Close

Ask Bikash 12

মই কেনেদৰে নিজকে আৰু ভাল কৰি তুলিব পাৰোঁ

আপুনি যদি নিজকে আজিতকৈ ভাল কৰি তুলিব খোজে, আগতকৈ ভাল কৰি তুলিব খোজে তেন্তে এটা সহজ উপায় আছে৷ ই আপোনাক আজিতকৈ ভাল হোৱাত সহায় কৰিব, জীৱনটো আগতকৈ ভাল কৰাত সহায় কৰিব৷

এই উপায়টো হ’ল ক্ৰমাগত উন্নতি যাক কনটিনিউয়াছ ইমপ্ৰুভমেন্ট বুলি কোৱা হয়৷ কনটিনিউয়াচলি ইমপ্ৰুভ কৰি গৈ থাকিব লাগিব৷

তাৰমানে আপুনি প্ৰতিদিনে আগতকৈ আৰু অলপ ভাল হৈ গৈ থাকিব লাগিব, আগতকৈ ভালদৰে কামবোৰ কৰিবলৈ চেষ্টা কৰিব লাগিব, আগতকৈ অলপ ভালকৈ আনৰ লগত ব্যৱহাৰ কৰিব লাগিব ইত্যাদি৷ আপুনি যদি আগতকৈ স্মার্ট হ’ব খোজে তাত ইয়াক ব্যৱহাৰ কৰিব পাৰিব, আপুনি যদি নিজৰ পার্চনেলিটি আগতকৈ আকর্ষণীয় কৰিব বিচাৰে তাতো ইয়াক ব্যৱহাৰ কৰিব পাৰিব৷ টকা-পইচাৰ বেছি কৰিব বিচাৰে বা বেছিকৈ ঘটিব বিচাৰে সেই কামতো ইয়াক ব্যৱহাৰ কৰিব পাৰিব৷ ইংৰাজী ক”ব নোৱাৰে কিন্তু ক’ব বিচাৰে সেই কামতো কনটিনিউয়াচ ইমপ্ৰুভমেন্টক ব্যৱহাৰ কৰিব পাৰিব৷

আগতকৈ ভাল হ’বলৈ হ’লে জীৱনৰ সকলো ফালেই আপুনি ক্ৰমাগত উন্নতি বা কনটিনিউয়াছ ইমপ্ৰুভমেন্ট কৰিব লাগিব৷ ব্যক্তিগত, অর্থনৈতিক, সম্পর্কবোৰৰ ক্ষেত্ৰত- সকলো ফালেই লাহে লাহে অলপ অলপকৈ উন্নতি কৰি গৈ থাকিলে জীৱনটো আগতকৈ ভাল হৈ গৈ থাকিব৷

এয়া কৰিব পাৰিলে আপোনাক আৰু আন একো নালাগে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top