Close

Ask Bikash 20

How do I quickly make exercise my daily habit?

আপুনি যদি নিয়মীয়াকৈ এক্সাচাইজ বা ব্যায়াম কৰিবলৈ আৰম্ভ কৰিছে বা সোনকালে আৰম্ভ কৰিম বুলি ভাবিছে এয়া আপোনাৰ জীৱনৰ এটা খুব ভাল আৰু ডাঙৰ সিদ্ধান্ত৷ এই সিদ্ধান্তটো লোৱা বাবে আপুনি এদিন নিজকে ধন্যবাদ দিব৷ বহুতে এই অভ্যাসটো আৰম্ভ কৰিব বিচাৰে কিন্তু তেওঁলোকে নানা কাৰণৰ বাবে তেনে কৰিব নোৱাৰে৷ কিছুমানে আৰম্ভই কৰিব নোৱাৰে আৰু কিছুমানে আৰম্ভ কৰিলেও সেয়া নিয়মীয়াকৈ কৰি থাকিব নোৱাৰে৷

দুটা উপায়ে আপোনাক এই অভ্যাসটো গঢ়ি তোলাত আৰু তাৰ পিছত নিয়মীয়াকৈ অনুসৰণ কৰাত সহায় কৰিব৷

প্ৰথম উপায়- ভিজুৱেলাইজেচন

নিজকে এক সাংঘাটিক ধুনীয়া শৰীৰৰ গৰাকী বুলি কল্পনা কৰক৷ কল্পনা কৰক আপুনি খুব সুন্দৰ-সুঠাম এক শৰীৰৰ সৃষ্টি কৰিছে আৰু লগতে আপোনাৰ বিৰাট ভাল ফিটনেছ আছে৷ মানুহে আপোনাৰ শৰীৰটোৰ বিষয়ে খুব ভালদৰে কৈছে, প্ৰশংসা কৰিছে, কৈছে—“মানুহজনৰ কি সুন্দৰ এক শৰীৰ, সঁচাকৈ তেওঁ খুব হেন্দচাম দেই,” “মানুহ গৰাকী ইমান ধুনীয়া হৈ আছে, গোটেই শৰীৰটো ক’তো অলপো চর্বী নাই”, “ তেওঁক দেখিলে বয়সতকৈ ১০ বছৰ সৰু যেন লাগে, ধৰিবই নোৱাৰি বয়সৰ কথা…” “তেওঁৰ চিক্স পেক আছে…” “মানুহগৰাকী ইমান ফ্লেক্সিবল, য়োগাৰ সকলো প’জ তেওঁ অনায়াসে কৰিব পাৰে…”

মুঠতে খুব ধুনীয়া শ্বেপত থকাৰ বাবে আৰু শৰীৰটো সুন্দৰ কৰি তোলাৰ বাবে সকলোৱে আপোনাৰ পিনে চায়, আপোনাৰ বিষয়ে নানা ধৰণৰ পজিটিভ, ভাললগা মন্তব্য দিয়ে৷ যিমান ভালদৰে কল্পনা কৰিব পাৰি সিমান ভালদৰে সেয়া কল্পনা কৰক৷ প্ৰতিটো কথা ভালদৰ কল্পনা কৰক, কোনে কি কৈছে সেয়া শুনিবলৈ চেষ্টা কৰক৷

এই কথাটোৱে আপোনাক প্ৰতিদিনে এক্সচাইজ কৰিবলৈ মটিভেট কৰিব৷ কেতিয়াবা জিমলৈ যাবলৈ মন নগলে, য়োগা কৰিবলৈ মন নগ’লে, আন কিবা এক্সাচাইজ কৰিবলৈ মন নগ’লে সেই কথাবোৰক, সেই লাভবোৰক এবাৰ ভিজুভেলাইজ কৰিব আৰু তেতিয়া আপোনাৰ এক্সাচাইজ কৰিবলৈ মন যাব৷
দ্বিতীয় উপায়

আপুনি কৰিব পৰা আন এটা কাম হ’ল-

এখন টু ডু লিষ্ট বনাই লওক

আৰু তাত প্ৰথম কামটো প্ৰতিদিনে “এক্সাচাইজ কৰা এঘন্টা” বুলি লিখি লওক৷ যদি আপুনি তেনে এখন লিষ্ট বা কামৰ তালিকা ইতিমধ্যে ব্যৱহাৰ কৰি আছে তেন্তে তাৰ ১ নম্বৰত “এঘন্টা এক্সাচাইজ” বুলি লিখি লওক৷ আপুনি টু ডু লিষ্টখনত যদি লিখি লৈছে তেতিয়াহ’লে প্ৰতিদিনে সেই কামটো কৰক৷ যিহেতু সেইটো আপোনাৰ লিষ্টৰ প্ৰথম কাম গতিকে আপুনি তাক কৰি শেষ কৰিবই লাগিব৷ মন নগ’লে নিজকে সকিয়াই দিব যে “মইতো নিজেই লিষ্টৰ ১ নম্বৰতে এক্সাচাইজ বুলি কামটো লিখি লৈছোঁ, গতিকে মই সেয়া কৰিমেই৷”

এনেদৰে সহজে আপুনি আপোনাৰ প্ৰতিদিনে এক্সাচাইজ কৰাটো এটা অভ্যাস হিচাপে গঢ়ি তুলিব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top