Close

আমি কামবোৰ কি কাৰণে কৰো?

জীৱনটো যদি আপুনি সঠিক পথলৈ আনিব বিচাৰিছে আৰু আগতকৈ ভাল কৰিব বিচাৰিছে তেতিয়াহ’লে আপুনি  “কিয়’’ বা “কাৰণটো” বিচাৰিব লাগিব৷  

আমি কিবা এটা কাম কিয় কৰি আছোঁ তাৰ কাৰণটো বিচাৰোঁ আহক৷

ই নানা ধৰণৰ কাম হ’ব পাৰে৷

আপুনি যদি চাকৰি কৰি আছে, তেন্তে আপুনি বিচাৰিবলৈ চেষ্টা কৰিব পাৰে “মই কিয় চাকৰি কৰি আছোঁ?” এই প্ৰশ্নটোৰ উত্তৰে আপোনাক চাকৰি কৰি থকাৰ কাৰণটোৰ বিষয়ে জনাত সহায় কৰিব৷ হয়তো আপুনি পৰিয়াল চলাবলৈ চাকৰিটো কৰি আছে, হয়তো আপুনি পিছলৈ এজন ডাঙৰ বিষয়া হ’ব বিচাৰে, কোম্পানী এটা চলাব বিচাৰে বা হয়তো আন ক’ তো একো নাপাই আপুনি এই কামটো কৰি আছে৷ আপোনাৰ কাৰণতো যদি আপোনাৰ বাবে ভাল হয়, ডাঙৰ হয় তেতিয়াহে আপুনি জীৱনটো জীয়াই থাকি আননন্দ, সুখ আৰু শান্তি পাব৷

ছাত্ৰ-ছাত্ৰীয়ে নিজকে এই প্ৰশ্নটো সুধিব পাৰে- “মই কিয় পঢ়ি আছোঁ?” কাৰেবাৰ বাবে উত্তৰটো হ’ব পাৰে “মা দেউতাই নাম লগাই দিছে কাৰণে পঢ়ি আছোঁ৷” “আন কাৰোবাৰ বাবে হ’ব পাৰে “মই নবৈব শতাংশ নম্বৰ পাব বিচাৰোঁ যাতে অমুক ইন্সিষ্টিউটত মই এডমিচন পাও৷”  আন কাৰোবাৰ আকৌ উত্তৰটো বেলেগ কিবা এটা হ’ব পাৰে৷

আপুনি যদি কিবা এটা কৰিবলৈ বা কিবা এটা লাভ কৰিবলৈ কষ্ট কৰি আছে, তেতিয়া আপুনি নিজকে সুধিব পাৰে, “মই কিয় ইমান কষ্ট কৰি আছো?” তাৰ উত্তৰটো হ’ব পাৰে কাৰণ মই ভাৰতীয় প্ৰতিযোগিতা মূলক পৰীক্ষাত বা বেংকৰ পৰীক্ষাত বা অসম প্ৰশাসনিক সেৱাত বা হাইস্কুল টেটত উত্তীর্ণ হ’ব বিচাৰোঁ৷” আন কোনোবাই যদি ৰাতিপুৱা চাৰি বজাতে উঠি সদায় ক্ৰিকেট প্ৰেকটিচলৈ যায় তেওঁ হয়তো এদিন ভাৰতীয় টিমত ভাৰতৰ জাতীয় দলৰ হৈ ক্ৰিকেট খেলিব বিচাৰে সেয়ে তেওঁ ৰাতিপুৱা চাৰি বজাতে উঠি ইমান কষ্ট কৰি আছে?

আপুনি যদি প্ৰতিদিনে এক্সাচাইজ কৰাটো ভাল বুলি ভাবে আৰু সেয়া কৰিব বিচাৰে তেতিয়া এই কাৰণ এটা বিচাৰি লোৱা কামটোৱে আপোনাক তেনে কৰিবলৈ সহায় কৰিব৷ প্ৰথমে বিচাৰি লওক আপুনি বিচাৰি লয় কি কাৰণে আপুনি সদায় ৰাতিপুৱা এক্সাচাইজ কৰিম বুলি ভাবিছে বা আৰম্ভ কৰিছে৷ হয়তো আপুনি সদায় দেখাত ভাল হৈ থাকিব বিচাৰিছে বা নিজৰ শৰীৰটো মজবুত কৰি ৰাখিব বিচাৰিছে বা ডায়েবেটিচ বা হার্ট এটেক আদিৰ  পৰা বাচি থাকিব বিচাৰিছে৷ নিজৰ কাৰণটো বিচাৰি পালে আপুনি সদায়, নিয়মিতভাৱে এক্সাচাইজ কৰি থকাৰ সম্ভাৱনা বহু বেছি হ’ব৷

কাম এটা কৰাৰ এই কাৰণটো বিচাৰি পালে ই আমাক মটিভেট কৰিব, মটিভেট কৰি থাকিব কষ্ট কৰিবলৈ, কাম কৰি থাকিবলৈ৷

কাৰণটো বিচাৰি পালে ই আপোনাক বুজাত সহায় কৰিব কিয় আপুনি ইমান কষ্ট কৰি আছে৷ কাৰণটো বিচাৰি পালে

ৰাতিপুৱা বিচনাৰ পৰা জাপ মাৰি উঠি কামত লাগিবলৈ ই আপোনাক সহায় কৰিব৷

আপোনাৰ কাৰণটো যদি বহুত ডাঙৰ হয়, আনৰ বা সমাজৰ ভালৰ কাৰণে হয়, সাধাৰণ এটা লক্ষ্যতকৈ জীৱনৰ উদ্দেশ্য হয়, তেতিয়া ই আপোনাক সদায় মটিভেট কৰি থাকিব৷ কাৰণটো ডাঙৰ হ’ব লাগিব৷ অকল নিজৰ বাবে নহয়, আনৰ বাবেও হ’ব লাগিব৷ নিজৰ সামর্থৰ চূড়ান্ত শিখৰত উপনীত হৈ যিমান ভাল কাম কৰিব পাৰি সিমান ভাল কাম কৰিবলৈ হ’লে আপোনাক এক শক্তিশালী, ডাঙৰ কাৰণ লাগিব৷

প্ৰতিটো আর্টিকল লিখাৰ আগতে মই ভাবো মই কিয় এইটো লিখি আছো? প্ৰতিটো ভিডিঅ বনোৱাৰ আগতে মই ভাবো মই এয়া কিয় কৰি আছোঁ? তাৰ কাৰণ হ’ল মই আপোনাৰ, আপোনাৰ ল’ৰা-ছোৱালীৰ, আপোনাৰ পৰিয়ালৰ, এই সমাজখনৰ ভাল হোৱাটো বিচাৰোঁ, অসমৰ ভাল হোৱাটো বিচাৰোঁ, আপোনাক সহায় কৰিব বিচাৰোঁ৷

পিছে আপোনাৰ কাৰণটো নো কি?

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top