Close

Ask Bikash 15

How do I inculcate self learning and have the capability of working independently?

ভাল শিক্ষা সাধাৰণতে লাভ কৰা হয় ক্লাছৰূমৰ বাহিৰত

আমি বহুত ভাগ্যৱান৷ বর্তমান সময়ত কিবা এটা শিকিবলৈ নানা ধৰণৰ উপায় আছে৷ নানা ধৰণৰ ৱেবচাইটৰ পৰা ফ্ৰি আৰু পেইড কর্চৰ সহায়ত মই নানা ধৰণৰ কথা শিকিছোঁ৷ আগতে ফটোশ্বপ মই শিকিছোঁ ইউটিউব আৰু আন ঠাইৰ পৰা ভিডিঅ চাই চাই৷ তেনেদৰে ফ্ৰিলেন্সিঙৰ কথা মই আনৰ ব্লগ পঢ়ি গম পাইছো, তেনেদৰে নানা ঠাইৰ পৰা ইয়াৰ বিষয়ে শিকিছো আৰু সেয়া বহুদিন ধৰি সফলতাৰে কৰি আছোঁ৷

গতিকে তুমি যদি চেলফ লার্ণিং অর্থাৎ নিজে নিজে কথাবোৰ শিকিব বিচৰা. স্কিলবোৰ শিকিব বিচৰা, কিয় নোৱাৰিবা? মাত্ৰ আটাইতকৈ ভাল আৰু তোমাৰ বাবে সঠিক চর্চটো বিচাৰি লোৱা শিকিবলৈ আৰু তাৰপৰা শিকি যোৱা৷ কোনোবাই হয়তো ভিডিঅ চাই ভালদৰে শিকিব পাৰা, কোনোবাই পঢ়ি, কোনোবাই ছবি চাই৷ যেনেদৰে তুমি শিকিব পাৰা, শিকি ভাল পোৱা, তোমাৰ লার্ণিং ষ্টাইল বা মেথড যি সেইমতে শিকি যোৱা৷ এেনদৰে শিকিবলৈ গ’লে আন বহু সুবিধা আছে- তোমাৰ নিজৰ যেতিয়াই ইচ্ছা তেতিয়াই শিকিব পৰা, যিমান স্পিডত মন যায় সিমান স্পিডত শিকিব পৰা, যিমান মন যায় সিমান শিকিব পৰা৷

আৰু চার্টিফিকেটৰ কথা চিন্তা নকৰিবা৷ চাকৰি কৰিলে কেতিয়াবা সেয়া লাগে কিন্তু তুমি নিজৰ কাম কৰিলে কোনেও তোমাক চার্টিথিকেটৰ কথা নোসোধে যদিহে তোমাৰ কাম সাংঘাটিক ভাল হয়৷ তোমাৰ কোৱালিটি সাংঘাটিক ভাল হ’লে কোনেও জানিবলৈ নাহে তুমি ক’ত শিকিলা, চার্টিফিকেট আছে নে নাই, কিমান নম্বৰ পাইছিলা৷ তোমাৰ কামে তোমাৰ বিষয়ে ক’ব৷

স্বাধীনভাৱে কাম কৰা

তোমাৰ যদি এনে এটা স্কিল আছে যিয়ে তোমাক অকলশৰে বা স্বাধীনভাৱে কাম কৰিবলৈ সুবিধা দিয়ে, তোমাৰ প্ৰয়োজনীয় টকা-পইচা ঘটিবলৈ সুবিধা দিয়ে তেন্তে তুমি স্বাধীনভাৱে কাম কৰি সফল হৈছা৷ গতিকে তুমি মাত্ৰ এটা বা দুটা এনে স্কিল ভালদৰে শিকিব লাগে আৰু ইমান ভালদৰে শিকিবা লাগে যে তুমি যেন তাত সঁচাকৈয়ে সাংঘাটিক ভাল হোৱা৷ মানুহে তোমাক তোমাৰ কামৰ কোৱালিটিৰ বাবে, তেওঁলোকৰ কাম কৰাৰ বাবে টকা-পইচা দিব৷

কিন্তু তুমি কি স্কিল শিকিবা৷ তোমাৰ যি স্কিল ভাল লাগে সেই স্কিলকে তুমি শিকিব পাৰা৷ মাত্ৰ চাই ল’বা সেই স্কিল শিকাৰ পিছত, তাত খুব ভাল হোৱাৰ পিছত তুমি লগে লগে টকা-পইচা ঘটিব পৰাৰ সম্ভাৱনা আছে নে নাই৷ তেন নানাধৰণৰ কামৰ বিষয়ে তুমি এটা ফ্ৰিলেন্সিৎ ৱেবচাইটলৈ গ’লে গম পাবা৷ সেই কামৰ বাবে কি কি স্কিল লাগে চোৱা আৰু সেইবোৰ নিজে নিজে শিকা আৰম্ভ কৰা৷ তেনে স্কিলবোৰৰ বিষয়ে তোমাৰ বর্তমানৰ স্কুল, কলেজ বা ইউনিভার্ছিটিয়ে নিশিকোৱাৰ সম্ভাৱনা বেছি৷ তোমাৰ অভিভাৱক বা মা-দেউতাই নজনাৰ সম্ভাৱনাও আছে৷ কিন্তু কোনো কথা নাই সেয়া তুমি নিজে বিচাৰি নিজে নিজে শিকিব পাৰিবা৷ চেলফ লার্ণিং ইজ দা বেষ্টা লার্নিং৷ তুমি যদি বিচৰা আৰু চেষ্টা কৰা তেন্তে তুমি নিশ্চয় পাৰিবা৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top