Close

আপোনাৰ সপোনবোৰ কোনে নিয়ন্ত্ৰণ কৰে?

আপুনি, অকল আপুনিহে আপোনাৰ সপোনবোৰ নিয়ন্ত্ৰণ কৰা মানুহজন হ’ব লাগিব৷

আপোনাৰ নিশ্চয় কিছুমান সপোন আছে৷ সকলো মানূৰে থাকে৷ এই সপোনবোৰ বেলেগ বেলেগ হ’ব পাৰে, সময়ৰ লগত এইবোৰ কেতিয়াবা সলনি হ’ব পাৰে, কিন্তু আামৰ সকলোৰে এনে কিছুমান সপোন থাকে৷

এই সপোনবোৰ লাভ কৰিবলৈ হ’লে আমি কাম কৰিব লাগিব আৰু তেতিয়া এইবোৰ আমি পোৱাৰ সম্ভাৱনা বাঢ়ি যায়৷ এইবোৰক লক্ষ্য কৰি কৰিবলগীয়া কামবোৰ নকৰিলে এনে সপোনবোৰ আপুনি লাভ নকৰে৷ কিন্তু সপোন লাভ নকৰাৰ আন এটা কাৰণো আছে আৰু সেয়া হ’ল আপুনি নহয় আন কোনোবাইহে আপোনাৰ সপোনবোৰ নিয়ন্ত্ৰণ কৰে৷

আপুনি সৰু থাকোতে হয়তো মা-দেউতাই আপোনাৰ সপোনবোৰ নিয়ন্ত্ৰণ কৰিছিল৷ আপুনি কি হ’বলৈ সপোন দেখিব, কোনবোৰ সম্ভৱ, কোনবোৰ নহয় তেনে কথাবোৰ তেওঁলোকে আপোআনৰ বাবে সিদ্ধান্ত ল’বলৈ চেষ্তা কৰিছিল৷ আপুনি কিছুমান পৰীক্ষাত কিমান নম্বৰ পালে, কিমান শতাংশ নম্বৰ পালে তাৰ ওপৰত নির্ভৰ কৰি বা কোনটো কেৰিয়াৰ টকা-পইছা ঘটাৰ সম্ভাৱনা ভাল সেইবোৰ কথাৰ ওপৰত নির্ভৰ কৰি তেওঁলোকে আপোনাৰ সপোনবোৰ নিয়ন্ত্ৰণ কৰিছিল৷

সেয়া পিছলৈও চলি থাকে৷ আপুনি নিজৰ সপোনৰ পিছে পিছে যাব খুজিলেও তেওঁলোকে আপোনাক নানা ধৰণৰ কাৰণত সেই কাম কৰিবলৈ বাধা দিব পাৰে৷ সেই বাধাও নিয়ন্ত্ৰণৰে আন এটা ৰূপ৷

তেনেদৰেই আপুনি সম্পর্ক পাতিলে বা সংসাৰ আৰম্ভ কৰিলেও আপোনাৰ সংগীজনে বা স্বামী বা স্ত্ৰীয়ে আপোনাৰ সপোনবোৰ নিয়ন্ত্ৰণ কৰিব পাৰে৷ আপুনি এই সপোনবোৰৰ বাবে কিমান কাম কৰিব, কিমান সময় দিব, কেনেদৰে কৰিব, কেতিয়া কৰিব এই কথাবোৰ কিছুমানে সংগীয়ে নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিব পাৰে৷ তেতিয়াও আপুনি আপোনাৰ সপোন নিয়ন্ত্ৰণ কৰা মানুহজন নহয়, সেয়া আনে নিয়ন্ত্ৰণ কৰি আছে৷

আপুনি এইবাবেই নিজৰ সপোনবোৰ নিয়ন্ত্ৰণ কৰা মানুহজন নহয় কাৰণ আপুনি ভয় কৰে৷

আপুনি ভয় কৰে যে যদি আপুনি “ইমান ভাল” চাকৰি এটা এৰি দিয়ে তেতিয়া পৰিয়ালৰ মানুহে কি ক’ব, কি ভাবিব৷ আপুনি ভয় কৰে আপোনাৰ বন্ধু-বান্ধৱে কি বুলি ভাবিব, কি ক’ব, আপোনাক হাঁহিব৷ এনে ধৰণৰ নানা ভয়ৰ বাবে আপুনি যি কৰিব বিচাৰে সেই সপোনবোৰ বাদ দি জীৱনভৰ আন কিবা এটা কৰি কটায়৷ সেই সপোনবোৰ লাহে লাহে মৰহি যায় আৰু এটা সময়ত নাইকিয়া হৈ যায়গৈ৷

তাৰ লগতে আৰু আন ভয় কিছুমানো আছে৷ বিশেষকৈ “যদি খাবলৈ টকা-পইছা নাথাকে তেতিয়া কি হ’ব” এইটো এটা বৰ ডাঙৰ ভয়৷ আন ভয় হ’ব পাৰে যদি কাষ্টমাৰ বোৰে মোক বা মোৰ প্ৰডাক্টবোৰ ৰিজেক্ট কৰে তেতিয়া কি হ’ব, তেওঁলোকে যদি মোৰ বস্তু নিকিনে, মোক পইচা নিদিয়ে তেতিয়া কি হ’ব?

এনে ভয়বোৰে আমাক নিজৰ সপোনবোৰৰ নিয়ন্ত্ৰণ নিজৰ হাতত ল’বলৈ নিদিয়ে৷ এনেদৰে আমাৰ ভয়বোৰে বা আন কিছুমান মানুহে আমাৰ জীৱনৰ সপোনবোৰ নিয়ন্ত্ৰণ কৰি থাকে৷ সপোনাবোৰ আমাৰ কিন্তু সেয়া নিয়ন্ত্ৰণ কৰে আন কোনোবাই৷ চাওকচোন কেনেকুৱা কথা৷

আৰু এনে হোৱা বাবে আমি যন্ত্ৰনাত ভুগো৷ কেতিয়াবা সেয়া আনে দেখা পায়, কেতিয়াবা নাপায়, কিন্তু সঁচা সপোনবোৰৰ বাবে আমি কাম কৰিব নোৱাৰিলে, সেইবোৰ লাভ কৰিব নোৱাৰিলে আমি জীৱনত বৰ যন্ত্ৰণা পাও৷

নিজৰ সপোনবোৰৰ এই নিয়ন্ত্ৰণ কিন্তু আপুনি নিজৰ হাতলৈ আনিব লাগিব৷ জীৱনৰ সকলো সময়তে নিজৰ সপোনবোৰ আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব৷ আন মানুহে আপোনাৰ সপোনবোৰৰ কথা কেনেকৈ বুজি পাব? আপুনি নিজেহে জানিব এইবোৰ আপোনাৰ বাবে কিমান জৰুৰী, কিমান মৰমৰ৷ আৰু সেয়ে সেইবোৰ আপুনি নিজে নিয়ন্ত্ৰণ কৰিব লাগিব৷

এটা কথা মনত ৰাখিব-

আপুনি, অকল আপুনিহে আপোনাৰ সপোনবোৰ নিয়ন্ত্ৰণ কৰা মানুহজন হ’ব লাগিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top