Close

বিকাশক সোধক ৩৭

Ask Bikash 37

Why Am I So Sensitive And Is It Bad?

মই বেছি সংবেদনশীল৷ তাৰবাবে অসুবিধাও পাও৷ কি কৰিম? বহুতে কয় ই বেয়া৷

আপুনি যদি চেনজিটিভ তেন্তে ই এটা ডাঙৰ গিফট৷ কেনেদৰে সেয়া চোৱাৰ আগতে প্ৰথমতে চাও আহক সংবেদশীলতা কি?

সংবেদনশীল মানে কি?

বহু সময়ত সংবেদনশীল শব্দটো বেয়া ভাৱে বা ঠাট্টা কৰিবলৈ বা হাঁহিবলৈ ব্যৱহাৰ কৰা হয়৷ এনে ধৰণৰ মানুহক আমাৰ সমাজত দুর্বল বুলি ধৰা হয়৷ পুৰুষ আৰু মহিলা উভয়ে এনে ধৰণৰ ঠাট্টাৰ সন্মুখীন হয়, বিশেষকৈ কোনোবা পুৰুষৰ এনে ধৰণৰ স্বভাৱ থাকিলে তেওঁক আৰু বেছি ঠাট্টা কৰা হয়৷ তেওঁলোকে এনে স্বভাৱেৰে সমাজত, আজিৰ যুগত চলিব নোৱাৰিব বুলি কোৱা হয়৷ কিন্তু সঁচাকৈয়ে তেনে হয়নে?

সংবেদনশীল মানে আপোনাৰ সংবেদনা বেছি, আপুনি সহানুভূতিশীল আৰু সহজে আৱেগবোৰৰ কথা গম পায়, বুজি পায়৷ আপুনি কথাবোৰ গভীৰভাৱে বুজিব পাৰে৷    

আপুনি যদি বেছি সংবেদনশীল বা চেনজিটিভ তেতিয়া আপুনি হয়তো সহজতে আৱেগ-অনুভূতিবোৰে হেঁচা মাৰি ধৰা যেন অনুভৱ কৰিব পাৰে৷ বা কেতিয়াবা এনেদৰে আৱেগবোৰ মেনেজ কৰাটো আপোনাৰ বাবে সমস্যা হ’ব পাৰে৷ কিন্তু এয়া বেয়া কথা কেনেদৰে হ’ল? কোনে ক’লে?

আপুনি যদি চেনজিটিভ তেতিয়া আজিৰ দিনত সেয়া বৰঞ্চ ভাল কথাহে৷ আপোনাৰ এমপেথি বেছি হ’ব মানে আপুনি আনৰ প্ৰতি সহজে সহানুভূতিশীল হ’ব পাৰিব৷ আপুনি আন মানুহক ভাল পাব পাৰিব৷ আপুনি প্ৰেমত পৰিলে বেছি গভীৰ ভাৱে ভাল পাব পাৰিব, বেছি ভাল পাব পাৰিব৷

এনে মানুহবোৰে সূক্ষ্ম কথাবোৰ মন কৰে, ধৰিব পাৰে৷ নিজৰ চাৰিওফালে ঘটি থকা সৰু সৰু কথাবোৰো মন কৰিব পাৰে৷ এনেবোৰ কথাৰ বাবেই এনে মানুহবোৰ বেছি ভাল শিল্পী, সংগীতজ্ঞ, লিখক, অভিনেতা আদি হ’ব পাৰে৷ তেনে লোকৰ ক্ৰিয়েটিভিটি আনতকৈ বেছি৷

আপুনি নিজৰ এই সংবেদনশীলতাৰ যত্ন ল’ব লাগিব অৰু চাব লাগিব যাতে ইয়াৰ নিগেটিভ ফালটো জীৱনৰ ওপৰত বেছি প্ৰভাৱশালী হৈ নপৰে৷ সংবেদনশীল মানুহ এজন বা এগৰাকী জীৱনত সুখী হ’ব পাৰে যদি তেওঁ নিজৰ আৱেগবোৰৰ মেনেজ কৰিবলৈ শিকি লয়৷ আৰু নিজৰ আৱেগবোৰ মেনেজ কৰিবলৈ শিকাটো সম্ভৱ কাৰণ ই এটা স্কিল৷

কিছুমান কথা, আৰু কিছুমান ঘটনাই মানসিকভাৱে আৰু আৱেগিকভাৱে আপোনাৰ শক্তি শুহি নাইকিয়া কৰি পেলায়৷ তেনে ঘটনা আৰু কথাবোৰক মেনেজ কৰিব লাগিব৷ কিছুমান মানুহে মানসিকভাৱে আৰু আৱেগিকভাৱে আপোনাৰ শক্তি শুহি আপোনাক মানসিকভাৱে দুর্বল কৰি তুলিব পাৰে৷ এই মানুহবোৰক চিনাক্ত কৰক আৰু পাৰিলে তেওঁলোকক জীৱনৰ পৰা বাদ দিয়ক৷ যদি বাদ দিব নোৱাৰি, তেনেহ’লে কিছুমান সীমা বান্ধি দিয়ক৷ এনে মানুহবোৰ চিনাক্ত কৰি থলে তেওঁলোকৰ মুখামুখি হ’বলৈ আপুনি নিজেক সাজু কৰি থব পাৰিব আৰু তেওঁলোকৰ লগত মোকাবিলা কৰিবলৈ বেলেগ ষ্ট্ৰেটেজী এটা ঠিক কৰি থব পাৰিব৷ আনহাতে আন কিছুমান মানুহে আপোনাক শক্তি প্ৰদান কৰে, উৎসাহ দিয়ে৷ তেনে মানুহবোৰৰ লগত বেছিকৈ সময় কটাওক৷

আন এটা উপায়ে আপোনাক সহায় কৰিব পাৰে৷ আপুনি যদি বেছি সংবেদশীল আৰু আপুনি এনে এটা পৰিস্থিতি পৰিছে যত আপুনি অসুবিধা পাইছে বা সহ্য কৰিবলৈ টান পাইছে৷ তেতিয়া এখন ঢাল বা শ্বিল্ড মনৰ ভিতৰত কল্পনা কৰি লওক৷ এই ঢালখনে আপোনাক যেন বেয়া পৰিস্থিতি, মানুহ, ভাৱ বা ঘটনাটোৰ প্ৰভাৱৰ পৰা বচাই ৰাখিছে৷ যিদৰে এখন ঢালে শত্ৰুৰ তৰোৱাল, কাড় বা গুলীৰ পৰা আপোনাক বচাই ৰাখে তেনেদৰে এই ঢালখনে আপোনাক অশান্তি দিব পৰা মানুহৰ পৰা আপোনাক বচাই ৰাখিব৷ সেয়া সম্পূর্ণৰূপে আপুনি কল্পনা কৰি মনে মনে মনতে ব্যৱহাৰ কৰিব পাৰে৷

আন কোনোবাই ক’লেই ইয়াক বেয়া বুলি ধৰি নল’ব৷ নিজৰ আৱেগবোৰক অলপমান নিয়ন্ত্ৰণ কৰিবলৈ শিকিলে ই আপোনাৰ এক সাংঘাটিক শক্তিহে হৈ পৰিব পাৰে৷

বিকাশ কলিতা এজন মটিভেচনেল স্পিকাৰ৷ তেওঁ Life Skill Training Institute (LSTI) ৰ এজন প্ৰতিষ্ঠাপক৷ বিকাশ International Coach Federation (ICF) ৰ দ্বাৰা চার্টিফাইড Associate Certified Coach ৷ বিকাশে আমাৰ অসমত মটিভেচন, জীৱন, প্ৰডাক্টিভিটি, আৰু জীৱন বিষয়ক বিভিন্ন কথাৰ ওপৰত নিয়মীয়া শিতান এটা লিখে ৷ লাইফ স্কিল ট্ৰেইনিং ইন্সষ্টিটিউটে লাইফ স্কিল আৰু মটিভেচন প্ৰগ্ৰেম আৰু ট্ৰেইনিং আগবঢ়ায়৷ অসমৰ বিভিন্ন ঠাইত মটিভেচনেল আৰু লাইফ স্কিল অনুষ্ঠান, ৱর্কশ্বপ আৰু এবছৰীয়া প্ৰগ্ৰেম অনুষ্ঠিত কৰাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ Stress, depression, anxiety আৰু আন সমস্যাৰ সমাধানৰ বাবে বা আত্মসন্মান বৃদ্ধি, আত্মবিশ্বাস বৃদ্ধিৰ বাবে কেনেদৰে নিজৰ মানসিক শক্তিক ব্যৱহাৰ কৰিব পাৰি সেয়া জানিবলৈ আৰু কাউঞ্চেলিঙৰ বাবেও তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে৷ আৰু জানিবলৈ এই ৱেবচাইটটো চাওক http://www.lstionline.in

Leave a Reply

Your email address will not be published. Required fields are marked *

0 Comments
scroll to top