Close

Ask Bikash 26

How can I learn to respect myself?

আপুনি নিজকে সন্মান কৰিব বিচাৰিলে সেয়া এদিনতে কৰিব নোৱাৰি৷ কাৰোবাক সন্মান কৰিবলৈ হ’লে তেওঁৰ এক পজিটিভ ছবি আমাৰ মনত থাকিব লাগিব৷ তেনেদৰে আপোনাৰ নিজৰ মনত নিজৰ এক পজিটিভ ছবি থাকিলেহে আপুনি নিজকে সন্মান কৰিব পাৰিব৷

কেনেকৈ সেয়া কৰিব পাৰিব?

আপুনি কোন?

প্ৰথমতে নিজকে সন্মান কৰিবলৈ হ’লে আপুনি নিজৰ বিষয়ে জানিব লাগিব৷ নিজৰ প্ৰতি সন্মান আহিব অপোআনৰ অন্তৰৰ পৰা আৰু সেয়া কৰিব পৰাৰ আগতে আপুনি জানিব লাগবি আপুনি কেনে ধৰণৰ মানুহ৷ আপোনাৰ কি কি গুণ আছে আৰু কি কি দোষ আছে সেয়া আপুনি জানিব লাগিব৷

নিজকে গ্ৰহণ কৰক

আপোনাৰ বহু দোষ থাকিব পাৰে৷ মানুহ হিচাপে আমাৰ কিছুমান দোষ থাকিবই আৰু আমি কিছুমান ভুল কৰিমেই৷ আপুনি হয়তো ইন্ত্ৰ’ভার্ট আৰু আপুনি মানুহৰ লগত কথা পাতিবলৈ অসুবিধা পায়৷ আপুনি হয়তো আন কিছুমান মানুহৰ সমান স্মার্ট নহয়৷ আপোনাৰ হয়তো কিছুমান স্কিল নাই, আপোনাৰ হয়তো বেছি টকা-পইচা নাই৷ নিজকে সন্মান কৰিব পৰাৰ আগতে আপুনি নিজকে এই দোষ, গুণ, ভুলবোৰৰ সৈতে গ্ৰহণ কৰিব পাৰিব লাগিব৷ গ্ৰহণ কৰা মানে এয়া ধৰি নল’ব যে মই যেনেকুৱা ঠিকে আছো, আৰু একো সলাব লগীয়া নাই বা মই এনেকুৱাই, মই আৰু সলনি হ’ব নোৱাৰোঁ৷ বৰঞ্চ নিজকে গ্ৰহণ কৰা মানে আজি মই যেনেকুৱা তাক গ্ৰহণ কৰিছোঁ, কিন্তু আৰু ভাল হ’বলৈ মই চেষ্টা কৰি থাকিম৷ নিজৰ ওপৰত কাম কৰি নিজকে আৰু ভাল উন্নত, ডেভেলপ কৰিব নে নাই সেয়া আপোনাৰ চইছ৷

প্ৰেকটিচ

আন সকলো কামৰ দৰে নিজকে সন্মান কৰাত ভাল হ’বলৈ হ’লে আপুনি নিজকে সন্মান কৰাৰ অভ্যাস কৰিব লাগিব৷ এনে কৰিবলৈ আপুনি শিকিব লাগিব আৰু ইয়াৰ বাবে সময় লাগে৷ কেতিয়াবা ই টান হ’ব, কেতিয়াবা জটিল হ’ব৷ আপুনি নিজে কিবা এটা ভাল কাম কৰিলে নিজকে প্ৰশংসা কৰক, চাব্বাছি দিয়ক৷

নিজৰ লগত কথা পাতক

নিজকে সন্মান কৰিবলৈ সহজ হ’ব যদি আপুনি নিজৰ লগত কথা পাতে আৰু পজিটিভ কথা পাতে৷ কেনেদৰে? ধৰি লওক আপুনি কিবা এটা কাম কৰিলে আৰু ই ঠিক নহ’ল৷ তেতিয়া নিজকে “মোৰ কাম নাই, মই মূর্খ, মোৰ দ্বাৰা একোৱে নহ’ব” এনে ধৰণৰ কথা কোৱাতকৈ আৰু নিজকে ক’ব লাগিব “এইবাৰ ভুল হ’ল একো কথা নাই, মই আকৌ এবাৰ চেষ্টা কৰিম৷” আপুনি নিজকে হাঁহিব পাৰিব লাগিব, সহজভাৱে ল’ব পাৰিব লাগিব৷

নিজক জাজ কৰা এৰিব পাৰিব লাগিব

নিজক সন্মান কৰিবলৈ হ’লে আপুনি নিজকে জাজ কৰা এৰিব পাৰিব লাগিব৷ আপুনি যদি আনক যিকোনো কথাতে বিচাৰ কৰে তেওঁ ভাল নে বেয়া, তেওঁ যি কৰিছে সেয়া ভাল নে বেয়া, তেনেহ’লে ই আপোনাৰ এটা অভ্যাস৷ তেনহ’লে আপুনি নিজকো জাজ কৰিব৷ আৰু এনে জাজমেন্টৰ ফলাফল সাধাৰণতে নিগেটিভ হয়৷ এয়া আপুনি এৰিবলৈ চেষ্টা কৰিব লাগিব৷

আপোনাৰ মূল্যবোধ, বিশ্বাস আদি কি?

যদি মই মোৰ মূল্যবোধ, বিশ্বাস আদি অনসুৰি কামবোৰ কৰোঁ তেতিয়া মই নিজকে সন্মান কৰিব পাৰিম৷ যদি মোৰ মূল্যবোধ বেলেগ আৰু মই কাম কৰো তাৰ বিপৰীতে, তেতিয়া কেনেদৰে মই নিজকে সন্মান কৰিব পাৰিম? মই যদি ঘোচ খোৱাটো বা ভেটি লোৱাটো বেয়া বুলি ভাবো কিন্তু নিজে ভেটি লও তেতিয়াহ’লে মোৰ মনত নিজৰ প্ৰতি সন্মান কেনেদৰে থাকিব৷ বাহিৰত মই যিয়েই নেদেখুৱাও কিয়, মই নিজেতো জানো মই কি কৰিছোঁ, নিজৰ পৰা মইতো একো লোকুৱাব নোৱাৰিম, তেনেহ’লে মই নিজকে কেনেদৰে সন্মান কৰিম?

মই যদি কাম এটা টান হলেও, মন নগলেও কৰিব পাৰোঁ, তেতিয়া মই নিজকে সন্মান কৰিব পাৰিম৷ মোৰ যদি নিজৰ ওপৰত নিয়ন্ত্ৰণ থাকে তেতিয়া মই নিজকে সন্মান কৰিব পাৰিম৷ এনেদৰে আপোনাৰ কিছুমান গুণ থাকিব লাগিব, তেতিয়াহে আপুনি নিজকে সন্মান কৰিব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top