joshua-earle--87JyMb9ZfU-unsplash

পাহাৰ বগাও আহক

আমাৰ সকলোৰে এখন পাহাৰ বগাবলৈ থাকে৷ সকলোৰে পাহাৰখন বেলেগ বেলেগ হ’ব পাৰে, কিন্তু সকলোৰে এখন নহয় এখন পাহাৰ বগাবলৈ থাকেই৷ কামটো টান, কষ্টকৰ, বহুত সময় লাগিব পাৰে, কিছুমান ত্যাগ কৰিবলগীয়া হ’ব পাৰে, কিন্তু এই কামটোৰ আপোনাৰ জীৱনটো সলনি কৰাৰ শক্তি থাকে৷ কোনোবাই ইয়াক এক অশান্তি, অপ্ৰয়োজনীয় কাম বুলি ভাবিব পাৰে আৰু আন কোনোবাই এক সোণালী […]

jaliya-rasaputra-U_eZSoRUMQM-unsplash

দিনটো নিগনি খেদি শেষ কৰিলে নে হৰিণ চিকাৰ কৰি

আপুনি আপোনাৰ দিনবোৰ কি কৰি শেষ কৰে- নিগনি খেদি নে হৰিণৰ চিকাৰ কৰি? নিউট গিনগ্ৰিচ নামৰ এজন লিখক, ৰাজনীতিক আৰু বুৰঞ্জীবিদে এটা আকর্ষণীয় উপমাৰে আমাৰ জীৱনৰ কথা কৈছিল৷ এই কথাটো আমাৰ জীৱনত যিকোনো সময়তে, যিকোনো পৰিস্থিতিতে প্ৰয়োজ্য৷ এটা সিংহই পথাৰৰ নিগনি এটা ধৰি, মাৰি খাবলৈ সম্পূর্ণৰূপে সক্ষম৷ কিন্তু সেয়া কৰিবলৈ যিমান কষ্ট হ’ব নিগনিটোৰ পৰা […]

javardh

খোলা

“তুমি যদি সঁচা মানুহজনীক চাব খোজা তেনেহ’লে তাইক এনেকুৱা এটা পৰিবেশ-পৰিস্থিতিত এৰি দিয়া য’ত তাই সঁচাকৈয়ে উপলব্ধি কৰিব পাৰে যে তাই নিশ্চিন্ত- তাইৰ যিহকে ইচ্ছা তাকে কৰিবলৈ স্বাধীনতা আছে আৰু সেয়া ভাল কামেই হওক বা বেয়া কামেই হওক পৰিবেশটোৱে কোনো ক্ষতি নকৰে, বৰং সহায়হে কৰিব৷ তেতিয়া তাই খুব সন্তঃর্পণে খোলাৰ পৰা আচল মানুহজনীক বাহিৰলৈ উলিয়াই […]

jason-leung-jWU9FpLW7fI-unsplash

আপোনাৰ ৰূমটো পৰিষ্কাৰ কৰা মানে সময় নষ্ট নে কি?

আপুনি যিটো ঘৰত বাস কৰে, যিটো ৰূমত দিনটোৰ বেছিভাগ সময় কটায় সেই ৰূমটো পৰিপাটি হ’লে কি লাভ হ’বনো? ই আমাৰ মূল্যৱান সময়বোৰ নষ্টহে কৰে নেকি? ই সঁচাকৈয়ে জীৱন সলনি কৰিব পৰা ধৰণৰ হয়নে? ই সঁচাকৈয়ে জীৱনটো মেজিকৰ নিচিনা সলনি কৰিব পাৰেনে? এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ হ’লে আমি নিজে কামটো কৰি চাব লাগিব আৰু তেতিয়াহে আমি […]

Pod 5 copy

Safalatar Sadhana Episode 5 Life Planning (Assamese)

Safalatar Sadhana Episode 5 – Life Planning (Assamese) সফলতাৰ সাধনা খণ্ড ৫- লাইফ প্লেনিং অসমীয়া পডকাষ্ট

danielle

আজিৰ দিনটোক অসাধাৰণ কৰি তোলাৰ এটা সহজ উপায়

ৰাতিপুৱাটো এক পৱিত্ৰ সময়, আপুৰুগীয়া সময়, আপোনাৰ হাতত থকা সময়৷ এই সময়খিনিক আপুনি দিনটোৰ বাবে প্ৰেৰণাৰ, মানসিক প্ৰশান্তিৰ আৰু সুখৰ উৎস হিচাপে গঢ়ি তুলিব পাৰে৷ কেনেকৈ? ৰাতিপুৱাৰ ৰিচুৱেল বা ৰাতিপুৱাৰ আচৰণবিধিৰ দ্বাৰা৷ ৰাতিপুৱাৰ আচৰণবিধি মানে হ’ল সেই কামবোৰ যিবোৰ আপুনি প্ৰতি ৰাতিপুৱাতে কৰে৷ কিন্তু আমাক ইয়াৰ কি প্ৰয়োজন? ই আপোনাক নানা ধৰণে সহায় কৰিব- ৰাতিপুৱা […]

niklas

বিৰক্তি- বিৰক্ত হ’লে কি কৰিব?

আমি কোনেও বিৰক্তিৰ পৰা হাত সাৰি থাকিব নোৱাৰোঁ৷ কোনোবা নহয় কোনোবা সময়ত, বেলেগ বেলেগ পৰিস্থিতিত, সময়ত, বা স্থানত আপুনি বিৰক্তি অনুভৱ কৰে বা ব’ৰ হয়৷   ব’ৰ হোৱা বা বিৰক্ত হোৱাক এইদৰে বর্ণনা কৰিব পাৰিঃ  মই এক অপ্ৰাসঙ্গিক বুলি অনুভৱ কৰা পৰিস্থিতিত বন্দী হৈ আছোঁ অৱশ্যে আমি এটা কথাত সকলোৱে নিশ্চয় মান্তি হ’ম –  কোনেও […]

success

আশ্চর্যকৰ ফলাফল লাভ কৰিব বিচাৰে- এই কামটো কৰক

আপুনি যদি আশ্চর্যকৰ ফলাফল লাভ কৰিব বিচাৰে, এটা সহজ উপায়েৰে আপুনি তেনে ফলাফল লাভ কৰিব পাৰে৷ এই পদ্ধতিটোৱে জীৱনৰ যিকোনো ক্ষেত্ৰতে আপোনাক ফলাফল লাভ কৰাত সহায় কৰিব৷ তাতোকৈ ডাঙৰ কথা ই আপোনাক আপুনি সপোন দেখা জীৱনটো লাভ কৰাত সহায় কৰিব৷ ই মোক এনে এটা পর্যায়লৈ অহাত সহায় কৰিছে যাৰ কথা মই আগতে কেৱল সপোনতহে ভাবিব […]

men

আজি ঘটিব পৰা আটাইতকৈ ভাল কথাবোৰ

পণ্য বা বস্তু এটা বা কিনিব পৰা সামগ্ৰী এটাই আপোনাক সুখী নকৰে৷ ঠিক আছে কেতিয়াবা ই আপোনাক অলপ সময়ৰ বাবে সুখী কৰিব পাৰে যেতিয়া প্ৰথমবাৰৰ বাবে আপুনি বস্তুটো বা সামগ্ৰীটো পায় বা কিনে৷ কিন্তু আপোনাৰ অভিজ্ঞতাবোৰে আপোনাক সুখী কৰে৷ আটাইতকৈ ভাল কথাবোৰ যিবোৰ আজি সংঘটিত হ’ব পাৰে- ১. এটা শান্ত ৰাতিপুৱা ২. ভালকৈ ব্যায়াম কৰা […]

work

৫ টা কমিউনিকেচন কৌশল যিয়ে আপোনাক সফল হোৱাত সহায় কৰিব

আপুনি যদি সফল হ’ব বিচাৰে আপোনাৰ কমিউনিকেচন স্কিল (যোগাযোগৰ দক্ষতা) খুব ভাল হ’ব লাগিব৷ আপুনি যদি জীৱনত এক উচ্চস্তৰৰ পর্যায় পাব বিচাৰে তেন্তে কমিউনিকেচন দক্ষতাবোৰে আপোনাক তাত উপস্থিত হ’বলৈ সহায় কৰিব৷ ইয়াত আমি ৫ টা এনে কমিউনিকেচন দক্ষতাৰ কথা আলোচনা কৰিম যিয়ে অকল আপোনাক নিজকে বুজি পোৱাতে সহায় নকৰে, লগতে ই আন মানুহকো বুজি পোৱাত […]