Close

মানডে মর্ণিং ব্লুজ

এনেকুৱা হ’লে কি কৰিব?

আপোনাৰো এনে হয় নেকি?

সোমবাৰে যেতিয়া অফিচ থাকে তেতিয়া ৰবিবাৰে ৰাতি বা সোমবাৰে ৰাতিপুৱা আপোনাৰ কিবা হয় নেকি?

আপোনাৰ পেট বিষায় নেকি, গাটো বেয়া লাগে নেকি, মন নাযায় নেকি অফিচলৈ যাবলৈ? উদ্বিগ্নতা বা এংজাইটি হয়, ষ্ট্ৰেছ হয়, দুখ লাগে নেকি? যদি তেনে হয় সম্ভৱত আপোনাৰ মানডে মর্ণিং ব্লুছ হয়৷ সপ্তাহটো আৰম্ভ হোৱাৰ দিনা অর্থাৎ সাধাৰণতে সোমবাৰে আপুনি কিছুমান নিগেটিভ আৱেগ অনুভৱ কৰে৷ যদি আপুনি নিজৰ কাম ভাল নাপায় তেতিয়াহে আপুনি তেনে অনুভৱবোৰ অনুভৱ কৰে৷ ডিপ্ৰেচন, দুখ, ভাগৰ, আশাহত অৱস্থা, কাম কৰি ভাল নলগা আদি আপোনাৰ অনুভৱ হ’ব৷মানডে মর্ণিং ব্লুজ এিবিষয়ে পিছত এদিন ভালদৰে আলোচনা কৰিম৷

আজি আমি চাম যদি আপোনাৰ এনে হয়, আপুনি কি কৰিব পাৰে.

যদি এনে হয়,আপোনাৰ হাতত দুটা অপচন আছে-

আপোনাৰ হাতত দুটা অপচন আছে

অপচন ১

এই চাকৰিটো বা কামটো বাদ দিয়ক ৷ আপুনি যি কাম কৰি ভাল পায়, যি কাম কৰিব বিচাৰে সেই কাম এটা বিচাৰক আৰু সেই কামটো কৰা আৰম্ভ কৰক৷ আজি পাৰিলে আজি কৰক, কিন্ত কেতিয়াবা সেই কামটো কৰিবলৈ অলপ সময় লাগিব৷ কাৰোবাক কেইমাহমান লাগিব পাৰে, কাৰোবাক এবছৰমান লাগিব পাৰে৷ এই সময়খিনি আপুনি তাৰবাবে সাজু হ’ব লাগিব, নিজকে সাজু কৰিব লাগিব৷ সেই সময়খিনি আপুনি কৰি থকা চাকৰি বা কামটো কৰি থাকিব পাৰে, কিন্তু লগতে নিজকে পৰৱৰ্তী সময় বাবে সাজু কৰিব লাগিব৷

তাত আৰু এটা কথা আছে- আপুনি কৰিব বিচৰা কামটো বাৰু ঠিকে আছে, কিন্তু আপুনি কামটোৰ বাবে যোগ্য হয় নে নহয়? যদি আজি কৰিব বিচৰা কামটোৰ বাবে যোগ্য নহয়, তেন্তে আপুনি নিজকে তাৰবাবে যোগ্য কৰিব লাগিব৷ কিবা যদি স্কিল শিকিব লাগে তেন্তে সেয়া শিকিব লাগিব৷ নিজকে সাজু কৰিব লাগিব আপুনি আনটো চাকৰিটো বা কামটোলৈ জাপ মৰাৰ আগতে৷

কৰিব বিচৰা কামটোৰ বাবে সাজু হোৱাৰ লগতে আৰু এটা কাম আপুনি কৰিব লাগিব৷ সেয়া হ’ল কেইমাহমানৰ চলিবলৈ প্ৰয়োজন হোৱা খৰচ নিজৰ বেংক একাউন্টত ৰখা৷ এেনদৰে অলপ টকা-পইচা জমা থাকিলে আপোনাৰ টেনচন আৰু ষ্ট্ৰেছ বহু কমি থাকিব৷

এতিয়া আহো অপচন ২ লৈ

কেতিয়াবা আপুনি মন গ’লেও কৰি থকা কামটো বা চাকৰিটো এৰিব নোৱাৰে৷ আপোআনৰ হয়তো পৰিয়াল চলাবলৈ আছে, ই এম আই দিবলৈ আছে, কিবা ল’ন আছে বা আন কিবা বাধ্য-বাধকতা আছে৷ তেতিয়া আপুনি কি কৰিব. আপুনি কামটোও ভাল নাপায় আৰু এৰিবও নোৱাৰে৷

যদি আপুনি কৰি থকা চাকৰিটো বা কামটো এৰিব নোৱাৰে, তেন্তে তাক ভাল পাবলৈ শিকিব লাগিব৷ কিয় বাৰু? কাৰণ যদি চাকৰিটো বা কামটো ভালো নাপায় আৰু কৰিও থাকে তাৰমানে আপুনি প্ৰতিদিনে অশান্তি পাই আছে৷ আপোনাৰ দিনবোৰ তাৰমানে নষ্ট হৈ গৈ আছে৷ কিন্তু আপোনাৰ জীৱনটো আপোনাৰ দিনবোৰৰ সমষ্টিয়ে নহয় জানো? দিনবোৰ যিমানে নষ্ট হৈ গৈ থাকিব সিমানে আপোনাৰ জীৱনটো নষ্ট হৈ গৈ থাকিব৷ তেনে জীৱন এটা জীয়াই থাকি জানো ভাল লাগিব? তাতোকৈ ভাল লাগিলহেঁতেন যদিহে প্ৰতিদিনে যি কাম কৰি আছে সেই কাম কৰি আপুনি এনজয় কৰে, মনটো ভাল লাগে আৰু আপুনি সন্তুষ্টি পায়৷ নহয়জানো?

কিন্তু কথাটো হ’ল যিটো কাম আপুনি বেয়া পায়, যি কামলৈ যাব লাগিলে আপোনাৰ মনটো বেয়া লাগে তাক ভাল পাব কেনেদৰে? কৰিবলৈ কামটো টান৷ কিন্তু চাও আহকচোন কি কি কৰিব পাৰি৷

কামটোৰ কি আপুনি ভাল পায়

আপুনি যিটো কাম কৰি আছে তাৰ ভিতৰত এনে কিছুমান কথা আছে যিটো সম্ভৱত আপুনি ভাল পায়৷ সেয়া আপুনি বিচাৰি উলিয়াব লাগিব৷ গোটেই কামটোৰ হয়তো এটা বা দুটা দিশ বা এচপেক্ট আপুনি ভালপায়, এতিয়া সেই কেইটা বিচাৰি উলিয়াব পাৰিলে আপুনি, যদি সম্ভৱ আপুনি তাত বেছিকৈ ফ’কাছ কৰিব পাৰে৷ আৰু ভালদৰে বিচাৰিলে এতা বা দুটা হলেও এনে ভাল দিশ আপুনি বিচাৰি পাব৷

কিছুমান সালসলনি কৰক

আপোনাৰ অফিচৰ পৰিবেশটোত, আপোনাৰ বহা ঠাইটুকুৰাত কিছুমান সালসলনি কৰক৷ একেবাৰে সৰু কিবা এটা সালসলনিয়েও আপোনাৰ বিৰক্তিক অলপ হলেও নোহোৱা কৰিব৷ অফিচত বা কামত বিৰক্তি মন বেয়া লগোৱাৰ এটা প্ৰধান কাৰণ৷ যদি কি কাৰণে আপুনি বিৰক্তি পাইছে সেয়া গম পায়, তেতিয়া তাক অলপ হলেও সলনি কৰিবলৈ কিবা এটা কৰক৷ আপুনি কাম কৰাৰ পদ্ধতি বা প্ৰচেচটো সলনি কৰিলে আপোনাৰ বিৰক্তি কমিব৷

আনক সহায় কৰা আৰম্ভ কৰক

কথাটোৰ কোনো লিংক নাই, সম্পর্ক নাই যেন লাগিব পাৰে, কিন্তু আছে৷ অফিচত আৰু বাহিৰত আন মানুহক অলপ সহায় কৰা আৰম্ভ কৰক৷ আপোনাৰ সামর্থ অনুসৰি যেনেদৰে যি পাৰে সেই সহায় কৰক৷ ই আপাোনাৰ মনটো আগতকৈ পজিটিভ কৰি তুলিব, মনটো ভাল লগাব৷

আপুনি এটা কথা মনত ৰখিব লাগিব যে আপোনাৰ মনটো বেয়া লগাত পৰিবেশতকৈও আপুনি কি ভাবে, কি বুলি বিশ্বাস কৰে, কেনেদৰে নিজকে আৰু পৰিবেশক চায় তাৰ ওপৰতহে কথাটো বেছি নির্ভৰ কৰে৷ গতিকে যদি আপুনি চাকৰি এটা বা কাম এটা কৰি থাকিবলৈ বাধ্য তেতিয়াহ’লে ই বৰ প্ৰয়োজনীয় যে আপুনি নিজকে বা নিজৰ মন, বিশ্বাস, চিন্তা আদিক অলপ সলনি কৰিব লাগিব৷ এই কথাটো এইবাবেই সত্য যে কিছুমান মানুহে চাকৰি সলনি কৰিও সুখী নহয়৷ আপোনাৰ মনটো সলনি কৰিলেহে একেটা পৰিবেশকে আন ধৰণে চোৱাটো সম্ভৱ হ’ব৷ আৰু যদি সেয়া কৰিব নোৱাৰে তেন্তে চাকৰিটো বা কামটো সলনি কৰাই সম্ভৱত আপোনাৰ বাবে বেছি ভাল হ’ব৷ এবাৰ নিজকে ভালদৰে বিচাৰ কৰি চালে আপুনি গম পাব এই দুটা অপচনৰ কোনটো আপোনাৰ বাবে বেছি ভাল হ’ব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top