Close

Ask Bikash 19

How can I be quiet? How can I control myself to not speak much?

আপুনি যদি সঁচাকৈয়ে কথা কোৱা কমাব বিচাৰিছে বা কথা কমকৈ ক’ব বিচাৰিছে, তেন্ত এটা কথা আপুনি বুজি পাব লাগিব

আপুনি কোৱা কথাবোৰৰ এক বুজন অংশ নকলেও হয়

কাৰণ আপুনি কি কৈছে তাৰ কথাটোৰ ফলাফলৰ ওপৰত কোনো প্ৰভাৱ নাথাকে৷ আপুনি কি কৈছে তাৰ ওপৰত কথাটোৰ শেষটো কোনোমতে নির্ভৰ নকৰে৷ আমি কোৱা কথাবোৰৰ এক অতি ক্ষুদ্ৰ অংশইহে আমাৰ লগত জড়িত কথাবোৰৰ ফলাফলক প্ৰভাৱিত কৰে আৰু সেয়া সালসলনি কৰিব পাৰে৷

আপুনি দিনটোত যিমান কথা কয় সকলোবোৰ কথা প্ৰয়োজনীয় নহয়৷ আপুনি নিজেও জানে যে তাৰ ভিতৰত বহুখিনি কথাই অপ্ৰয়োজনীয়, মানে সেইবোৰ নকলেও শুনোতাজনে আপুনি ক’ব খোজা কথাখিনি ঠিকেই বুজি পাব৷ আৰু আপুনি কথা কোৱাৰ উদ্দেশ্য সেয়াই নহয় জানো- শুনোতাজনে যাতে আপোনাৰ মনৰ ভাব সঠিকভাৱে বুজি পায়?

ভালদৰে মনৰ কৰিবচোন আজিৰ দিনটোত আপুনি যদি এটা কথা বুজাবলৈ যাওতে কাৰোবাক ৫ টা লাইন বা বাক্য কৈছিল, সঁচাকৈয়ে তাত ৫ টা বাক্যৰ প্ৰয়োজন আছিলনে৷ আপোনাৰ হাতত সময় আছিল বাবে বা আন কাম নকৰা বাবে আপুনি তেনেদৰে ২টা বাক্যত ক’ব পৰা কথাটোৰ ক্ষেত্ৰত ৫ বা ৬ টা বাক্য ব্যৱহাৰ কৰা নাইতো? এই অতিৰিক্ত বাক্য কেইটা কমালেও আপোনাৰ কথা কোৱাটো কমিব, মনে মনে থকাৰ সময় বাঢ়িব৷

আপুনি এই পৃথিৱীৰ সকলো কথা জানেনে? যদি নাজানে কোনোবাই কিবা এটা কথা উলিয়ালেই তাত আপোনাৰ সমস্ত জ্ঞান ভাণ্ডাৰ উবুৰিয়াই দিয়াৰ প্ৰয়োজন আছেনে? বিশেষকৈ আজিকালি হাতৰ মুঠিৰ ফোনটোতে সকলো খবৰ লগে লগে পোৱাৰ ব্যৱস্থা থকাৰ সময়ত কিবা ঘটনা এটাৰ বিষয়ে কোৱা বা আলোচনা কৰাৰ প্ৰয়োজন আছেনে যদিহে তাত আপোনাৰ নিজৰ একো যোগ দিবলগীয়া নাই? মই যদি সকলো কথা নাজানো তেনেহ’লে সকলো কথাতে মই মোৰ জ্ঞান জাহিৰ কৰাৰ কোনো প্ৰয়োজনো নাই৷ তাতকৈ মই নাজানো বুলি ক’লেই আপুনি দুটা কথা শুনিব পাৰিব৷

সকলো কথাতে আপোনাৰ ৰিয়েকচন নহলেও হয়৷ তেনে কৰিব পাৰিলে আপুনি সকলো কথাতে মন্তব্য দিয়াৰ বা উত্তৰ দিয়াৰ প্ৰয়োজন বোধ নকৰিব৷ তেনেদৰেও আপুনি কথা কোৱাৰ পৰিমাণ কমাব পাৰে৷

সকলো কথাই শব্দৰ জৰিয়তেহে ক’ব লাগিব বুলি কিবা কথা আছেনে? আমাৰ শাৰীৰিক ভংগী বা বডী লেংগুৱেজ আদিয়ে তাতোকৈ বহু বেছি ভালদৰে প্ৰয়োজনীয় কথাবোৰ ক’ব পাৰে৷

যদি আপোনাৰ ঘৰত কুকুৰ আছে, তেন্তে আপুনি মন কৰিবচোন সিহঁতে মুখেৰে শব্দ নকৰাকৈও বহু কথা ক’ব পাৰে৷ সিহঁতে যে আপোনাক দেখি ভাল পাইছে, সিহঁতৰ আপোনালৈ মৰম লাগিছে সেয়া সিহঁতে একো নোকোৱাকৈও বুজাই দিব পাৰে৷ সিহঁতে যদি পাৰে আমি নোৱাৰিমনে?

আপুনি যেতিয়া কথা কমকৈ ক’বলৈ আৰম্ভ কৰিব তেতিয়া আপুনি ভালদৰে আনৰ কথা শুনা আৰম্ভ কৰিব, প্ৰকৃতেতে আনৰ কথা শুনিব পাৰিব আৰু ভালদৰে বুজি পাব৷ বর্তমান সময়ত আৰু আপোনাৰ জীৱনৰ বাবে সেয়া বেছি জৰুৰী৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top