পাৰিব নে নোৱাৰে?
যেতিয়াই আপুনি কাম এটা আৰম্ভ কৰিবলৈ ওলায় আপোনাৰ মনলৈ এই প্ৰশ্নটো নিশ্চয় আহে- পাৰিম নে নোৱাৰোঁ৷
আপুনি হয়তো সফল হ’ব বিচাৰে, হয়তো জীৱনত বহুত ডাঙৰ কিবা কৰিবৰ আপোনাৰ মন আছে, হয়তো এক সুন্দৰ জীৱন নিজৰ বাবে সৃষ্টি কৰিবলৈ আপুনি আগ্ৰহী বা আপুনি জীৱনত আনক নানাভাৱে সহায় কৰিব বিচাৰে৷ আপুনি যি কৰাৰ কথা ভাবে, যেতিয়াই ভাবে তেতিয়াই এই দুটা কথা আপোনাৰ মনলৈ আহে৷ কেতিয়াবা আপুনি ভাবে পাৰিম, কেতিয়াবা নোৱাৰোঁ৷
আমি কামবোৰ আৰম্ভ নকৰোঁ কিয়?
বহু সময়ত আমি নানা ধৰণৰ কামৰ কথা ভাবো- এয়া কৰিম, সেয়া কৰিম৷ কিন্তু কেতিয়াও সেই কাম আৰম্ভই নকৰোঁ৷ কিয়? কাৰণ আমি দৰাচলতে নিজে মনৰ ভিতৰত বিশ্বাস নকৰোঁ যে সেয়া আমি কৰিব পাৰিম, সেয়া আমাৰ দ্বাৰা সম্ভৱ৷ আৰু যদি আৰম্ভই নকৰোঁ তাৰ ফলাফল কি হ’ব?
একো ফলাফলেই নহ’ব৷ এনে হয়৷ আকৌ আমি নিজেই আচৰিত হও জীৱনটো আমি বিচৰাৰ দৰে নহ’ল কিয় বুলি৷
পাৰিব নে?
যদি আপুনি যি কৰিম বুলি ভাবিছে সেয়া কৰিব বিচাৰে, যি সপোন আছে সেয়া পূৰণ কৰিব বিচাৰে, জীৱনটো নিজৰ মতে সজাই ল’বলৈ বিচাৰে, তেন্তে আপুনি সেয়া কৰিব পাৰিব৷ কিন্তু কেনেদৰে কৰিব? তাৰবাবে আপোনাক দুটা বস্তু লাগিব-
প্ৰথমতে বিশ্বাস আৰু দ্বিতীয়তে চেষ্টা বা কাম কৰি যোৱাৰ অভ্যাস
বিশ্বাস
বিশ্বাস এইবাবেই লাগিব কাৰণ যদি আপুনি নিজেই বিশ্বাস নকৰে এই সপোনবোৰ পূৰণ হ’ব বুলি, আপুনি কামটো কৰিব পাৰিব বুলি, তেন্তে আপুনি কামটো কৰিব নোৱাৰে৷ কিয় হয় এনেকুৱা? কাৰণ, আপোনাৰ বিশ্বাসে থিৰাং কৰে চিন্তা আৰু ব্যৱহাৰ কেনে হ’ব৷ আপোনাৰ যদি মনৰ ভিতৰত বিশ্বাস এটা আছে যে আপোনাৰ কাম নাই, আপোনাৰ মনলৈ অহা চিন্তাবোৰো তেনেকুৱাই হ’ব৷ লগতে আপোনাৰ ব্যৱহাৰবোৰো এই বিশ্বাসৰ মতেই হ’ব৷ আপুনি সঁচাকৈয়ে কাম নোহোৱা মানুহৰ দৰেই ব্যৱহাৰ কৰিব৷ আপোনাৰ ব্যৱহাৰবোৰ সদায় আপোনাৰ বিশ্বাসৰ লগত একাত্ম হ’বই লাগিব৷ সেইবাবেই যাৰ মনত বিশ্বাস আছে যে ভেটি বা ঘোচ খোৱাটো বেয়া তেওঁক কোনোবাই তেনে টকা-পইচা আগবঢ়ালেও সেয়া তেওঁ গ্ৰহণ কৰিব নোৱাৰে বা গ্ৰহণ কৰিলেও মনত নানা অশান্তি পায়, গ্লানি আৰু লাজ অনুভৱ কৰে৷ আমহাতে যাৰ মনত এনে বিশ্বাস নাই তেওঁৰ বাবে দুই নম্বৰী কৰাটো বা তেনে পইচা লোৱাটোত চিন্তা কৰিবলগীয়া একোৱে নাই৷
যদি আপোনাৰ চিন্তা আৰু ব্যৱহাৰ আপোনাৰ বিশ্বাসৰ কাৰণে নিগেটিভ হয় তেতিয়া আপুনি সফল হ’ব কেনেকৈ, কামবোৰ কৰিব কেনেকৈ, সপোনবোৰ পূৰণ কৰিব কেনেকৈ? আপোনাৰ যদি মনত বিশ্বাস আছে যে আপুনি ইমান যোগ্য নহয়, তেনেহ’লে আপুনি ইমান কাম কৰিব কেনেকৈ?
আপুনি যদি বিশ্বাস কৰে যে “মই এই কামটো কৰিব নোৱাৰিম” তেন্তে আপুনি সেই কামটো কৰিবলৈ চেষ্টাও নকৰে কাৰণ যিটো নহ’ব বুলি আপুনি জানেই সেইটো কৰিবলৈ চেষ্টা কৰাৰ নিচিনা বুর্বকতো আপুনি নহয়হ্ল আৰু কেতিয়াবা সেই কামটো আৰম্ভ কৰিলেও আপুনি জানো নিজৰ সমগ্ৰ শক্তিৰে সেই কামটো কৰিবলৈ আগবাঢ়িব যি কামটো হোৱাৰ কোনো সম্ভাৱনা নাই বুলি আপুনি বিশ্বাস কৰে?
কিছুমান মানুহৰ বিশ্বাস ঠিকে আছে কিন্তু তথাপিও তেওঁলোকৰ ভবা কামবোৰ নহয়গৈ, সপোনবোৰ তেনেদৰেই থাকি যায়৷ কিয়? তেনে হোৱাৰ কাৰণ হ’ল চেষ্টাৰ অভাৱ৷
চেষ্টা
বিশ্বাস আপোনাক লাগিবই৷ কিন্তু অকল বিশ্বাস কৰি ঘৰত বহি থাকিলে কামবোৰ নিজে নিজে হৈ যাবনে? আপুনি যদি কাম নকৰে (একো এক্সন নলয়), তাৰ পৰা একো ফলাফলো নাপায়৷ আপোনাৰ কিতাপ এখন লিখিবলৈ বৰ মন কিন্তু লিখাহে হৈ উঠা নাই৷ কেতিয়াবা বাধা বা প্ৰতিৰোধৰ বাবে, কেতিয়াবা মনলৈ আইডিয়া নহাৰ বাবে, কেতিয়াবা লিখিবলৈ মন নোযোৱা বাবে, কেতিয়াবা ভাগৰ লগা বাবে, মুঠতে কিবা নহয় কিবা কাৰণত আপোনাৰ কামটো কৰা নহয়গৈ৷ এনে প্ৰতিদিনে হয়৷ গতিকে কিতাপখন লিখাও নহয়গৈ৷ আপোনাৰ এক সাংঘাটিক জনপ্ৰিয় গায়ক বা গায়িকা হ’বলৈ মন আছে, কিন্তু তাৰবাবে বহুত কষ্ট কৰিব লাগে কাৰণ শ-শ, হাজাৰ-হাজাৰ ঘন্টা অভ্যাস, ৰেয়াজ কৰাৰ পিছতহে একো একোজন ভাল গায়ক-গায়িকাৰ জন্ম হয়৷ ইমান কষ্ট আপুনি কৰিব নোৱাৰে৷ গতিকে জনপ্ৰিয় গায়ক বা গায়িকা হিচাপে আপোনাক আমি এতিয়ালৈ চিনি নাপাও, আপোনাৰ গানো আমি শুনা নাই৷
কামটো কৰি আপুনি ভবা ফলাফল পাওক বা নাপাওক, কামটো কৰিবলৈ যে আপুনি আগবাঢ়িছে সেয়া ডাঙৰ কথা, কাৰণ ই বুজায় যে আপুনি আজি নোৱাৰিলেও কামটো যে আপুনি এদিন নহয় এদিন কৰিব পাৰিব সেই লৈ আপোনাৰ মনত কোনোধৰণৰ সন্দেহ নাই, আপুনি বিশ্বাস কৰে যে আপুনি কামটো কৰিব পাৰিব৷ আৰু তেতিয়া সেই বিশ্বাসেৰে কামটো কৰি গৈ থাকিলে এদিন নহয় এদিন আপুনি কামটো কৰিবই৷ একেবাৰে বিচৰা ফলাফল কেতিয়াবা নহলেও তাৰ ওচৰে-পাজৰেই ফলাফল আপুনি লাভ কৰিবই৷
ধৰি লওক আপুনি ইংৰাজীত কথা ক’ব নাজানে, কিন্তু আপোনাৰ খুব মন আছে এদিন নহয় এদিন আপুনি সলসলীয়াকৈ ইংৰাজীত কথা ক’বই৷ নিজৰ ওপৰত আপোনাৰ বিশ্বাস আছে৷ আপুনি উপায় বিচাৰিলে আৰু সেই উপায়টো পোৱাৰ পিছত প্ৰতিদিনে মাত্ৰ আধা ঘন্টা সময় ইংৰাজীত কথা কোৱা অভ্যাস আৰম্ভ কৰিলে সেই টেকনিক বা উপায়টো অৱলম্বন কৰি৷ এনেদৰে যদি মাত্ৰ ছমাহ কৰি গৈ থাকে কি হ’ব? এনে অভ্যাস এবছৰ কৰে যদি? ইংৰাজীটো সলসলীয়াকৈ ক’ব পৰা হ’বই আপোনাৰ নিজৰ ওপৰতে হাঁহি উঠিব “ইংৰাজী ইমান টান ভাষা বুলি আগতে কিয় ইমান ভয় খাইছিলোঁ” বুলি৷
হয়তো আপুনি এটা কাম এশবাৰ বা এহাজাৰ বাৰ অভ্যাস কৰিব লাগিব সেই কামটোত ভাল হোৱাৰ বাবে, বিচৰা ফলাফল লাভ কৰাৰ বাবে৷ যদি আপোনাৰ নিজৰ ওপৰত বিশ্বাস আছে, তেতিয়াহে আপুনি ইমান কষ্ট কৰিব৷ নহ’লে কিয় আপুনি বিচৰা ফলাফল নোপোৱালৈকে ইমানবাৰ একেটা কামকে অভ্যাস কৰি থাকিব? কিহে আপোনাক প্ৰতিকূল অৱস্থাতো কাম কৰি থকাৰ, আগুৱাই গৈ থকাৰ অনুপ্ৰেৰণা যোগাব?
অকণমান সাৱধান হ’ব
যিকোনো কথাকে সহজে বিশ্বাস কৰি নল’ব৷ আন কোনোবাই নোৱাৰে বুলি ক’লেই লগে লগে সেয়া বিশ্বাস কৰি নল’ব৷ লাগিলে তেওঁ আপোনাতকৈ বয়সত বা স্থানত ডাঙৰেই হওক৷ বিশেষকৈ কোনোবাই কিবা নিগেটিভ কথা ক’লে এই কথাটো মনত ৰাখিব৷ প্ৰশ্ন সুধিব, অকণমান বিচাৰ-খোচাৰ, অকণমান গৱেষণা কৰি চাব কথাটো হয়নে নহয়৷ সুধিব তেওঁ কেনেকৈ সেই নিগেটিভ কথাটো জানিলে, তেওঁ নিজে কৰি চাইছিল নেকি সেই কামটো? প্ৰমাণ পালেহে কথাবোৰ বিশ্বাস কৰিব৷ নহ’লে এইবোৰে পিছলৈ নানা ধৰণৰ বিৰাট বিৰাট সমস্যাৰ সৃষ্টি কৰিব৷
আপুনি কাম এটা কৰিব পাৰিব নে নাই সেয়া আপোনাৰ স্কিলতকৈ আপোনাৰ বিশ্বাসৰ ওপৰত নির্ভৰ কৰে কাৰণ নজনা স্কিল এটা শিকি ল’ব পাৰি, কিন্তু বিশ্বাসবোৰ সলনি কৰাটো বৰ টান কাম৷ আপুনি কি বুলি ভাবে?