাণ কৰিব৷

আপুনি যেতিয়া বিশ্বাস কৰে যে নিজৰ চেষ্টাৰ দ্বাৰা মানুহ সফল হ’ব নোৱাৰে, বৰ.    সফলতাৰ বাবে অকল টেলেন্টহে লাগে আৰু টেলেন্ট আপোনাৰ নাই, আপুনি নানা ধৰণৰ প্ৰমাণ দেখা পাব যে আপোনাৰ কথা সঁচা৷

আপুনি যদি বিশ্বাস কৰে আপোনাৰ কাম নাই, আপুনি তেনেধৰণৰ নানা প্ৰমাণ দেখা পাবলৈ আৰম্ভ কৰিব৷

সেইবাবেই আপুনি ফ’কাছ কৰিব লাগে পজিটিভ কথাবোৰত৷ সেইবাবেই আপুনি ফ’কাছ কৰিব লাগে আপোনাৰ যিবোৰ গুণ, ভাল কথা আছে সেইবোৰত৷ নিগেটিভ কথাবোৰত ফ’কাছ কৰি থাকিলে আপুনি সদায় সেইবোৰকহে দেখি থাকিব৷ তেন কৰোতে আপোনাৰ শক্তি আৰু সময় তাতে নষ্ট হ’ব৷ কিন্তু আপুনি যদি নিজৰ লক্ষ্যবোৰত, সপোনবোৰত, নিজকে আৰু ভাল কৰাৰ কামত, কিবা নতুন কথা এটা শিকাত, নতুন স্কিল এটা শিকাত ফ’কাছ কৰে তেতিয়া আপুনি সদায় তেনে কথাবোৰহে, তেনে সুবিধাবোৰহে দেখা পাব৷ আৰু এনেদৰে নিগেটিভ কথাৰ পৰা মনটো আতৰাই পজিটিভ কথাবোৰত ফ’কাছ কৰাটো তেনেই সহজ৷ 

জীৱনত আপুনি যি যি পাবলৈ বিচাৰে, যি যি সপোন আছে এতিয়াৰে পৰা সেইবোৰত ফ’কাছ কৰা আৰম্ভ কৰক কাৰণ তেতিয়াহে সেইবোৰ আপুনি লাভ কৰিব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top