Close

Ask Bikash 18

মই মোৰ বেয়া অভ্যাসবোৰ কেনেদৰে এৰিব পাৰিম?

বেয়া অভ্যাসবোৰ সলনি কৰাৰ প্ৰথম ষ্টেপটো হ’ল আপোনাৰ কোনটো বেয়া অভ্যাস আছে সেয়া গম পোৱাটো৷ সেইটো গম পালে আপুনি চিন্তা কৰিব লাগিব কিয় আপুনি সেইটো এৰিব বিচাৰিছে৷ সেই অভ্যাসটোৱে আপোনাৰ বাবে কি কি অসুবিধাৰ সৃষ্টি কৰিছে? ইয়াৰ বিষয়ে যিমানবোৰ কথা আপুনি গম পায়, আপোনাৰ জীৱনত কৰা নানা সমস্যাবোৰৰ কথা গম পায় সিমানে আপোনাৰ ইয়াক সলনি কৰাৰ বা এৰাৰ ইচ্ছাটো তীব্ৰ হ’ব৷

যিকোনো এটা বেয়া অভ্যাস এৰিবলৈ হ’লে আপুনি তাক এটা ভাল অভ্যাসৰ সৈতে সলনি কৰিব লাগিব৷ সেই হ’ল আটাইতকৈ সহজ উপায়৷

আপোনাৰ যদি ৯ টা বজালৈকে শোৱাৰ অভ্যাস আছে তাক আপুনি সলনি কৰিব লাগিব ৰাতিপুৱা সোনকালে উঠি এক্সাচাইজ কৰা বা খোজ কঢ়া বা আন কিবা কৰা অভ্যাস এটাৰ সৈতে৷ আপোনাৰ যদি কাম পিছলৈ পেলাই থোৱাৰ অভ্যাস আছে তেনেহ’লে তাক সলনি কৰিব লাগিব আজিৰ কাম আজিয়েই কৰাৰ এটা অভ্যাসলৈ৷

মাত্ৰ সেয়া কৰিবলৈ যাওতে আপুনি বেয়া অভ্যাসটোৰ কথা ভাবি নাথাকিব৷ কাৰণ বেয়া অভ্যাসটোৰ কথা ভাবি থাকি সেইটোক বাধা দিবলৈ আপুনি চেষ্টা কৰে তেন্তে আপুনি বেয়া অভ্যাসটোতহে ফ’কাছ কৰি আছে আৰু যিমানে আপুনি বাধা দিবলৈ চেষ্টা কৰিব সিমানে সি বেছিকৈ আপোনাৰ মনলৈ আহিব৷

তাতোকৈ আপুনি ফ’কাছ কৰিব লাগিব এই নতুন ভাল অভ্যাসটোৰ ওপৰত৷ আৰু ভাল অভ্যাসটো গঢ়িবলৈ যাওতে এদিনতে সেয়া কৰিবলৈ আশা নকৰিব৷ এদিনতে আপুনি তেনে কৰিব নোৱাৰে৷ তাৰবাবে সময় লাগিব৷ যিকোনো অভ্যাস এটা গঢ়িবলৈ, তাক মানি চলিবলৈ সময় লাগিব৷

তেতিয়াহ’লে কি কৰিব? সৰুকৈ আৰম্ভ কৰক৷ ধৰি লওক আপুনি ৰাতিপুৱা ৫ টা বজাত উঠিব বিচাৰিছে৷ এতিয়া আপুনি উঠে ৭ টা বজাত৷ তেতিয়াহ’লে আপোনাৰ এলার্মটো প্ৰথম দিনা ৬-৪৫ দিয়ক৷ মাত্ৰ ১৫ মিনিট শোৱা সময় কমালে আপোনাৰ শৰীৰত ওপৰত ইমান প্ৰভাৱ নপৰে আৰু আপুনিও কথাটো ইমান মন নকৰে৷ কিছুদিন পিছত মানে ৭ দিন মান পিছত ইয়াৰ অভ্যাস হৈ গ’লে ৬-৩০ এলার্ম দিয়ক আৰু সেই সময়ত উঠিবলৈ লওক৷ ইয়াৰ অভ্যাস হৈ গ’লে তাৰ পিছত ১৫ মিনিটকৈ সময় কমাই গৈ থাকক৷ এনেদৰে সময় লাগিব কিন্তু আপুনি অসুবিধা নাপায় আৰু আপুনি সফলতাৰে সেই নতুন অভ্যাসটো গঢ়ি তুলিব পাৰিব আৰু সেয়া কোনো অসুবিধা অবিহনে কৰি থাকিব পাৰিব৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top